হিমাচলৰ আন্তৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Oct 5, 2022, 6:25 PM IST

Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচলৰ আন্তঃৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ কৰিবলৈ ধলপুৰৰ ৰথ ময়দানত উপস্থিত হয় । আনহাতে, হাজাৰ হাজাৰ লোকৰ ভিৰৰ মাজত ভগৱান ৰঘুনাথক দৰ্শনৰ বাবে তেওঁ মঞ্চৰ পৰা নামিও আহে (PM Narendra Modi in international Kullu Dussehra) ।

নিউজ ডেস্ক, ৫ অক্টোবৰ : সপ্তাহজোৰা আন্তঃৰাষ্ট্ৰীয় কুলু দশেৰা আজিৰ পৰা আৰম্ভ হৈছে (International Kullu Dussehra) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ কৰিবলৈ ধলপুৰৰ ৰথ ময়দানত উপস্থিত হয় । আনহাতে, হাজাৰ হাজাৰ লোকৰ ভিৰৰ মাজত ভগৱান ৰঘুনাথক দৰ্শনৰ বাবে তেওঁ মঞ্চৰ পৰা নামিও আহে ।

এই সময়ছোৱাত নিৰাপত্তাৰক্ষীসকলে জনসমাগমক নিয়ন্ত্ৰণ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । কিন্তু তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হাজাৰ হাজাৰ লোকৰ ভিৰৰ মাজলৈ নামি আহে আৰু তেওঁ ভগৱান ৰঘুনাথৰ আশীৰ্বাদো গ্ৰহণ কৰে ।

এই সময়তে আশীৰ্বাদ হিচাপে ভগৱান ৰঘুনাথৰ টুপীত এটা পবিত্ৰ পাগুৰিও বান্ধি দিয়া হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ, ৰাজ্যিক বিজেপিৰ সভাপতি সুৰেশ কাশ্যপ, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে অটল সদনৰ বাহিৰত নিৰ্মিত মঞ্চৰ পৰা ভগৱান ৰঘুনাথৰ ৰথযাত্ৰা চাই আছিল । তাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে মঞ্চৰ পৰা নামি নিৰাপত্তাৰক্ষীৰ সৈতে ভগৱান ৰঘুনাথৰ ৰথলৈ ৰাওনা হয় (PM Narendra Modi in international Kullu Dussehra) ।

হিমাচলৰ আন্তৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
হিমাচলৰ আন্তৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী মোদীক তললৈ নামি অহা দেখি জনতাও তেওঁৰ ফালে ঘূৰি আহে আৰু সকলোৱে তেওঁলোকৰ মোবাইলত এই দৃশ্যটো বন্দী কৰিবলৈ আৰম্ভ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান ৰঘুনাথৰ ৰথৰ ওচৰলৈ গৈ ভগৱান ৰঘুনাথক দৰ্শন কৰে । একে সময়তে তেওঁ ভগৱান ৰঘুনাথৰ আঠাল বাহক মহেশ্বৰ সিঙৰ পৰা ভগৱানৰ ৰথৰ বিষয়েও তথ্য জানি লয় ৷

এই সময়ছোৱাত তেওঁ ৰথৰ সৈতে থিয় হৈ থকা দেৱ-দেৱীসকলৰ আশীৰ্বাদ লৈ ভগৱান ৰঘুনাথৰ কাৰদাৰ দানবেন্দ্ৰ সিঙৰ সৈতে দশেৰা উৎসৱৰ বিষয়েও আলোচনা কৰে (PM Modi in Himachal) ৷

হিমাচলৰ আন্তৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
হিমাচলৰ আন্তৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

ভগৱান ৰঘুনাথৰ দৰ্শনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ মঞ্চলৈ উভতি যায় । উল্লেখ্য, আন্তৰ্জাতিক দশেৰা উৎসৱৰ প্ৰথমদিনা হাজাৰ হাজাৰ লোক ৰথযাত্ৰাত ভগৱান ৰঘুনাথৰ আশীৰ্বাদ ল'বলৈ ধলপুৰত উপস্থিত হয় । একে সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাবলৈও ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা জনসমাগমৰ সৃষ্টি হয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে কুলু টুপী আৰু শ্বলেৰে সন্মানিত কৰে । ৰাম দৰবাৰকো এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত বিশেষভাৱে উপস্থাপন কৰা হৈছিল । ইয়াৰ পিছত মঞ্চৰ চাৰিওফালৰ পৰা তেওঁ স্থানীয় লোকসকলক থিয় হৈ হাত জোকাৰি তেওঁলোকৰ শুভেচ্ছা গ্ৰহণ কৰে আৰু উপস্থিত হাজাৰ হাজাৰ লোকে এই দৃশ্য নিজৰ মোবাইলত বন্দী কৰাত ব্যস্ত হৈ পৰে ।

লগতে পঢ়ক :দশেৰা উপলক্ষে প্ৰতিক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অস্ত্ৰ পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.