WFI Controversy : ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিতৰ্কিত সভাপতি ব্ৰিজ ভূষণৰ হৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

WFI Controversy : ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিতৰ্কিত সভাপতি ব্ৰিজ ভূষণৰ হৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন
যন্তৰ মন্তৰত মল্লযুঁজাৰুৰ প্ৰতিবাদ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে যৌন কেলেংকাৰীত নাম সাঙোৰ খোৱা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ শুভাকাংক্ষীয়ে (Petition in court in favour of WFI President)। খেলুৱৈসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ বিচাৰি এই আবেদন দাখিল ।
নেশ্যনেল ডেস্ক,২৩ জানুৱাৰী : যৌন কেলেংকাৰীত নাম সাঙোৰ খোৱা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ হৈ এইবাৰ আদালতৰ কাষ চাপিল এজন যুৱক (Petition in favour of WFI President)। তেওঁৰ বিৰুদ্ধে প্ৰতিবাদত বহা মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ উদ্দেশ্যে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল বিতৰ্কিত নেতা তথা সভাপতিগৰাকীৰ শুভাকাংক্ষী । লগতে মল্লযুঁজাৰু বিনেশ ফোগট, বজৰং পুনিয়া আৰু আন কেইবাগৰাকী মল্লযুঁজাৰুৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়নৰ বাবে আদালতৰ নিৰ্দেশনা বিচাৰিলে যুৱকজনে ।
উল্লেখ্য যে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে একাংশ মল্লযুঁজাৰুৱে প্ৰতিবাদ অব্যাহত ৰাখিছে (Protest against Brij Bhushan Sharan Singh)। আন্তঃৰাষ্ট্ৰীয় মহিলা মল্লযুঁজাৰুক যৌন আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ ফেডাৰেচনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে (Sexual harassment allegation against WFI president)। কেইবাগৰাকী ভাৰতীয় মল্লযুঁজাৰুৱে সভাপতিগৰাকীৰ বিৰুদ্ধে যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে । এই প্ৰতিবাদৰ পাছতে বিষয়টোৱে দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । যাক লৈ সন্তুষ্ট নহয় ফেডাৰেচনৰ সভাপতিগৰাকীও ।
সেয়ে সোমবাৰে সভাপতিগৰাকীৰ হৈ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হয় । আবেদনকাৰীয়ে উল্লেখ কৰা মতে যদি সঁচাকৈয়ে তেওঁ যৌন নিৰ্যাতন চলাইছে তেনেহ'লে মল্লযুঁজাৰুসকলে আৰক্ষীৰ ওচৰত অভিযোগ কৰিব লাগিছিল বা আইনৰ জৰিয়তে ব্যৱস্থা ল'ব লাগিছিল ।
আবেদনখনৰ জৰিয়তে কোৱা হৈছে যে একাংশ মল্লযুঁজাৰুৱে আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰ কৰিছে আৰু ফেডাৰেচনৰ সভাপতিক পদত্যাগ কৰিবলৈ বাধ্য কৰাইছে । জানিব পৰা মতে ব্ৰিজ ভূষণ শৰণ সিঙৰ হৈ তেওঁৰ অশোক ৰোডৰ চৰকাৰী বাসভৱনত বাস কৰা বিকি নামৰ এজন লোকে এই আবেদনখন কৰিছে । আবেদনখনত অভিযোগ কৰা হৈছে যে প্ৰতিবাদকাৰী খেলুৱৈসকলে ৰাজহুৱাভাৱে মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ব্ৰিজ ভূষণৰ সুনাম আৰু সন্মানক কলুষিত কৰিছে ।
উল্লেখ্য যে শেহতীয়াকৈ সাক্ষী মালিক, বিনেশ ফোগাট আৰু বজৰং পুনিয়াকে ধৰি কেইবাগৰাকী তাৰকা মল্লযুঁজাৰুৱে দিল্লীৰ যন্তৰ মন্তৰত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল (WFI controversy)। শুকুৰবাৰে নিশা চৰকাৰী কৰ্তৃপক্ষই প্ৰতিবাদকাৰীক আশ্বাস দিছিল যে তেওঁলোকৰ অভিযোগবোৰ সমাধান কৰা হ'ব ।
ইয়াৰ পাছতে, তেওঁলোকে প্ৰতিবাদ প্ৰত্যাহাৰ কৰে আৰু ক্ৰীড়া মন্ত্ৰালয়ে ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও, ব্ৰিজ ভূষণক ৪ সপ্তাহৰ বাবে ফেডাৰেচনৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে । ইফালে, এক নিৰীক্ষণ সমিতিয়ে ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু বিত্তীয় অনিয়মৰ অভিযোগৰ তদন্ত কৰিব ।
লগতে পঢ়ক :Know about Brij Bhushan Sharan Singh : ব্ৰিজ ভূষণ শৰণ সিং আচলতে কোন ?
