Joshimath subsidence: উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Jan 8, 2023, 3:49 PM IST

joshimath-subsidence-pmo-holds-a-high-level-meeting-on-joshimath

উত্তৰাখণ্ডৰ যোশীমঠত পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লৈছে ৷ যোশীমঠৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰে (PMO to hold high level meeting today)৷

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী: উত্তৰাখণ্ডৰ যোশীমঠৰ উদ্বেগজনক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ দেওবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ বিষয়ে জাননী প্ৰদান কৰে ৷ যোৱা 3 জানুৱাৰীৰ পুৱা উত্তৰাখণ্ডৰ যোশীমঠ পথত ক্ষুদ্ৰ ফাঁট মেলা পৰিলক্ষিত হৈছিল ৷ এতিয়ালৈ প্ৰায় 600 তকৈ অধিক ঘৰ বিপজ্জনক অৱস্থাত আছে (People troubled by landslide in Joshimath)

পৰৱৰ্তী সময়ত ফাঁটৰ আকাৰ বৃদ্ধি পোৱাত লোকসকলে আতংকিত হৈ ঘৰ এৰি সুৰক্ষিত স্থানত শিবিৰ পাতি আশ্ৰয় লৈ আছে ৷ দেওবাৰে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড৹ পি কে মিশ্ৰই নতুন দিল্লীৰ পিএমঅ'ত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এনডিআৰএ) (National Disaster Management Authority) সদস্যসকলৰ লগতে কেবিনেট সচিব আৰু ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা অনুষ্ঠিত কৰিব ৷

যোশীমঠৰ জিলা বিষয়া আৰু উত্তৰাখণ্ড ৰাজ্যিক কৰ্তৃপক্ষৰ জ্যেষ্ঠ বিষয়াসকলেও ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বৈঠকত উপস্থিত থাকিব বুলি বিষয়াসকলে জানিবলৈ দিয়ে ৷ ইতিমধ্যে জিলা প্ৰশাসনে ক্ষতিগ্ৰস্ত পৰিয়ালবোৰৰ বাবে ব্যৱস্থা কৰিছে বুলিও জানিবলৈ দিয়ে ৷ এতিয়ালৈ অঞ্চলটোৰ মুঠ ৬৬ টা পৰিয়াল চহৰৰ পৰা প্ৰব্ৰজন কৰা বুলি জানিব পৰা গৈছে (66 families are reported to migrated)৷

জিলা দণ্ডাধীশ হিমাংশু খুৰানাই শনিবাৰে নিশা সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি কয় যে জিলা প্ৰশাসনে ভূমিস্খলনত ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক 'সুৰক্ষিত সাহায্য শিবিৰ'ত ৰখাৰ ব্যৱস্থা কৰিছে ৷ লোকসকলৰ প্ৰয়োজনীয়তা অনুসৰি সকলোবোৰ সামগ্ৰীয়েই ততালিকে উপলব্ধ কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা চেষ্টা কৰা হৈছে ৷

জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা অনুসৰি, প্ৰাৰম্ভিক অৱস্থাত যোশীমঠৰ প্ৰায় 561 টা ঘৰত ফাঁট মোলা দেখা গৈছিল ৷ ইতিমধ্যে এই প্ৰাকৃতিক দুৰ্যোগত যিসকল লোকৰ ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিপজ্জনক স্থানসমূহৰ লোকসকলক প্ৰশাসনে সাহায্য শিবিৰলৈ স্থানান্তৰিত কৰিছে (Disaster victims living in Joshimath camp)৷ দুৰ্যোগপীড়িত লোকসকলক পৌৰ নিগমত নিশাৰ আশ্ৰয়, গুৰুদ্বাৰাৰ লগতে সিংধৰ ৱাৰ্ডৰ প্ৰাথমিক বিদ্যালয়ত ৰখা হৈছে ৷

স্থানীয় লোকসকলে কয় যে ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে আশ্বাস দিছে যে তেওঁলোকে ঘৰসমূহ ঘূৰাই পাব ৷ অৱশ্যে তেওঁলোকক ঘৰবোৰ কেতিয়া আৱণ্টন কৰা হ'ব তাক লৈ তেওঁলোক চিন্তিত ৷ ইফালে ৰাজ্য চৰকাৰে পৰিস্থিতিৰ মূল্যাংকন কৰিবলৈ অঞ্চলটোলৈ বিশেষজ্ঞৰ এটা দল প্ৰেৰণ কৰিছে ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) দলবোৰকো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলটোত মোতায়েন কৰা হৈছে বুলি চামোলীৰ মুখ্য উন্নয়ন বিষয়া (চিডিঅ') ললিত নাৰায়ণ মিশ্ৰই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Joshimath Disaster Reality Check: শিবিৰত দুৰ্বিসহ ক্ষণ কটাইছে যোশীমঠ ভূমিস্খলনৰ ভুক্তভোগীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.