PM Modi in Australia : অষ্ট্ৰেলিয়াত প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি

author img

By

Published : May 23, 2023, 11:18 AM IST

PM Modi in Australia

জাপান আৰু পাপুৱা নিউ গিনিৰ ভ্ৰমণৰ সামৰি সোমবাৰে অষ্ট্ৰেলিয়াত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi in Australia)। মঙলবাৰে তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিছক সাক্ষাৎ কৰিব । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ ।

নেশ্যনেল ডেস্ক,২৩ মে': দুদিনীয়া ভ্ৰমণসূচীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অষ্ট্ৰেলিয়াত উপস্থিত হৈছে (PM Modi in Australia)। তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী মোডী সোমবাৰে ছিডনীত উপস্থিত হয় য'ত তেওঁক উষ্ম আদৰণি জনোৱা হয় । ছিডনীত উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্কক প্ৰশংসা কৰে ।

প্ৰধানমন্ত্ৰীয়ে কয় যে দুয়োখন দেশৰ মাজত শীৰ্ষ পৰ্যায়ৰ পাৰস্পৰিক বিশ্বাসে স্বাভাৱিকতে সময়ৰ লগে লগে অধিক সহযোগিতালৈ ৰূপান্তৰিত হৈছে (PM Modi on India and Australia relations)। বিশেষকৈ প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি হৈছে বুলি তেওঁ উল্লেখ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছিডনীত অষ্ট্ৰেলিয়াৰ চুপাৰ চিইঅ' পল শ্ৰোডাৰক সাক্ষাৎ কৰে । আনহাতে মঙলবাৰে তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিছক সাক্ষাৎ কৰিব ।

এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে তেওঁ অষ্ট্ৰেলিয়াৰ সৈতে এই সম্পৰ্কক অধিক শক্তিশালী কৰিব বিচাৰে । যাৰ ফলত ভাৰত-প্ৰশান্ত মহাসাগৰ প্ৰতিৰক্ষা সম্পৰ্ক গভীৰ হ'ব । প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ভাৰত-প্ৰশান্ত অঞ্চল জলবায়ু পৰিৱৰ্তন, প্ৰাকৃতিক দুৰ্যোগ, সন্ত্ৰাসবাদ, যোগাযোগৰ সাগৰীয় পথৰ নিৰাপত্তা, জলদস্যু, অবৈধ মাছ ধৰাৰ দৰে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে (Bilateral relations between India and Australia)।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ভাৰতে বিশ্বাস কৰে যে এই প্ৰত্যাহ্বানসমূহ কেৱল যৌথ প্ৰচেষ্টাৰ জৰিয়তেহে সমাধান কৰিব পাৰি । প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ ৬ দিনীয়া বিদেশ ভ্ৰমণত তিনিখন দেশ সামৰি লৈছে (PM Modi foreign visits)। জাপান আৰু পাপুৱা নিউ গিনি ভ্ৰমণৰ পাছত তেওঁ সোমবাৰে ছিডনীত উপস্থিত হৈছে । অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিছক মৰমৰ বন্ধু বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে নতুন দিল্লী আৰু কেনবেৰাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক দ্ৰুতগতিত বৃদ্ধি হোৱাৰ ক্ষেত্ৰত ভাৰতীয় প্ৰবাসীসকলে বিশেষ ভূমিকা গ্ৰহণ কৰিছে ।

তেওঁ উল্লেখ কৰা মতে জনসাধাৰণৰ মাজৰ সম্পৰ্কই দুয়োখন দেশৰ অংশীদাৰিত্বত এক শক্তিশালী স্তম্ভ হৈ আছে । অষ্ট্ৰেলিয়াত প্ৰবাসী ভাৰতীয়ৰ সংখ্যা প্ৰতিবছৰে বৃদ্ধি পাইছে । তেওঁ কয় যে দ্ৰুতগতিত বাঢ়ি থকা ভাৰতীয় প্ৰবাসীয়ে দুয়োখন দেশৰ মাজত "জীৱন্ত দলং" হিচাপে কাম কৰিছে আৰু ক্ৰিকেটৰ প্ৰতি থকা প্ৰেমৰ বাবেও দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি পাইছে (PM Modi Australia visit)।

প্ৰধানমন্ত্ৰী মোডীৰ মতে ভাৰতে প্ৰতিৰক্ষা, নিৰাপত্তা, বিনিয়োগ, শিক্ষা, পানী, জলবায়ু পৰিৱৰ্তন আৰু নৱীকৰণযোগ্য শক্তি, ক্ৰীড়া, বিজ্ঞান, স্বাস্থ্য, সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে । ৰাছিয়া-ইউক্ৰেইন বিবাদ সন্দৰ্ভত ভাৰতৰ স্থিতি সম্পৰ্কে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ভাল বন্ধু হোৱাৰ এটা সুবিধা হৈছে যে মুকলিকৈ আলোচনা কৰিব পাৰি আৰু ইজনে সিজনৰ দৃষ্টিভংগীক প্ৰশংসা কৰিব পাৰে ।

লগতে পঢ়ক :PM Modi in Papua New Guinea : প্ৰধানমন্ত্ৰী মোডীক পাপুৱা নিউ গিনিত উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.