NIA charge sheet against PFI : ভাৰতক ইছলামিক দেশ কৰাৰ ষড়যন্ত্ৰ, NIAৰ অভিযোগনামাত ভয়ংকৰ তথ্য

author img

By

Published : Jan 21, 2023, 11:12 AM IST

NIA charge sheet against PFI

বিভিন্ন সংগঠনৰ নেতাসকলক চিনাক্ত কৰি হত্যা কৰিবলৈ পিএফআই সংগঠনে গঠন কৰিছিল বিশেষ কিলাৰ স্কোৱাড । বিজেপি নেতাৰ হত্যাৰ গোচৰত অভিযোনামা দাখিল কৰি এই দাবী কৰে NIA সংস্থাটোৱে (NIA charge sheet against PFI)। এতিয়াও পলাতক হৈ আছে হত্যাৰ সৈতে জড়িত নিষিদ্ধ সংগঠনটোৰ ৬ সদস্য ।

নেশ্যনেল ডেস্ক,২১ জানুৱাৰী : ২০৪৭ চনৰ ভিতৰত ভাৰতক ইছলামিক দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছিল পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআই নামৰ সংগঠনটোৱে (PFI tried to establish Islamic rule by 2047)। এই দাবী ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAৰ । ২০ গৰাকী PFI সদস্যৰ বিৰুদ্ধে অভিযোগনামাত এই কথা স্পষ্ট কৰিছে NIAয়ে । NIAয়ে অভিযোগনামাত উল্লেখ কৰা মতে নিষিদ্ধ সংগঠনটোৱে সমাজত সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে জনসাধাৰণৰ মাজত ভয় সৃষ্টি কৰিব বিচাৰিছিল ।

২৬ জুলাইত বিজেপিৰ যুৱ মৰ্চাৰ নেতা প্ৰবীণ নেটাৰুৰ হত্যাৰ সৈতে জড়িত এক গোচৰৰ অভিযোগনামা দাখিল কৰি এই দাবী কৰে অনুসন্ধানকাৰী সংস্থাটোৱে । উল্লেখ্য যে বিজেপি নেতাগৰাকীৰ ২০২২ চনৰ কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ বেল্লাৰে গাঁৱত সংঘটিত হৈছিল । উক্ত গোচৰটো সম্পৰ্কত শুকুৰবাৰে বেংগালুৰুৰ এখন বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছে NIAয়ে ।

NIAয়ে দাবী কৰা মতে সমাজত সন্ত্ৰাস, সাম্প্ৰদায়িক বিদ্বেষ আৰু অস্থিৰতা সৃষ্টি কৰাৰ লগতে ২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামিক শাসন প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছিল নিষিদ্ধ সংগঠনটোৱে । আনকি সংগঠনটোৰ বিৰোধী আৰু শত্ৰুক হত্যা কৰিবলৈ PFI সংগঠনটোৱে 'চাৰ্ভিচ টীম' বা 'কিলাৰ স্কোৱাড' নামৰ এটা দলো গঠন কৰিছিল (PFI forms killer Squads in India)।

PFIৰ ২০ গৰাকী সদস্যৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাত উল্লেখ কৰা হৈছে যে কিলাৰ স্কোৱাডৰ সদস্যসকলক কিছুমান সম্প্ৰদায় আৰু গোটৰ ব্যক্তি আৰু নেতাসকলক চিনাক্ত, তালিকাভুক্ত কৰা আৰু নিৰীক্ষণ কৰাৰ বাবে অস্ত্ৰ যোগান ধৰাৰ লগতে আক্ৰমণৰ প্ৰশিক্ষণ আৰু নিৰীক্ষণৰ কৌশলৰ প্ৰশিক্ষণো দিয়া হৈছিল (NIA charge sheet against PFI)। এই 'চাৰ্ভিচ টীম' বা 'কিলাৰ স্কোৱাড'ৰ সদস্যসকলক পিএফআইৰ জ্যেষ্ঠ নেতাসকলৰ নিৰ্দেশত নিৰ্দিষ্ট লোকক আক্ৰমণ আৰু হত্যা কৰিবলৈ অধিক প্ৰশিক্ষণ দিয়া হৈছিল ।

