Over 9.79 lakh vacant: কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত 9.79 লাখতকৈও অধিক পদ খালী: সাধাৰণ প্ৰশাসন বিভাগ

author img

By

Published : Aug 4, 2022, 11:57 AM IST

Union Minister of State for Personnel Jitendra Singh

লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত সাধাৰণ প্ৰশাসন বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে(Union Minister of State for Personnel Jitendra Singh) বুধবাৰে কয় যে বিগত বৰ্ষৰ ১ মাৰ্চলৈকে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত 9.79 লাখতকৈও অধিক খালী পদ আছে (9.79 lakh vacant posts in different Central government departments)।

নেশ্যনেল ডেস্ক, 4 আগষ্ট: সমগ্ৰ দেশতে নিৱনুৱা সমস্যাই যুৱপ্ৰজন্মক জুৰুলা কৰিছে ৷ এটা চকাৰিৰ কাৰণে হাহাকাৰ কৰিছে শিক্ষিত যুৱক-যুৱতীয়ে ৷

ইয়াৰ মাজতে সাধাৰণ প্ৰশাসন বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে(Union Minister of State for Personnel Jitendra Singh ) বুধবাৰে কয় যে বিগত বৰ্ষৰ ১ মাৰ্চলৈকে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত 9.79 লাখতকৈও অধিক খালী পদ আছে (9.79 lakh vacant posts in different Central government departments)।

ইয়াৰে মুঠ 9,79,327 টা খালী পদৰ ভিতৰত 23,584 টা পদ প্ৰথম শাখাত 1,18,801 টা পদ দ্বিতীয় শাখাত আৰু 8,36,936 টা তৃতীয় শাখাত পদ খালী হৈ আছিল ৷ লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ পদসমূহ পূৰণ কৰাটো সংশ্লিষ্ট মন্ত্ৰালয়/বিভাগৰ দায়িত্ব৷ ই এক নিৰন্তৰ প্ৰক্ৰিয়া ।"

লগতে তেওঁ কয়, "কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয়/বিভাগক অচিৰেই সময়সীমাৰ ভিতৰত খালী পদসমূহ পূৰণ কৰাৰ বাবে নিৰ্দেশনা দিয়া হৈছে ৷"

লগতে পঢ়ক: Protest at Agartala : চৰকাৰী বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ দাবী SFI আৰু TSUৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.