মধ্য প্ৰদেশৰ কুনো বনাঞ্চলত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে চিতা

author img

By

Published : Sep 17, 2022, 4:12 PM IST

modi

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চিতা আমাৰ অতিথি । কুনো ৰাষ্ট্ৰীয় উদ্যানক নিজৰ ঘৰ হিচাপে গঢ়ি তুলিবলৈ আমি সিহঁতক কেইমাহমান সময় দিয়া উচিত (PM Modi released Cheetah in Kuno) । লগতে প্ৰধানমন্ত্ৰীয়ে নামিবিয়া চৰকাৰক চিতাবোৰ ভাৰতলৈ ঘূৰাই অনাৰ কাৰ্যসূচীত সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ১৯৫২ চনত আমি চিতা বিলুপ্ত বুলি ঘোষণা কৰাটো দুৰ্ভাগ্যজনক ।

নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী মোডীয়ে ৭০ বছৰৰ পিছত আজি দেশক এটা ডাঙৰ উপহাৰ দিয়ে (PM Modi birthday) । চিতা আজিৰে পৰা দেশলৈ উভতি আহিছে । বিদেশৰ অতিথিকেইটাই আজি পুৱা দুখন হেলিকপ্টাৰত মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ পালপুৰত অৱতৰণ কৰে (Cheetah released in Kuno National Park MP) । বিলুপ্ত ঘোষণা কৰাৰ সাত দশক পিছত (Cheetah declared extinct in India) ভাৰতত চিতাৰ পুনৰ এক বিশেষ পৰিচয় পৰিকল্পনাৰ অধীনত এখন বিশেষ বিমানেৰে নামিবিয়াৰ পৰা ৮টা চিতা আহি গোৱালিয়ৰত উপস্থিত হয় ।

ইয়াৰ পিছত সেইকেইটা কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হয় । 10 ঘণ্টাৰ যাত্ৰাৰ পিছত সিন্ধিয়াই চিতাকেইটা গোৱালিয়ৰৰ মহাৰাজা এয়াৰবেছৰ পৰা চিনুক হেলিকপ্টাৰেৰে তেওঁৰ লগত লৈ যায় (Cheetah brought to India from Namibia)।

প্ৰধানমন্ত্ৰী মোদীয়ে এই উপলক্ষে কয় যে চিতা আমাৰ অতিথি । কুনো ৰাষ্ট্ৰীয় উদ্যানক নিজৰ ঘৰ হিচাপে গঢ়ি তুলিবলৈ আমি সিহঁতক কেইমাহমান সময় দিয়া উচিত (PM Modi released Cheetah in Kuno) । লগতে প্ৰধানমন্ত্ৰীয়ে নামিবিয়া চৰকাৰক চিতাবোৰ ভাৰতলৈ ঘূৰাই অনাৰ কাৰ্যসূচীত সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ১৯৫২ চনত আমি চিতা বিলুপ্ত বুলি ঘোষণা কৰাটো দুৰ্ভাগ্যজনক । কিন্তু কেইবা দশক ধৰি সিহঁতক ঘূৰাই অনাৰ বাবে কোনো গঠনমূলক প্ৰচেষ্টা গ্ৰহণ কৰা হোৱা নাছিল ।

কুনো ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ জন্মদিন উপলক্ষে চিতাকেইটা দেশক হস্তান্তৰ কৰে আৰু নিজেও ফটোগ্ৰাফী কৰে । নামিবিয়াৰ পৰা গোৱালিয়ৰলৈ যাত্ৰাৰ সময়ত চিতাকেইটা খাদ্য অবিহনেই আহিছিল। বনাঞ্চলত এৰি দিয়াৰ পিছত সিহঁতক খাবলৈ দিয়া হ'ব । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ এখন মঞ্চৰ পৰা এটা বিশেষ পিঞ্জৰাৰ পৰা লিভাৰ দাঙি সিহঁতক মুকলি কৰি দিয়ে । প্ৰধানমন্ত্ৰীয়ে প্ৰথমতে এটা এটাকৈ ২ টা চিতা মুকলি কৰি দিয়ে । তাৰ পিছত আন গণ্যমান্য ব্যক্তিসকলে বাকী থকা চিতাকেইটা অন্য অঞ্চলত মুকলি কৰে ।

চিতাকেইটা কেনেদৰে ভাৰত পালেহি

ইউৰোপৰ মলডোভাৰ চিচিনাউত অৱস্থিত এয়াৰলাইন টেৰা আভিয়াৰ পৰা এক বিশেষ বিমানেৰে চিতাকেইটা চাৰ্টাৰ্ড যাত্ৰীবাহী আৰু কাৰ্গো বিমানেৰে অনা হৈছিল । আনহাতে, উদ্যানখন বিন্ধ্যাচল পৰ্বতমালাৰ উত্তৰ ফালে অৱস্থিত আৰু ৩৪৪ বৰ্গ কিঃমিঃ এলেকাত বিয়পি আছে ।

লগতে পঢ়ক :PM Modi birthday: মোডীক জাতিটোৰ শক্তিশালী স্তম্ভ হিচাপে অভিহিত কৰিলে কৰণ জোহৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.