Bihar political Crisis: বুধবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব নীতিশ কুমাৰে

author img

By

Published : Aug 9, 2022, 10:54 PM IST

Nitish to take oath tomorrow, Tejashwi likely to be his deputy in Mahagathbandhan

সঘনাই সলনি হৈছে বিহাৰ ৰাজনীতিৰ পট ৷ বুধবাৰে বিয়লি ২ বজাত নীতিশ কুমাৰ আৰু তেজস্বী যাদৱে শপতগ্ৰহণ কৰিব (Nitish Kumar will take oath as Bihar Chief Minister) ৷

নেশ্যনেল ডেস্ক, 9 আগষ্ট: বিজেপিৰ সৈতে ৰাজনৈতিক মধুচন্দ্ৰিকাৰ অন্ত পেলালে নীতিশ কুমাৰৰ জেডিইউয়ে (RJD BJP clash in Bihar) ! পাটনাৰ 'ৰাজনৈতিক পাৰ্টনাৰ' সাল-সলনিৰ জল্পনা-কল্পনাৰ মাজতে মঙলবাৰে দুপৰীয়া ৰাজ্যপালক সাক্ষাতৰ পাচতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ লগত মিত্ৰতা ভংগ কৰে(Bihar Chief Minister Nitish Kumar)।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰি মিত্ৰতা ভংগ কৰাৰ লগে লগে বিহাৰৰ ৰাজনৈতিক পট সলনি হয় ৷ আৰজেডি, কংগ্ৰেছ, এইচএএম আৰু বাওঁপন্থী দলসমূহৰ সৈতে নতুন চৰকাৰ গঠনৰ বাবে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি মিত্ৰতা ভংগ কৰিছিল নীতিশ কুমাৰে (Nitish Kumar will take oath as Bihar Chief Minister) ৷

ইয়াৰ পিছতে নীতিশ কুমাৰে বুধবাৰে বিয়লি ২ বজাত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাবে শপত ল'বলৈ সাজু হৈছে (Nitish to take oath tomorrow) । সমান্তৰালকৈ এই অনুষ্ঠানতে তেজস্বী যাদৱক উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব (Tejashwi likely to be his deputy in Mahagathbandhan)৷

নীতিশ কুমাৰে মুঠ ১৬০ জন বিধায়কৰ সমৰ্থন পত্ৰৰে পদত্যাগ কৰি মিত্ৰজোঁটৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ এই মিত্ৰজোঁটত আৰজেডিৰ ৭৯ জন বিধায়ক, জেডিইউ৪৫ জন, বাওঁদলৰ ১৯ জন, কংগ্ৰেছৰ ১৬ জন আৰু ১ জন নিৰ্দলীয় বিধায়কে সমৰ্থন কৰে বুলি জানিব পৰা গৈছে ৷

এই নতুন মন্ত্ৰীসভাত নীতিশ কুমাৰৰ জেডি (ইউ) আৰু তেজস্বী যাদৱৰ আৰজেডিয়ে ১৪ টাকৈ মন্ত্ৰীপদ লাভ কৰাৰ সম্ভাৱনা আছে ৷ ইফালে, মহাজোঁটৰ অংশ হৈ থকা কংগ্ৰেছে তিনিটা মন্ত্ৰীপদ লাভ কৰাৰ সম্ভাৱনা আছে ৷

ইফালে পুৰণি স্মৃতিক আঁতৰাই ৰাখি পুনৰ জেডিইউৰ সৈতে হাত মিলাবলৈ আৰজেডি আৰু কংগ্ৰেছে সদিচ্ছা দেখুৱাইছে । ২০২০ চনৰ বিধানসভা নিৰ্বাচনত দলৰ বিপুল সংখ্যক আসন হেৰুৱাই সংখ্যাৰ হিচাবত তিনি নম্বৰলৈ নামি যায় নীতিশ কুমাৰ ! এইমুহূর্তত ৰাজ্যখনৰ বিধানসভাত সৰ্ববৃহৎ দল লালুপ্ৰসাদৰ আৰজেডি । দলটোৰ বৰ্তমান নেতা তেজস্বী যাদৱ । আসনৰ সংখ্যাৰ হিচাব কৰিলে লালু-নীতিশ আৰু কংগ্রেছ একজোঁট হ'লে অনায়াসেই চৰকাৰ গঢ়িব পাৰিব । এই সম্ভাৱনা সঁচা হ'লে ২০২৪ চনৰ লোকসভা নির্বাচনৰ পূৰ্বে হিন্দী বলয়ৰ অন্যতম গুৰুত্বপূর্ণ ৰাজ্যখনত ক্ষমতাচ্যুত হ'ব বিজেপি । যিটো মোডী ব্ৰিগেডৰ বাবে এক মোক্ষম আঘাত হিচাবে বিবেচনা কৰা হৈছে । এইখিনিতে এবাৰ চাব বিচাৰিছোঁ ২০২০ চনৰ বিধানসভা নির্বাচনত বিহাৰৰ নিৰ্বাচনৰ ফলাফল ।

২০২০ চনত বিধানসভা নির্বাচনত বিহাৰত ২৪৩ আসনৰ ভিতৰত একক সংখ্যাগৰিষ্ঠ দল হিতাবে সকলোতকৈ বেছি সংখ্যক আসনত জয়লাভ কৰে লালুপ্রসাদ যাদৱৰ আৰজেডিয়ে (Lalu Prasad Jadav) । ৭৫টা সমষ্টিত জয়ী হয় লালুৰ দল । আনহাতে, বিজেপিয়ে জয়লাভ কৰে ৭৪খন আসনত । তিনি নম্বৰ স্থানত নীতিশ কুমাৰৰ জেডিইউৱে লাভ কৰে ৪৩খন আসন । কংগ্রেছৰ দখলত আছে বৰ্তমান ১৯খন আসন ।

লগতে পঢ়ক: Bihar Political Crisis : বিহাৰৰ ৰাজনীতিত নাটকীয় মোৰ, ৰাজ্যপালক সাক্ষাতৰ সময় বিচাৰিলে নীতিশ কুমাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.