PM CARES Fund : ৰতন টাটাক ট্ৰাষ্টী নিযুক্তি

author img

By

Published : Sep 21, 2022, 4:14 PM IST

Ratan Tata

"উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছ, প্ৰাক্তন উপাধ্যক্ষ কাৰিয়া মুণ্ডা আৰু ৰতন টাটাই পিএম কেয়াৰ্ছ পুঁজিৰ ট্ৰাষ্টী হিচাপে যোগদান কৰিব (Ratan Tata appointed trustee of PM CARES Fund) ।" অনুষ্ঠানটোৰ এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

নেচনেল ডেস্ক, ২১ ছেপ্টেম্বৰ : মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত (Prime Minister Narendra Modi) টাটা ছন্সৰ অধ্যক্ষ ৰতন টাটাক (Tata Sons chairman Ratan Tata) পিএম কেয়াৰ্ছ পুঁজিৰ অন্যতম ট্ৰাষ্টী হিচাপে মনোনীত কৰা হয় । "উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছ, প্ৰাক্তন উপাধ্যক্ষ কাৰিয়া মুণ্ডা আৰু ৰতন টাটাই পিএম কেয়াৰ্ছ পুঁজিৰ (PM CARES Fund) নতুন ট্ৰাষ্টী হিচাপে যোগদান কৰিব ।" অনুষ্ঠানটোৰ এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে পুঁজিটোৰ লক্ষ্য হৈছে জৰুৰীকালীন আৰু সংকটৰ পৰিস্থিতিৰ প্ৰতি সঁহাৰি দিয়াৰ এক বৃহত্তৰ দৃষ্টিভংগীৰে কাম কৰা । ইয়াৰ লক্ষ্য কেৱল সাহায্য সহায়ৰ জৰিয়তে নহয় (relief assistance by PM CARES fund), লগতে প্ৰশমন ব্যৱস্থা আৰু ক্ষমতা নিৰ্মাণো বুলি লগতে কোৱা হৈছে ।

বৈঠকত পিএম কেয়াৰ্ছ পুঁজিৰ সহায়ত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ওপৰত এক প্ৰেজেণ্টেচন প্ৰদান কৰা হয় । ইয়াৰ ভিতৰত আছে পিএম কেয়াৰ্ছ ফৰ চিল্ড্ৰেন আঁচনি (PM CARES for Children scheme) । যি আঁচনিয়ে 4,345 জন শিশুক সহায় কৰি আছে । আনহাতে, ট্ৰাষ্টীসকলে দেশৰ বাবে এক গুৰুত্বপূৰ্ণ সময়ত পুঁজিৰ দ্বাৰা পালন কৰা ভূমিকাৰ প্ৰশংসা কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কেয়াৰ্ছ পুঁজিত আন্তৰিকতাৰে অৱদান আগবঢ়োৱাৰ বাবে দেশৰ জনসাধাৰণক প্ৰশংসা কৰে ।

এইটোও আলোচনা কৰা হয় যে প্ৰধানমন্ত্ৰী কেয়াৰ্ছৰ জৰুৰীকালীন আৰু সংকটৰ পৰিস্থিতিৰ প্ৰতি কাৰ্যকৰীভাৱে সঁহাৰি দিয়াৰ এক বৃহত্তৰ দৃষ্টিভংগী আছে । সেয়া কেৱল সাহায্য সহায়ৰ জৰিয়তে নহয়, লগতে প্ৰশমন ব্যৱস্থা আৰু ক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰতো । প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কেয়াৰ্ছ পুঁজিৰ এক অবিচ্ছেদ্য অংশ হোৱাৰ বাবে ট্ৰাষ্টীসকলক আদৰণি জনায় ।

উক্ত বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ লগতে পুঁজিৰ আন ট্ৰাষ্টীসকলেও অংশগ্ৰহণ কৰে । প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ট্ৰাষ্টী আৰু উপদেষ্টাসকলৰ অংশগ্ৰহণে পিএম কেয়াৰ্ছ পুঁজিৰ কাম-কাজৰ ক্ষেত্ৰত বহল দৃষ্টিভংগী প্ৰদান কৰিব । তেওঁলোকৰ ৰাজহুৱা জীৱনৰ বিশাল অভিজ্ঞতাই পুঁজিটোক বিভিন্ন ৰাজহুৱা প্ৰয়োজনীয়তাৰ প্ৰতি অধিক সঁহাৰি প্ৰদান কৰাত অধিক শক্তি প্ৰদান কৰিব বুলিও তেওঁ লগতে কয় ।

লগতে পঢ়ক :মন্দিৰৰ নামত মুছলমান দম্পতীৰ কোটি টকাৰ অনুদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.