ৰাহুল গান্ধী 'part-time' ৰাজনীতিবিদ : প্ৰহ্লাদ যোশী

author img

By

Published : Sep 25, 2021, 3:56 PM IST

Rahul Gandhi is non-serious, part-time politician: Pralhad Joshi

ৰাহুল গান্ধীক 'non-serious' আৰু 'part-time' ৰাজনীতিবিদ আখ্যা ৷ মিষ্টাৰ ৫৬ ইঞ্চিয়ে চীনক ভয় কৰে বুলি কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰাৰ পাচতে গান্ধীক 'non-serious' আৰু 'part-time' ৰাজনীতিবিদ আখ্যা কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ ৷

নেশ্যনেল ডেস্ক , 25 ছেপ্টেম্বৰ : ভাৰতত চীনৰ অনুপ্ৰৱেশ(China's incursion of India) সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰাৰ পাচতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক 'part-time' ৰাজনীতিবিদ আখ্যা দিলে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশী(Union Parliamentary Affairs Minister Pralhad Joshi)য়ে ৷

মিষ্টাৰ 56 ইঞ্চিয়ে চীনক ভয় কৰে বুলি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীক টুইটযোগে কটাক্ষ কৰিছিল ৷ গান্ধীৰ এই টুইটৰ পাচতে মন্ত্ৰী যোশীয়ে কংগ্ৰেছ নেতাগৰাকীক 'non-serious' আৰু 'part-time' ৰাজনীতিবিদ আখ্যা দিয়ে ৷

Wayanadৰ সাংসদ ৰাহুল গান্ধীক গুৰুত্বসহকাৰে লোৱা উচিত নহয় বুলি মন্তব্য কৰি যোশীয়ে কয় যে, ৰাহুল গান্ধীয়ে ইতিহাস তথা ভৱিষ্যতৰ বিষয়ে একো নাজানে ৷ বিশ্ব প্ৰেক্ষাপটত ভাৰত global leaderৰ পৰ্যায়লৈ উন্নীত হৈছে, তাক লৈ প্ৰত্যেকজন ভাৰতীয়ই গৌৰৱ কৰা উচিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

ৰাহুল গান্ধী এজন 'non-serious' আৰু 'part-time' ৰাজনীতিবিদ বুলি কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, দেশত যেতিয়াই কোনো গুৰুতৰ সংকট হয়, তেতিয়াই তেওঁ দেশৰ বাহিৰলৈ যায় ৷ যোশীয়ে কয়, "তেওঁৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো উচিত নহয় ৷ এয়া আটাইতকৈ শিশুসূলভ আৰু অপৰিপক্ক মন্তব্য" ৷

উল্লেখ্য যে, চীনৰ সৈতে হোৱা অচলাৱস্থাক লৈ শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰক তীব্ৰ সমালোচনা কৰাৰ লগতে মিষ্টাৰ ৫৬ ইঞ্চিয়ে চীনক ভয় কৰে বুলি মন্তব্য কৰিছিল ৷

লগতে পঢ়ক : অন্তিমটো দিনৰ কাৰ্যসূচীৰে নিউয়ৰ্কত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.