PM Modi in Papua New Guinea : প্ৰধানমন্ত্ৰী মোডীক পাপুৱা নিউ গিনিত উষ্ম আদৰণি

author img

By

Published : May 22, 2023, 10:12 AM IST

PM Modi in Papua New Guinea

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পাপুৱা নিউ গিনিত উপস্থিত (PM Modi visits Papua New Guinea)। তেওঁ দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ বাবে ভাৰত আৰু ১৪ খন প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশৰ মাজত এক গুৰুত্বপূৰ্ণ সন্মিলনত অংশ ল'ব । পাপুৱা নিউ গিনি প্ৰধানমন্ত্ৰীয়ে তেওঁক উষ্ম আদৰণি জনায় ।

নেশ্যনেল ডেস্ক,২২ মে' : জাপান ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেওবাৰে পাপুৱা নিউ গিনিলৈ ৰাওনা হয় । পাপুৱা নিউ গিনিলৈ প্ৰথম ভ্ৰমণ হিচাপে প্ৰধানমন্ত্ৰীগৰাকী সোমবাৰে দেশখনত উপস্থিত হয় (PM Modi in Papua New Guinea)। উপস্থিত হোৱাৰ কেইঘণ্টামান পাছতে তেওঁ পাপুৱা নিউ গিনিৰ গভৰ্ণৰ জেনেৰেল বব ডেডৰ সৈতে বৈঠকত মিলিত হয় (PM Modi meets Governor General of Papua New Guinea)।

  • #WATCH पोर्ट मोरेस्बी (पापुआ न्यू गिनी): प्रधानमंत्री नरेंद्र मोदी ने पापुआ न्यू गिनी के गवर्नर जनरल सर बॉब दादा से मुलाकात की। pic.twitter.com/WEeRzVrXXY

    — ANI_HindiNews (@AHindinews) May 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মোডীয়ে সোমবাৰে প্ৰথমে এলা বীচত এপিইচি হাউচ পৰিদৰ্শন কৰে আৰু পাপুৱা নিউ গিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰ্পেয়ে তেওঁক আদৰণি জনায় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ পাপুৱা নিউ গিনিৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি থকা এখন ফটো টুইট কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পোৰ্ট মৰেছবিৰ এলা বীচৰ পাৰত থকা আইকনিক এপিইচি হাউচত উপস্থিত হৈছে । প্ৰধানমন্ত্ৰী জেমছ মাৰ্পে তেওঁক উষ্ম আদৰণি জনায় ।

তেওঁ টুইটাৰত কয় যে দুয়োগৰাকী নেতাই আঞ্চলিক সহযোগিতাৰ প্ৰচাৰৰ বাবে এফআইপিআইচি-৩ সন্মিলনৰ সহ-আয়োজন কৰিব (FIPIC 3 in Papua New Guinea)। চীনে এই ক্ষেত্ৰত নিজৰ আধিপত্য বৃদ্ধি কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে এই সন্মিলনখন অনুষ্ঠিত হৈছে । ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দেওবাৰে সন্ধিয়া জাপানৰ পৰা পোনো পোনে গৈ পাপুৱা নিউ গিনিত উপস্থিত হয় । জাপান ভ্ৰমণৰ সময়ত তেওঁ জি-৭ উন্নত অৰ্থনীতি সন্মিলনত অংশগ্ৰহণ কৰে আৰু বিশ্বৰ কেইবাজনো নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় ।

ইফালে ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া পাপুৱা নিউ গিনিলৈ প্ৰথমটো ভ্ৰমণ । প্ৰধানমন্ত্ৰী মোডীয়ে তিনিখন দেশৰ ভ্ৰমণৰ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ত উপস্থিত হৈছে । তেওঁক পাপুৱা নিউ গিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰ্পেয়ে বিমানবন্দৰত আদৰণি জনায় ।

এই সময়ছোৱাত পাপুৱা নিউ গিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰ্পেয়ে প্ৰধানমন্ত্ৰী মোডীৰ ভৰি স্পৰ্শ কৰা দেখা গৈছে । পাপুৱা নিউ গিনিত সাধাৰণতে সূৰ্যাস্তৰ পাছত অহা কোনো নেতাকে আনুষ্ঠানিকভাৱে আদৰণি জনোৱা দেখা নাযায় ।

অৱশ্যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে আদৰণি পৃথক আছিল । তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হৈছে । উল্লেখ্য যে ১৪ খন দেশৰ নেতাই এফআইপিআইচি সন্মিলনত অংশগ্ৰহণ কৰিব । সূত্ৰৰ মতে সাধাৰণতে যোগাযোগ আৰু অন্যান্য সমস্যাৰ বাবে সকলো নেতাক সাক্ষাৎ কৰা সম্ভৱ নহয় । এফ.আই.পি.আই.চি.-ত আছে কুক দ্বীপপুঞ্জ, ফিজি, কিৰিবাটি, ৰিপাব্লিক অফ দ্য মাৰ্শ্বেল দ্বীপপুঞ্জ, মাইক্ৰনেচিয়া, নাউৰু, নিউ, পালাউ, পাপুয়া নিউ গিনি, চামোৱা, চলোমন দ্বীপপুঞ্জ, টংগা, টুভালু আৰু ভানুৱাটু ।

লগতে পঢ়ক :PM Modi Papua New Guinea Visit : জাপান ভ্ৰমণ সামৰি পাপুৱা নিউগিনিলৈ ৰাওনা প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.