অভিযোগনামাত উল্লেখ কৰা মতে জিলা চাৰ্ভিচ টীমৰ মুৰব্বী মুস্তাফা পাইচাৰক এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ এগৰাকী বিশিষ্ট নেতাৰ তথ্য সংগ্ৰহ কৰি চিনাক্ত কৰাৰ লগতে আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । সেই নিৰ্দেশনা অনুসৰি, ৪ গৰাকী ব্যক্তি চিনাক্ত কৰা হৈছিল । তেওঁলোকৰ মাজত আছিল বিজেপি নেতা নেটাৰু (BJP leader Praveen Nettaru murder case)। যাক যথেষ্ট সংখ্যক লোকৰ মাজত নৃশংসভাৱে হত্যা কৰা হৈছিল যাতে সেই নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকৰ মাজত সন্ত্ৰাস সৃষ্টি কৰিব পাৰে ।

অভিযোগনামাত উল্লেখ কৰা ২০ গৰাকী পিএফআই সদস্যৰ ভিতৰত, ৬ জন পলাতক আৰু গোচৰটো সন্দৰ্ভত গ্ৰেপ্তাৰৰ বাবে তেওঁলোকৰ বিৰুদ্ধে পুৰস্কাৰো ঘোষণা কৰা হৈছে । অভিযুক্ত লোকসকলক ভাৰতীয় দণ্ডবিধিৰ ১২০বি, ১৫৩এ, ৩০২ আৰু ৩৪ ধাৰা আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ আৰু অস্ত্ৰ আইনৰ ধাৰা ২৫(১)(ক)ৰ ধাৰা ১৬, ১৮ আৰু ২০ৰ অধীনত অভিযোগনামা দাখিল কৰা হৈছে ।

অভিযোগনামাত উল্লেখ থকা পিএফআইৰ সদস্য কেইজন হৈছে ক্ৰমে মহম্মদ ছিয়াব, আব্দুল বছিৰ, ৰিয়াজ, মুস্তাফা পাইচাৰ, মাছুদ কেএ, কোডাজে মহম্মদ শ্বেৰিফ, আবুবক্কৰ চিদ্দিক, নৌফল এম, ইছমাইল ছাইফ কে, কে মহম্মদ ইকবাল, ছাহিদ এম, মহম্মদ ছফিক জি, উম্মৰ ফাৰুক এম আৰ, আব্দুল কাবিৰ চিএ, মুহাম্মদ ইব্ৰাহিম ছা, ছাইনুল আবিদ ৱাই, শ্বেখ ছাদ্দাম হুছেইন, জাকিয়াৰ এ, এন আব্দুল হাৰিছ আৰু থুফেইল এম এইচ ।

ইয়াৰে মুস্তাফা পাইচাৰ, মাছুদ কেএ, কোডাজে মহম্মদ শ্বেৰিফ, আবুবক্কৰ চিদ্দিক, উম্মৰ ফাৰুক এমআৰ আৰু থুফেইল এম এইচ বৰ্তমান পলাতক আৰু তেওঁলোকৰ বিৰুদ্ধে পুৰস্কাৰ ঘোষণা কৰা হৈছে ।

গোচৰটো প্ৰথমতে ২৭ জুলাইত দক্ষিণ কানাড়া জিলাৰ বেল্লাৰে আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল আৰু যোৱা বছৰ ৪ আগষ্টত এনআইএৰ দ্বাৰা পুনৰ পঞ্জীয়ন কৰা হৈছিল । গৃহ মন্ত্ৰালয়ে ছেপ্টেম্বৰত পিএফআই, ইয়াৰ সহযোগী সংগঠনসমূহক বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭-ৰ অধীনত বেআইনী ঘোষণা কৰি ৫ বছৰৰ বাবে নিষিদ্ধ কৰিছিল (Govt banned PFI)।

ইফালে বিজেপি নেতা নেটাৰুৰ হত্যাকাণ্ডত জড়িত থকাৰ উপৰিও, পিএফআই সদস্যসকল কেইবাজনো লোকৰ হত্যাকে ধৰি সন্ত্ৰাসবাদী কাৰ্যত জড়িত থকাৰ অভিযোগ আছে । তাৰ ভিতৰত হৈছে সঞ্জীত (কেৰালা, নৱেম্বৰ ২০২১), ভি ৰামলিঙ্গম (তামিলনাডু, ২০১৯), নন্দু (কেৰালা, ২০২১), অভিমন্যু (কেৰালা, ২০১৮), বিবিন (কেৰালা, ২০১৭), শৰৎ (কামতকা, ২০১৭), আৰ ৰুদ্ৰেশ (কামতকা, ২০১৬), প্ৰবীণ পুয়াস্নাৰী (তামিলনাডু, তামিলকুমাৰী, ২০১৬), শশী কুমাৰ (তামিলনাডু, ২০১৬) ।

লগতে পঢ়ক :Coal syndicate: কয়লা ভৰ্তি ট্ৰাক অৱৰোধ প্ৰাক্তন আলফা নেতাৰ, উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.