নিউজ ডেস্ক ২১ মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে তেওঁৰ সফল জাপান ভ্ৰমণ সামৰি পাপুৱা নিউগিনিলৈ ৰাওনা হয় PM Modi wraps up Japan visit । জাপানৰ এইটো এক ফলপ্ৰসূ ভ্ৰমণ । জি৭ সন্মিলনৰ সময়ত বিশ্বৰ কেইবাজনো নেতাক সাক্ষাৎ কৰোঁ আৰু তেওঁলোকৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰোঁ PM Modi attend G7 summit in Hiroshima । প্ৰধানমন্ত্ৰী কিছিডা জাপান চৰকাৰ আৰু জনসাধাৰণক তেওঁলোকৰ অভ্যৰ্থনাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । কিছু সময়ৰ ভিতৰতে পাপুৱা নিউগিনিলৈ ৰাওনা হ ম । প্ৰধানমন্ত্ৰী মোডীয়ে টুইটক কয় PM Modi Papua New Guinea Visit ।আনহাতে পোৰ্ট মৰেছবিত উপস্থিত হোৱাৰ পিছত পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপেয়ে মোডীক আদৰণি জনাব Papua New Guinea PM received Modi । তাত তেওঁৰ বাবে এক আদৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে । উল্লেখ্য প্ৰধানমন্ত্ৰীয়ে ১৯২৪ মে লৈকে জাপান পাপুৱা নিউগিনি আৰু অষ্ট্ৰেলিয়া এই তিনিখন দেশৰ ছয়দিনীয়া ভ্ৰমণসূচীলৈ গৈছে ।এই ভ্ৰমণত হিৰোছিমাত জি৭ আৰু কোৱাড সন্মিলন অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী এলবানিজৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় PM Modi attend Quad summits in Japan । আনহাতে পাপুৱা নিউগিনিত অনুষ্ঠিত ফ ৰাম ফৰ ইণ্ডিয়াপেচিফিক আইলেণ্ডছ কোঅপাৰেচন ৰ এফআইপিআইচি তৃতীয় সন্মিলনত তেওঁ অংশগ্ৰহণ কৰিব । এক ফলপ্ৰসূ ভ্ৰমণৰ সামৰণি মাৰিলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্য অংশীদাৰসকলৰ সৈতে দুদিনীয়া দ্বিপাক্ষিক আৰু বহুপাক্ষিক বৈঠকৰ পিছত তেওঁৰ জাপান ভ্ৰমণৰ সামৰণি মাৰে । প্ৰধানমন্ত্ৰীয়ে এতিয়া তেওঁৰ ভ্ৰমণৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে পোৰ্ট মৰেছবিলৈ ৰাওনা হৈছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে এক টুইটত কয় ।উল্লেখ্য প্ৰধানমন্ত্ৰী মোডীয়ে শনিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিকো সাক্ষাৎ কৰে PM Modi met Volodymyr Zelenskyy আৰু আন সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় । ইয়াৰ পূৰ্বে শনিবাৰে জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ইউক্ৰেইনৰ শান্তি ফৰ্মূলাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায় আৰু লগতে দেশৰ আঞ্চলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বক সমৰ্থন কৰাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে ।আনহাতে টুইটাৰৰ জৰিয়তে জেলেনস্কিয়ে কয় জাপানত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হওঁ । মই ইউক্ৰেইনৰ শান্তি সূত্ৰ উদ্যোগৰ বিষয়ে মধ্যস্থতাকাৰীসকলক বিতংভাৱে জনাওঁ । লগতে ভাৰতক এই প্ৰক্ৰিয়া কাৰ্যকৰীকৰণত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাওঁ । মই ইউক্ৰেইনত মানৱীয় সহায়তা আৰু ভ্ৰাম্যমাণ চিকিৎসালয়ৰ প্ৰয়োজনীয়তাৰ বিষয়ে কওঁ । বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ মঞ্চত আমাৰ দেশৰ আঞ্চলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বক সমৰ্থন কৰাৰ বাবে আৰু ইউক্ৰেইনক মানৱীয় সাহায্য প্ৰদান কৰাৰ বাবে মই ভাৰতক ধন্যবাদ জনাওঁ । লগতে পঢ়ক Congress Election Strategy Review নিৰ্বাচনমুখী ৰাজ্যসমূহত কংগ্ৰেছৰ ৰণনীতি পৰ্যালোচনা বৈঠক