Rozgar Mela 2022: ৭১ হাজাৰ নিযুক্তি পত্ৰ প্ৰদান প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Nov 22, 2022, 12:43 PM IST

Rozgar Mela 2022

ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে ৭১,০৫৬ গৰাকী লোকক নিযুক্তি পত্ৰ বিতৰণ কৰে (PM Modi gives appointment letters)। শিক্ষক, প্ৰবক্তা, নাৰ্ছ, নাৰ্চিং বিষয়া, চিকিৎসক, ফাৰ্মাচিষ্ট, ৰেডিঅ'গ্ৰাফাৰ আৰু অন্যান্য কাৰিকৰী আৰু পেৰামেডিকেল পদসমূহো পূৰণ কৰা হৈছে । বিভিন্ন কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত গৃহ মন্ত্ৰালয়ে যথেষ্ট সংখ্যক পদ পূৰণ কৰিছে ।

নেশ্যনেল ডেস্ক,২২ নৱেম্বৰ : কেন্দ্ৰীয় চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে নিযুক্তি মেলাৰ জৰিয়তে ৭১,০৫৬ গৰাকী লোকক নিযুক্তি পত্ৰ বিতৰণ কৰে । নিযুক্তি মেলাৰ অংশ হিচাপে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই নিযুক্তি পত্ৰ প্ৰদান কৰে (PM Modi gives appointment letters at Rozgar Mela)।

নিযুক্তি পত্ৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যুৱপ্ৰজন্ম হৈছে দেশৰ আটাইতকৈ ডাঙৰ শক্তি আৰু চৰকাৰে তেওঁলোকৰ প্ৰতিভা ৰাষ্ট্ৰ নিৰ্মাণত ব্যৱহাৰ কৰাটো নিশ্চিত কৰাত সৰ্বাধিক অগ্ৰাধিকাৰ দিছে । প্ৰধানমন্ত্ৰী মোডীৰ মতে যেতিয়া দেশখনে অমৃত মহোৎসৱ পালন কৰিছে যুৱপ্ৰজন্মই এক নতুন যুগত নতুন দায়িত্ব লাভ কৰিছে । ভাৰতৰ নাগৰিকসকলে ভাৰতক এখন উন্নত দেশলৈ ৰূপান্তৰিত কৰাৰ সংকল্প লৈছে । তেওঁ লগতে কয় যে এই সংকল্প বাস্তৱত ৰূপায়িত কৰিবলৈ এই নতুন প্ৰজন্ম দেশৰ সাৰথি হ'বলৈ গৈ আছে ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে ৰোজগাৰ মেলা বা নিযুক্তি মেলা অধিক চাকৰি সৃষ্টি কৰাত আৰু যুৱসকলক সৱলীকৰণ আৰু ৰাষ্ট্ৰীয় উন্নয়নত পোনপটীয়াকৈ অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰাত এজেণ্ট হ'ব বুলি আশা কৰা হৈছে । ইয়াৰ পূৰ্বে অক্টোবৰত ৭৫,০০০ গৰাকী লোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল । গুজৰাট আৰু হিমাচল প্ৰদেশৰ বাহিৰে সমগ্ৰ দেশৰ ৪৫ টা স্থানত নিযুক্তি পত্ৰৰ প্ৰতিলিপি হস্তান্তৰ কৰা হ'ব (Appointment letters distributions)।

পূৰ্বে পূৰণ কৰা পদসমূহৰ উপৰিও শিক্ষক, প্ৰবক্তা, নাৰ্ছ, নাৰ্চিং বিষয়া, চিকিৎসক, ফাৰ্মাচিষ্ট, ৰেডিঅ'গ্ৰাফাৰ আৰু অন্যান্য কাৰিকৰী আৰু পেৰামেডিকেল পদসমূহো পূৰণ কৰা হৈছে । বিভিন্ন কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত গৃহ মন্ত্ৰালয়ে যথেষ্ট সংখ্যক পদ পূৰণ কৰিছে ।

ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে কৰ্মযোগী প্ৰাৰম্ভ মাপকাঠিও মুকলি কৰিছে (Modi launched Karmayogi Prarambh module)। মুকলিৰ পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে কৰ্মযোগী ভাৰত প্ৰযুক্তি মঞ্চত কেইবাটাও অনলাইন পাঠ্যক্ৰম আছে । এই মাপকাঠি বিভিন্ন চৰকাৰী বিভাগৰ সকলো নতুন নিযুক্তিৰ বাবে এটা অনলাইন দিকদৰ্শন পাঠ্যক্ৰম । য'ত অন্তৰ্ভুক্ত আছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক আচৰণ বিধি, কৰ্মস্থানৰ নৈতিকতা আৰু অখণ্ডতা, মানৱ সম্পদ নীতি আৰু অন্যান্য লাভালাভ আৰু ভাট্টা যি তেওঁলোকক নীতিবোৰৰ সৈতে খাপ খোৱাত আৰু নতুন ভূমিকালৈ সুচাৰুৰূপে পৰিৱৰ্তন কৰাত সহায় কৰিব । নিযুক্তিপ্ৰাপ্ত সকলে তেওঁলোকৰ জ্ঞান, দক্ষতা বৃদ্ধি কৰাৰ বাবে 'igotkarmayogi.gov.in' প্লেটফৰ্মত অন্যান্য পাঠ্যক্ৰম অন্বেষণ কৰাৰ সুযোগ পাব ।

লগতে পঢ়ক :New Election Commissioner: ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ অৰুণ গোৱেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.