PM Modi meeting with Egyptian President : ভাৰত আৰু ইজিপ্তৰ মাজত ৫খন বুজাবুজি চুক্তি স্বাক্ষৰ

author img

By

Published : Jan 25, 2023, 6:12 PM IST

PM Modi meeting with Egyptian President

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত আৰু ইজিপ্তৰ মাজত কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰ (MoU sign between India and Egypt)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতাহ এল-চিচিৰ মাজত বৈঠক । গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইজিপ্তৰ ৰাষ্ট্ৰপতি ।

নেশ্যনেল ডেস্ক,২৫ জানুৱাৰী : গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী (Republic Day 2023)। এইবাৰ দিল্লীৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতাহ এল-চিচি (Egypt President to attend Republic day program)। মঙলবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে নেতাগৰাকী আহি ভাৰতত উপস্থিত হৈছে ।

ভাৰতত উপস্থিত হোৱাৰ পাছতে বুধবাৰে ইজিপ্ত ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠতক মিলিত হয় (Egypt President in India)। এই বৈঠকৰ অন্তত কৃষি, ডিজিটেল ডমেইন, সংস্কৃতি আৰু বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ উদ্দেশ্যে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে ।

এই বৈঠকত ভাৰত আৰু ইজিপ্তে ৫ খনকৈ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে (MoU sign between India and Egypt)। চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দল আৰু ইজিপ্তৰ কম্পিউটাৰ জৰুৰীকালীন প্ৰস্তুতি দলৰ মাজত প্ৰথমখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । দ্বিতীয়টো আছিল ভাৰত আৰু ইজিপ্তৰ মাজত তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ চুক্তি । এই দুয়োখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ৰে'ল, যোগাযোগ আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ইজিপ্তৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ড০ আমৰ আহমেদ চামিহ তালাতে ।

তৃতীয় বুজাবুজি চুক্তিখন সংস্কৃতিৰ ক্ষেত্ৰত স্বাক্ষৰিত হয় । বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ভাৰতৰ পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চামেহ হাছান শৌক্ৰিৰ । যুৱ কল্যাণ বিষয়তো দুয়োখন দেশৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ হয় । এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আৰু চামেহ হাছান শৌক্ৰিয়ে । পঞ্চম বুজাবুজি চুক্তিখন আছিল ভাৰতৰ প্ৰসাৰ ভাৰতী আৰু ইজিপ্তৰ ৰাষ্ট্ৰীয় মিডিয়া কৰ্তৃপক্ষৰ মাজত ।

বুজাবুজি চুক্তি সন্দৰ্ভত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইট কৰি কয় যে ইজিপ্তৰ সৈতে ভাৰতৰ সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত এই বুজাবুজি চুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । উল্লেখ্য যে ইজিপ্তৰ ৰাষ্ট্ৰপতিয়ে ২০১৫ চনত তৃতীয় ভাৰত-আফ্ৰিকা ফ'ৰাম সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰত ভ্ৰমণ কৰিছিল । ইয়াৰ পাছত ২০১৬ চনৰ ছেপ্টেম্বৰ মাহতো তেওঁ ভাৰত ভ্ৰমণ কৰিছিল ।

ইফালে ভাৰতৰ গণৰাজ্য দিৱসত ইজিপ্তৰ ৰাষ্ট্ৰপতিক প্ৰথমবাৰৰ বাবে মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে (Chief guest of Republic Day celebration)। ইজিপ্তৰ সেনাৰ এটা দলেও গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব । উল্লেখ্য যে ভাৰতে আৰৱ বিশ্বৰ লগতে আফ্ৰিকাৰ ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ ইজিপ্তৰ সৈতে সম্পৰ্ক অধিক সম্প্ৰসাৰিত কৰিবলৈ আগ্ৰহী ।

লগতে পঢ়ক :JP Naddas Son Weeding : জয়পুৰৰ ৰাজমহল পেলেচত জেপি নাড্ডাৰ পুত্ৰৰ ৰাজকীয় বিবাহ অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.