বৰ্তমান যুদ্ধৰ যুগ নহয়, মোডীয়ে পুটিনক উদ্দেশ্যি কয়

author img

By

Published : Sep 17, 2022, 7:40 AM IST

Updated : Sep 17, 2022, 11:39 AM IST

End conflict in Ukraine

‘‘এতিয়া যুগ যুদ্ধৰ নহয় (Today’s era is not of war said PM Modi) । ভাৰত-ৰাছিয়াই কেইবা দশক ধৰি ইজনে সিজনৰ সৈতে একেলগে আছে ৷ গতিকে সকলো শান্তিৰে আৰু আলোচনাৰ মাজেৰে সম্পন্ন কৰিব লাগে’’ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে এক বৈঠকত মিলিত হৈ কৰে এই মন্তব্য ৷

নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ : শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন এক বৈঠকত মিলিত হয় (PM Modi presses President Putin) ৷ এই আলোচনা চক্ৰত স্থান পাই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ প্ৰসংগই ৷ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক যুদ্ধ বন্ধ কৰিবলৈ আহ্বন জনায় (PM Modi presses President Putin to end conflict in Ukraine) ৷

তেওঁ কয় যে, বৰ্তমান যুদ্ধৰ যুগ নহয় (Today’s era is not of war said PM Modi) ৷ বিশ্বব্যাপী হোৱা খাদ্য আৰু শক্তি সুৰক্ষা সংকটৰ সমাধানৰ উপায় বিচাৰিব লাগে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা উজবেকিস্তানৰ ঐতিহাসিক চহৰ সমৰকন্দত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।

ছাংহাই সহযোগিতা সংস্থাৰ (SCO) সন্মিলনত অংশগ্ৰহণ কৰিবৰ বাবে উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী (PM Modi to attend SCO summit)। ছাংহাই সহযোগিতা সংস্থাৰ (SCO) সন্মিলনত মিলিত হোৱা দ্বিপাক্ষিক বৈঠকতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউক্ৰেইনত শত্ৰুতা শীঘ্ৰে বন্ধ কৰাৰ আহ্বান জনায় ৷ লগতে গণতন্ত্ৰ, আলোচনা আৰু কূটনীতিৰ বিষয়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

‘‘আজি বিশ্বত বিশেষকৈ উন্নয়নশীল দেশসমূহৰ সন্মুখত আটাইতকৈ প্ৰয়োজনীয় আৰু বিচাৰ্যৰ বিষয় কেইটা হৈছে খাদ্য সুৰক্ষা, ইন্ধন সুৰক্ষা আৰু সাৰ । সেয়ে এই সমস্যাবোৰৰ ওপৰত বিশ্লেষণ কৰি ইয়াৰ স্থায়ী সমাধান বিচাৰিব লাগে’’ ৷ ছাংহাই সহযোগিতা সংস্থাৰ (SCO) সন্মিলনত (SCO Summit 2022) প্ৰাৰম্ভিক ভাষণত এই মন্তব্য কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

আনহাতে, ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই প্ৰস্তাৱৰ পাচতেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কয়, ‘‘ৰাছিয়া-ইউক্ৰেনৰ সংঘৰ্ষক লৈ উদ্বিগ্ন ভাৰত ৷ সেয়া আমি জ্ঞাত ৷ সেয়ে যিমান সোনকালে সম্ভৱ হয় এই যুদ্ধ সমাপ্ত কৰাৰ প্ৰয়াস কৰিব’’ ৷

লগতে তেওঁ ছাংহাই সহযোগিতা সংস্থাৰ (SCO) সন্মিলনৰ উদ্বোধনী ভাষণত কয়, ‘‘ৰাছিয়া-ইউক্ৰেনৰ সংঘৰ্ষ সন্দৰ্ভত ভাৰতৰ স্থিতি কি সেয়া আমি জানো ৷ সেয়ে আমিও সকলো সমাপ্ত কৰিব বিচাৰো’’ ৷

মোডীক জন্মদিনৰ শুভেচ্ছা জনালে পুটিনে :

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে মোডীক তেওঁৰ জন্মদিনত শুভেচ্ছা জনায় (Putin greets Modi on birthday)। তেওঁ কয়, ‘‘মই এইটোও জানো যে শনিবাৰে মোৰ মৰমৰ বন্ধুৰ ওপজা দিন ৷ ৰাছিয়ান পৰম্পৰা অনুসৰি, আমি কেতিয়াও কাকো আগতীয়াকৈ অভিনন্দন জ্ঞাপন নকৰো । গতিকে মই এতিয়া সেইটো কৰিব নোৱাৰো...

আমি বন্ধুত্বপূৰ্ণ ভাৰতীয় ৰাষ্ট্ৰৰ বাবে শুভকামনা জনাইছো আৰু আপোনাৰ নেতৃত্বত ভাৰতৰ সমৃদ্ধি কামনা কৰিছো’’ ৷

লগতে পঢ়ক : SCO Summit 2022 : ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ অংশগ্ৰহণ

Last Updated :Sep 17, 2022, 11:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.