PM Modi Meet With Zelenskyy : জেলেনস্কিক বিবাদ সমাধানৰ আশ্বাস মোডীৰ

author img

By

Published : May 20, 2023, 7:42 PM IST

PM Modi Meet With Zelenskyy

জেলেনস্কিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "বিবাদ নিষ্পত্তিৰ বাবে ভাৰত আৰু মোৰ তৰফ পৰা যি কৰিব পাৰোঁ সেয়া কৰিম ।" উল্লেখ্য বিগত বছৰৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ পিচত দুয়োগৰাকী নেতাৰ মাজত এয়াই প্ৰথম বৈঠক (PM Modi Meet With Zelenskyy) ।

নিউজ ডেস্ক, ২০ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে হিৰোছিমাত অনুষ্ঠিত জি-৭ সন্মিলনত অংশগ্ৰহণ কৰে (PM Modi at Hiroshima G7 summit) । এই সন্মিলনত অংশগ্ৰহণৰ সময়তে মোডীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰে (PM Modi Meet With Zelenskyy at Hiroshima) । উক্ত সাক্ষাৎকালত মোডীয়ে মস্কো আৰু কিয়েভৰ মাজত চলি থকা সাম্প্ৰতিক সংঘৰ্ষ সমাধানৰ আশ্বাস দিয়ে । প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "বিবাদ নিষ্পত্তিৰ বাবে ভাৰত আৰু মই যি কৰিব পাৰোঁ সেয়া কৰিম ।" উল্লেখ্য যে বিগত বছৰৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ পিচত দুয়োগৰাকী নেতাই প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হৈছে (PM Modi on Russia Ukrain conflict) ।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "বিগত এক-ডেৰ বছৰ ধৰি আমি টেলিফোনযোগে বাৰ্তালাপ কৰি আহিছোঁ । কিন্তু গ্লাছগোৰ পিচত দীৰ্ঘদিনৰ মূৰত আমি দুয়োকে সাক্ষাৎ কৰিছোঁ ।" উল্লেখ্য যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে এই শক্তিশালী গ্ৰুপটোৰ বৰ্তমানৰ অধ্যক্ষ জাপানৰ আমন্ত্ৰণক্ৰমে সন্মিলনত অংশগ্ৰহণ কৰিছে । আনহাতে, ইউক্ৰেইন সংঘৰ্ষ আৰম্ভ হোৱাৰ পিচৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ লগতে ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে কেইবাবাৰো কথা পাতিছে (Modi assures Zelenskyy to resolve conflict) ।

উল্লেখ্য যে নতুন দিল্লীয়ে ইউক্ৰেইন-ৰাছিয়াৰ চলিত সংঘৰ্ষৰ কূটনৈতিক সমাধান বিচাৰি আছে । একে সময়তে প্ৰধানমন্ত্ৰী মোডীয়ে ছেপ্টেম্বৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক কৈছিল যে এতিয়া 'যুদ্ধৰ যুগ নহয়' । কূটনৈতিকভাৱে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতি পুটিনক 'হিংসা বন্ধ' কৰিবলৈ আৰু দুয়ো পক্ষকে আলোচনাৰ মেজলৈ আহিবলৈ পৰামৰ্শ দিয়ে ।

আনহাতে, যোৱা বছৰ ৪ অক্টোবৰত ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে কোনো সমস্যাৰে সামৰিক সমাধান হ'ব নোৱাৰে । লগতে ভাৰতে যিকোনো শান্তি প্ৰচেষ্টাত অৰিহণা যোগাবলৈ সাজু বুলিও উল্লেখ কৰে । তাৰ মাজতে ভাৰতে এই সংকট কূটনীতি আৰু আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগিব বুলি কোৱা নিজৰ সিদ্ধান্ত অটল আছে ।

উল্লেখ্য, বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গ্ৰুপ অব ছেভেন (Group of Seven summit) সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জাপানত আছে । প্ৰধানমন্ত্ৰীয়ে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিছিদাৰ আমন্ত্ৰণত পূব এছিয়াৰ দেশখন ভ্ৰমণ কৰিছে । আনহাতে, প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "ইউক্ৰেইনৰ যুদ্ধ বিশ্বৰ বাবে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় আৰু ই সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিছে । কিন্তু মই ইয়াক ৰাজনৈতিক বা অৰ্থনৈতিক বিষয় হিচাপে বিবেচনা নকৰোঁ, এয়া মোৰ বাবে মানৱতা, মানৱীয় মূল্যবোধৰ বিষয় ।"

লগতে পঢ়ক :Zelenskyy on Russian Attack : ৰাছিয়াই শীঘ্ৰেই প্ৰতিক্ৰিয়ামূলক পদক্ষেপ গ্ৰহণ কৰিব; জেলেনস্কি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.