Management in Ordnance Services: দেশৰ সামৰিক-অৰ্ধসামৰিক বাহিনীৰ প্ৰয়োজনীয়তা পূৰণত ব্যৰ্থ ডিফেন্স অৰ্ডনেন্স ডিপো

author img

By

Published : Jul 26, 2022, 9:23 AM IST

ORDNANCE DEPOTS FAILING TO MEET UP TO 77 PERCENT OF MILITARY REQUESTS

ডিফেন্স অৰ্ডনেন্স ডিপোসমূহে ষ্ট’ৰসমূহৰ পৰা অস্ত্ৰ-শস্ত্ৰ, বস্ত্ৰ, গোলা-বাৰুদ আৰু অন্যান্য সামগ্ৰীৰ বাবে কৰা অনুৰোধৰ বিপৰীতে ভাৰতীয় সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত ব্যৰ্থ হৈছে (Defence Ordnance depots are failing to cater to needs of Indian military)। এই সন্দৰ্ভত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ বৰুৱাৰ বিশেষ প্ৰতিবেদন ৷

নেশ্যনেল ডেস্ক, 26 জুলাই: কেন্দ্ৰীয় অস্ত্ৰ-শস্ত্ৰ ডিপো (COD) আৰু অস্ত্ৰ-শস্ত্ৰ ডিপো (OD)ৰ তথ্য ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ কাম-কাজৰ ধৰণ সম্পৰ্কে প্ৰকাশ কৰা প্ৰতিবেদনত নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকে (CAG) ভাৰতীয় সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ প্ৰয়োজনীয়তাসমূহ পৰ্যাপ্তভাৱে পূৰণ কৰিব নোৱাৰাৰ কথা উল্লেখ কৰি দুয়োটা সংস্থাৰ বিৰুদ্ধে ঘটাইছে বিস্ফোৰণ (CAG blasted CODs and ODs for inability to adequately meet demands) ।

শেহতীয়াকৈ লোকসভাত দাখিল কৰা “Inventory Management in Ordnance Services” শীৰ্ষক প্ৰতিবেদনখনত ৰাষ্ট্ৰীয় নিৰীক্ষকে(National auditor) উল্লেখ কৰিছে, “নিৰ্বাচিত চিঅ’ডি/অ’ডি-লৈ কৰা সামগ্ৰীৰ বাবে দিয়া অনুৰোধৰ সন্দৰ্ভত সন্তুষ্টিৰ স্তৰৰ বিষয়ে অডিট বিশ্লেষণে যোগান ধৰা তথ্য অনুসৰি, ডিপোসমূহক দাবী কৰা প্ৰয়োজনীয় সামগ্ৰী ইউনিটসমূহে যোগান ধৰিবলৈ বিফল হৈছিল আৰু 2014-15 ৰ পৰা 2018-19 বৰ্ষলৈ এই বিফলতাৰ পৰিমান 48.80 শতাংশৰ পৰা 77.05 শতাংশৰ ভিতৰত আছিল ।”

লগতে এইটোও আঙুলিয়াই দিয়াটো প্ৰাসংগিক যে, ডিপোসমূহে দাখিল কৰা তথ্যত এই বিফলতাৰ পৰিমান ১১%-৩৫% ৰ ভিতৰত দেখুওৱা হৈছে যদিও CAG ৰ পৰিসংখ্যা অনুসৰি এই পৰিমান ৪৮.৮০% ৰ পৰা ৭৭.০৫% ৰ ভিতৰত আছিল । CAG ৰ প্ৰতিবেদনখনত উল্লেখ কৰিলে এইধৰণে, “দেখা গ'ল, প্ৰকৃত বিফলতাৰ পৰিমান, ডিপোসমূহে দাখিল কৰা বিফলতাৰ হাৰতকৈ বহু শতাংশ বেছি আছিল” । প্ৰচলিত নিয়ম অনুসৰি, ব্যৱহাৰকাৰী ইউনিটৰ পৰা পোৱা দাবীসমূহ লাভ কৰাৰ ২২ দিনৰ ভিতৰত ডিপোসমূহে ইয়াক সম্পূৰ্ণ কৰিব লাগিব । সেই ডিপোৰ ষ্টকৰ পৰা যোগানৰ বাবে উপলব্ধ নোহোৱা ষ্ট’ৰসমূহক ডিপোটোৱে “dues-out” হিচাপে ৰাখিব লাগে ।

