নৰেন্দ্ৰ মোডীৰ সভাপতিত্বৰে আজি BRICS ৰ সন্মিলন

author img

By

Published : Sep 9, 2021, 12:06 PM IST

13th BRICS summit

বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ১৩ সংখ্যক BRICS সন্মিলন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে BRICS সন্মিলনত সভাপতিত্ব কৰিব । আফগানিস্তান(Afganistan)ৰ বৰ্তমানৰ পৰিস্থিতিৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোচনা কৰিব ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ ছেপ্তেম্বৰ : ভাৰ্চুৱেল মাধ্যমেৰে বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ'ব ১৩ সংখ্যক BRICS সন্মিলন । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, BRICS সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে সভাপতিত্ব কৰিব ৷ সন্মিলনখনত সদস্য ৰাষ্ট্ৰ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বোলছানাৰো(Jair Bolsanaro), দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচা(Cyril Ramaphosa), ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন(Vladimir Putin) আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে অংশগ্ৰহণ কৰিব ।

এই বৰ্ষৰ BRICS সন্মিলনৰ বিষয়বস্তু হৈছে 'BRICS@15: ধাৰাবাহিকতা, একত্ৰীকৰণ আৰু সহমতৰ বাবে ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰৰ মাজত সহযোগিতা' । তালিবানৰ কাবুল অধিগ্ৰহণ আৰু বৰ্তমান সেই স্থানৰ পৰা অহা সন্ত্ৰাসবাদী ভাবুকিৰ সৈতে মোকাবিলা কৰাৰ বিষয়েও এই ভাৰ্চুৱেল বৈঠকত আলোচনা কৰা হ'ব ।

13th BRICS summit
আজি অনুষ্ঠিত হ'ব ১৩ সংখ্যক BRICS সন্মিলন

নেতাসকলে আফগানিস্তান(Afganistan)ৰ বৰ্তমানৰ পৰিস্থিতিৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোচনা কৰিব । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া সন্দৰ্ভত বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । সন্ত্ৰাসবাদী সংগঠনবোৰে আফগানিস্তানত খোপনি পুতি আন দেশক আক্ৰমণ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাক কেনেদৰে প্ৰতিহত কৰিব পাৰি সেই বিষয়তো আলোচনা কৰাৰ সম্ভাৱনা আছে ।

প্ৰধানমন্ত্ৰী মোডীয়ে দ্বিতীয়বাৰৰ বাবে BRICS সন্মিলনত সভাপতিত্ব কৰিব । ইয়াৰ পূৰ্বে তেওঁ ২০১৬ চনত অনুষ্ঠিত গোৱা সন্মিলনত সভাপতিত্ব কৰিছিল । বৈঠকত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল(Ajit Doval), নিউ ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষ মাৰ্কোছ ট্ৰয়জো(Marcos Troyjo), BRICS ব্যৱসায় পৰিষদৰ অংকাৰ কানৱাৰ(Onkar Kanwar) আৰু BRICS মহিলা ব্যৱসায়িক মিত্ৰজোঁটৰ সংগীতা ৰেড্ডীয়ে অংশগ্ৰহণ কৰিব ।

ভাৰতে অধ্যক্ষ পদৰ বাবে বহুপাক্ষিক ব্যৱস্থাৰ সংস্কাৰ, সন্ত্ৰাসবাদৰ বিৰোধ, SDG লাভ কৰাৰ বাবে ডিজিটেল আৰু প্ৰযুক্তিগত সঁজুলি ব্যৱহাৰ কৰাকে ধৰি মুঠ চাৰিটা অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ৰূপৰেখা প্ৰস্তুত কৰিছিল । এই ক্ষেত্ৰসমূহৰ উপৰিও, ক'ভিড-১৯ মহামাৰীৰ প্ৰভাৱৰ বিষয়েও বৈঠকত আলোচনা কৰা হ'ব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিছে ।

লগতে পঢ়ক: পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে ভাৰপ্ৰাপ্ত বিষয়াৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.