হুইল চেয়াৰত বহুৱাই Indo-China war ৰ সময়ৰ ব্ৰিগেডিয়াৰক ক’লৈ লৈ গ’ল ৰাজনাথ সিঙে ?

author img

By

Published : Nov 18, 2021, 7:44 PM IST

raj nath singh in Indo-China war memorial

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰেজাংলাত ১৯৬২ ভাৰত-চীন যুদ্ধৰ স্মাৰক উন্মোচন কৰে, নিজে হুইল চেয়াৰত বহুৱাই সেই সময়ৰ ব্ৰিগেডিয়াৰক লৈ গ’ল স্মাৰকলৈ ।

তেজপুৰ, ১৮ নৱেম্বৰ : " এইয়া মোৰ কাৰণে এক সৌভাগ্য আৰু গৌৰৱৰ বিষয় যে, মই এগৰাকী সাহসী বীৰ যোদ্ধাক ১৯৬২ চনৰ যুদ্ধৰ ৰেজাংলাৰ ১৩ কুমাও ৰেজিমেণ্টেৰ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ (অৱসৰ )আৰ বি জাথাৰক সাক্ষাৎ কৰিবলৈ সক্ষম হৈছো ", এই মন্তব্য দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃস্পতিবাৰে ৰেজেঙলাৰ চুছিলত ১৯৬২ চনৰ যুদ্ধৰ ১১৪ জন বীৰ শ্বহীদৰ স্মাৰক উন্মোচন কৰাৰ সময়ত ব্ৰিগেডিয়াৰ(অৱসৰ )আৰ বি জাথাৰক হুইল চেয়াৰত বহুৱাই স্মাৰক উন্মোচন কৰিবলৈ যোৱা দৃশ্য নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেল যোগে পোষ্ট কৰি এইদৰে মন্তব্য কৰে ।

  • Paid tributes to India’s bravehearts at Rezang La today. The nation will never forget their courage, valour and supreme sacrifice. pic.twitter.com/0k0M2glQhJ

    — Rajnath Singh (@rajnathsingh) November 18, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ অন্যতম সাক্ষী এই ৰেজাংলা । ৰেজাংলা যুদ্ধৰ এক পুনঃৰ্নিৰ্মাণ স্মাৰক, য'ত ভাৰতে ১৯৬২ চনত অন্তিম পৰ্য্যায়লৈ চলি থকা সংঘৰ্ষত অনুপ্ৰৱেশকাৰী চীনা সৈন্যসকলৰ বিৰুদ্ধে এক ঐতিহাসিক যুঁজ দিছিল ৷ বৰ্তমান সেই স্থানত নতুনকৈ নিৰ্মান কৰা হৈছে যুদ্ধ স্মাৰক ।

বৃহস্পতিবাৰে এই স্মাৰক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উন্মোচন কৰে ।১৯৬৩ চনত চুচুলত যুদ্ধস্থলীৰ ওচৰত নিৰ্মাণ কৰা মূল স্মাৰক এতিয়া ১৩ কুমাওঁ ৰেজিমেণ্টৰ চাৰ্লি কোম্পানীৰ সৈনিকসকলক সন্মান জনোৱাৰ বাবে এটা প্ৰেক্ষাগৃহ আৰু ফটো গেলেৰীৰ সৈতে যথেষ্ট সম্প্ৰসাৰিত কৰা হৈছে ৷

raj nath singh in Indo-China war memorial
চীন-ভাৰতৰ যুদ্ধ স্মাৰক

শ্ৰীনগৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ কৰ্ণেল মোছাভিয়ে জনায় যে , স্মাৰকটো যথেষ্ট সম্প্ৰসাৰিত কৰা হৈছে আৰু যোৱা বছৰ গালৱান উপত্যকাৰ সংঘৰ্ষৰ সময়ত নিহত হোৱা ২০ জন সৈনিকৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে এই স্মাৰকত । শ্ৰীনগৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ কৰ্ণেল মোছাভিয়ে জনায় যে, স্মাৰকটো যথেষ্ট সম্প্ৰসাৰিত কৰা হৈছে আৰু যোৱা বছৰ গালৱান উপত্যকাৰ সংঘৰ্ষৰ সময়ত নিহত হোৱা ২০ জন সৈনিকৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে এই স্মাৰকত ।

raj nath singh in Indo-China war memorial
চীন-ভাৰতৰ যুদ্ধ স্মাৰক

ই মূল স্মাৰক স্তম্ভটো ধৰি ৰাখিব, যাৰ ওপৰত ১৯৬২ চনৰ যুদ্ধৰ সময়ত মৃত্যু হোৱা ১০৯ জন সৈনিকৰ নাম লিপিবদ্ধ কৰা হৈছে । ভাৰত-চীন যুদ্ধৰ বাৰ্ষিকী উপলক্ষে অনুষ্ঠানটো ১৮ নৱেম্বৰৰ বাবে পৰিকল্পনা কৰা হৈছে । ১৯৬২ চনৰ ২১ নৱেম্বৰত এই যুদ্ধ সমাপ্তি হৈছিল যেতিয়া চীনা PLA সৈন্যই যুদ্ধ বিৰতিৰ ঘোষণা কৰিছিল ।
লগতে পঢ়ক : কংগনা ৰাণাৱটৰ বিৰুদ্ধে APCCৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.