২০১৯ চনৰ মাৰ্চ মাহলৈকে ২২ দিনৰ সময়সীমা অতিক্ৰম কৰাৰ পিছতো বাকী থকা ব্যৱহাৰকাৰীৰ দাবীৰ সংখ্যা আছিল ৬,৪৯,০৪৫ টা । CAG ৰ তথ্য অনুসৰি ছমাহলৈকে বাকী থকা চাহিদা ১৪%-৬২%ৰ ভিতৰত আছিল আৰু ছমাহৰ পিছত ই হয়গৈ ৩৮%-৮৬%, যিয়ে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগানৰ ক্ষেত্ৰত ডিপোসমূহৰ এক বৃহৎ বিফলতাৰ ইংগিত দিয়ে ।

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত উল্লেখ কৰিছিল যে ফৰৱাৰ্ড অৰ্ডানেন্স এচেলন, আঞ্চলিক ডিপো পৰ্যায়ত ক্ৰয়, যোগানৰ অতিৰিক্ত উৎস চিনাক্তকৰণ, মেক ইন ইণ্ডিয়া আদিৰ দৰে পদক্ষেপ লোৱা হৈছিল (Ministry of Defence) । মন্ত্ৰালয়ৰ এই পদক্ষেপক গ্ৰহণ কৰাৰ সময়তে CAG-য়ে আঙুলিয়াই দিয়ে যে, ব্যৱহাৰকাৰীৰ দাবীক বিবেচনা কৰি মন্ত্ৰালয়ে অপূৰণীয় দাবীৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে ফলপ্ৰসূ আৰু স্থায়ী পদক্ষেপ গ্ৰহণ কৰা উচিত।

উল্লেখ্য, যুদ্ধ আৰু শান্তিৰ সময়ত ভাৰতীয় সামৰিক বাহিনীক সামগ্ৰী আৰু লজিষ্টিক যোগানৰ দায়িত্ব সেনাৰ অস্ত্ৰ-শস্ত্ৰ কৰ্পছ (AOC)ৰ । সশস্ত্ৰ বাহিনীক ষ্ট’ৰসমূহ যোগান ধৰাৰ কাম ডিপো আৰু ষ্ট’ৰ-হল্ডিং ইউনিটৰ নেটৱৰ্কৰ জৰিয়তে কৰা হয় । ক্ষেত্ৰ পৰ্যায়ত সামগ্ৰীৰ যোগান ধৰা, ক্ৰয় কৰা, মজুত কৰা আৰু পৰিচালনা কৰা ষ্ট’ৰৰ নিৰ্দিষ্ট সামগ্ৰীসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন ষ্টেচনত চি অ’ ডি আছে । পাৰফৰমেন্স অডিটত ২০১৪-১৫ চনৰ পৰা ২০১৮-১৯ চনলৈকে পাঁচ বছৰ সামৰি লোৱা হৈছিল আৰু ইয়াত কেৱল ‘A’ শ্ৰেণীৰ ষ্ট’ৰ বা অস্ত্ৰ ব্যৱস্থা আৰু টেংক, ৰাডাৰ, বন্দুক, বাহন আৰু হেলিকপ্টাৰৰ দৰে সম্পূৰ্ণ সঁজুলিহে আছিল ।

লগতে পঢ়ক: Indian Drone Industry : ২০২৪-২৫ বৰ্ষত ড্ৰোণ উদ্যোগত বিক্ৰী ৯০০ কোটিলৈ বৃদ্ধিৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.