আমেৰিকান ডলাৰৰ বিপৰীতে মঙলবাৰে ভাৰতীয় টকাৰ মূল্য হ’লগৈ 79.90

author img

By

Published : Sep 6, 2022, 2:06 PM IST

Rupee falls 12 paise to 79.90 against US dollar

আন্তঃবেংক বৈদেশিক মুদ্ৰা বজাৰত (foreign exchange market) ডলাৰৰ বিপৰীতে সোমবাৰে টকা মুকলি হয় ৭৯.৮০ ত, পৰৱৰ্ত্তী সময়ত টকাৰ মূল্য অধিক হ্ৰাস পাই ৭৯.৯০ হয় ৷ আৰম্ভণিতে মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য ১২ পইচা হ্ৰাস পাই ৭৯.৯০ হয় ৷

নেশ্যনেল ডেস্ক,6 ছেপ্টেম্বৰ: বিদেশত শক্তিশালী গ্ৰীণবেক আৰু ইকুইটিত বৃহৎ বিক্ৰী হোৱাৰ মাজতে মঙলবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ প্ৰাৰম্ভিক লোকচান ৭৯.৮০ ত মুকলি হৈ ৭৯.৯০ স্থিৰ হৈ বন্ধ হয় (rupee close flat at 79.80 against US dollar) ।

বহিঃৰাজ্যৰ বজাৰত আমেৰিকান মুদ্ৰাৰ প্ৰভাৱৰ ফলত মঙলবাৰে মুকলি ব্যৱসায়ত টকাৰ মূল্য আমেৰিকান ডলাৰৰ বিপৰীতে ১২ পইচা হ্ৰাস পাই ৭৯.৯০ হয় । পিছলৈ টকাৰ মূল্য অধিক হ্ৰাস পাই শেষৰটো বন্ধৰ তুলনাত ১২ পইচা হ্ৰাস হৈ ৭৯.৯০ হয় ।

সোমবাৰে টকাৰ মূল্য ৯ পইচা বৃদ্ধি পাই ডলাৰৰ বিপৰীতে ৭৯.৭৮ লৈ অৱনমিত হয়। ইফালে, ছটা মুদ্ৰাৰ বাস্কেটৰ বিপৰীতে গ্ৰীণবেকৰ শক্তি পৰিমাপক ডলাৰ সূচকাংক ০.০৮ শতাংশ বৃদ্ধি পাই ১০৯.৬২ত উপনীত হৈছে। ডলাৰ সূচকাংক ১১০ৰ স্তৰৰ পৰা অলপ হ্ৰাস পোৱাত টকাৰ মূল্য ৭৯.৮০ত মুকলি হয়।

তদুপৰি ৰাছিয়াৰ গেছৰ সমস্যাৰ বাবে ইউৰো আৰু ব্ৰিটিছ পাউণ্ডৰ মূল্য বৃহৎ হ্ৰাসৰ পিছত বৃদ্ধি পাইছে বুলি ফিনৰেক্স ট্ৰেজাৰী এডভাইজাৰ্ছৰ ট্ৰেজাৰীৰ মুৰব্বী অনিল কুমাৰ ভানছালিয়ে কয় ৷ ভানচালিয়ে লগতে কয় যে, এই পৰিসৰ ৭৯.৫০ৰ পৰা ৮০ৰ ভিতৰত হোৱাৰ আশা কৰা হৈছে ।

গ্লোবেল অইল বেঞ্চমাৰ্ক ব্ৰেণ্ট খাৰুৱা তেলৰ ভৱিষ্যত ০.৮০ শতাংশ হ্ৰাস পাই প্ৰতি বেৰেলত ৯৪.৯৭ মাৰ্কিন ডলাৰ হৈছে । ঘৰুৱা ইকুইটি বজাৰৰ ফ্ৰণ্টত ৩০ শ্বেয়াৰৰ বিএছই চেন্সেক্সে ১২.৪৯ পইণ্ট বা ০.০২ শতাংশ বৃদ্ধিৰে ৫৯,২৫৮.৪৭ত ব্যৱসায় কৰাৰ(BSE Sensex) বিপৰীতে বহল এনএছই নিফটিয়ে ৭.৮০ পইণ্ট বা ০.০৪ শতাংশ বৃদ্ধি পাই ১৭,৬৭৩.৬০ত ব্যৱসায় কৰে(NSE Nifty)। বিনিময়ৰ তথ্য অনুসৰি সোমবাৰে ৮১১.৭৫ কোটি টকাৰ কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰাৰ বাবে বিদেশী প্ৰাতিষ্ঠানিক বিনিয়োগকাৰী মূলধনী বজাৰত সৰ্বমুঠ ক্ৰেতা হৈ আছিল (Foreign institutional investors net buyers in capital markets) ৷

লগতে পঢ়ক: ছেপ্টেম্বৰৰ শেষত মুদ্ৰাস্ফীতিৰ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.