প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে পাঞ্জাৱত সন্ত্ৰাসবাদীৰ কূটাঘাতৰ আশংকা

author img

By

Published : Aug 21, 2022, 2:18 PM IST

Pakistan

সন্ত্ৰাসবাদীৰ টাৰ্গেট পাঞ্জাৱ । প্ৰধানমন্ত্ৰীৰ মোহালি ভ্ৰমণৰ পূৰ্বে ৰাজ্যখনত হাই এলাৰ্ট জাৰি (Terror alert in Punjab)। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই এই সন্দৰ্ভত পাঞ্জাৱ আৰক্ষীক তথ্য দিছে । সন্ত্ৰাসবাদীৰ লক্ষ্য কেইবাগৰাকী নেতা আৰু বিষয়া ।

নেশ্যনেল ডেস্ক,২১ আগষ্ট : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২৪ আগষ্টত পাঞ্জাৱ ভ্ৰমণ কৰিব (PM Modi to visit Punjab)। তাৰ পূৰ্বে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIয়ে চণ্ডীগড় আৰু মোহালিত আক্ৰমণৰ অভিসন্ধি ৰচনা কৰিছে (Terrorist targets Chandigarh and Mohali)। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহে এই তথ্য ইতিমধ্যে পাঞ্জাৱ আৰক্ষীক অৱগত কৰিছে । যাৰ বাবে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পাঞ্জাৱত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সতৰ্কবাণী জাৰি কৰা হৈছে (Terror alert in Punjab)।

ইফালে শিখ ফ'ৰ জাষ্টিছৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুৱেও (Sikh for Justice chief Gurpatwant Singh Pannu) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মোহালি ভ্ৰমণৰ পূৰ্বে এটা ভিডিঅ' সতৰ্কবাণী মুকলি কৰিছে । ভিডিঅ'টোত পান্নুৱে কৈছে যে পূৰ্বেও তেওঁলোকে প্ৰধানমন্ত্ৰীক পাঞ্জাৱৰ পৰা ঘূৰাই পঠিয়াইছিল আৰু এইবাৰো প্ৰধানমন্ত্ৰীক ঘূৰাই পঠিয়াব বুলি সকীয়াই দিয়ে ।

তেওঁ উল্লেখ কৰা মতে ২৬ জানুৱাৰীত তেওঁলোকে পাঞ্জাৱত জনমত লাভ কৰিব । জনমত লাভৰ বাবে সংগঠনটোৰ কৰ্মীসকল পাঞ্জাৱৰ মোহালিত উপস্থিত হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

শেহতীয়াকৈ দিল্লীৰ পৰা পাঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৪ টাকৈ সন্ত্ৰাসবাদী (Punjab police arrests 4 militants)। ইয়াৰ ভিতৰত আছিল দীপক, ছানী, সন্দীপ সিং আৰু বিপন জাখৰ । সন্ত্ৰাসবাদী কেইটা কানাডাৰ গেংষ্টাৰ আৰ্শ দাল্লা আৰু অষ্ট্ৰেলিয়াৰ গুৰজন্ত জুন্টাৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে ।

জেৰাৰ সময়ত সন্ত্ৰাসবাদী কেইটাই প্ৰকাশ কৰা মতে দিল্লী আৰু মোগাৰ লগতে মোহালিও সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ আছে । ইয়াৰ পূৰ্বে ১৪ আগষ্টত পাঞ্জাৱ আৰক্ষীয়ে তেওঁলোকক পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সমৰ্থিত সন্ত্ৰাসবাদী মডিউল বুলিও ঘোষণা কৰিছিল । পাঞ্জাৱৰ ডিজিপিয়েও টুইটাৰত এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছিল ।

পাঞ্জাৱত কেইবাগৰাকী নেতা আৰু বিষয়াসকলকো সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছে । তেওঁলোকৰ ভিতৰত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ ৰন্ধাৱা, প্ৰাক্তন মন্ত্ৰী গুৰকীৰত কোটলী, বিজয় ইন্দৰ চিংলা আৰু পৰমিন্দৰ পিংকিৰ নাম আছে । কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই পাঞ্জাৱ আৰক্ষীলৈ ১০ গৰাকী লোকৰ এখন তালিকা প্ৰেৰণ কৰিছে । লগে লগে ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক :আৰক্ষীৰ বাহনত আইইডি স্থাপনত জড়িত থকাৰ সন্দেহত আন এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.