Nitish Kumar Meets Kejriwal : নিৰ্বাচনী ৰণনীতি ! কেজৰিৱালক সাক্ষাৎ নীতিশ কুমাৰৰ

author img

By

Published : May 21, 2023, 3:05 PM IST

Nitish Kumar Meets Kejriwal

বিগত এটা মাহৰ ভিতৰত নীতিশ কুমাৰ আৰু অৰবিন্দ কেজৰিৱালৰ মাজত এইখন হৈছে দ্বিতীয় বৈঠক । জনতা দল (ইউনাইটেড)ৰ নেতাজনে ইয়াৰ পূৰ্বে ১২ এপ্ৰিলত দিল্লীৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল (Nitish Kumar meets Kejriwal) ।

নিউজ ডেস্ক, ২১ মে' : কৰ্ণাটকত নতুন কংগ্ৰেছ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ এদিন পিছতে দেওবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (Bihar Chief Minister Nitish Kumar) দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক (AAP national convenor Arvind Kejriwal) তেওঁৰ নিজৰ বাসভৱনত সাক্ষাৎ কৰে । উল্লেখ্য যে যিকেইজন অবিজেপি মুখ্যমন্ত্ৰীক কংগ্ৰেছে কৰ্ণাটক চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা নাছিল তাৰ ভিতৰত অন্যতম হৈছে কেজৰিৱাল । উল্লেখ্য যে কংগ্ৰেছে এই শপত গ্ৰহণ অনুষ্ঠানক বিৰোধী দলবোৰৰ একত্ৰিত শক্তি হিচাপেও প্ৰদৰ্শন কৰিব বিচাৰিছিল (Nitish Kumar met Delhi CM Arvind Kejriwal) ।

উল্লেখ্য যে নীতিশ কুমাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মুখামুখী হ'বলৈ বিৰোধী দলসমূহৰ মাজত এক বৃহত্তৰ ঐক্য গঢ়ি তোলাৰ যি প্ৰচেষ্টা চলাই আছে তাৰ অংশ হিচাপেই কেজৰিৱালক সাক্ষাৎ কৰে । উক্ত বৈঠকত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱো উপস্থিত থাকে । আনহাতে, বিগত এটা মাহৰ ভিতৰত নীতিশ কুমাৰ আৰু কেজৰিৱালৰ মাজত এইখন হৈছে দ্বিতীয়খন বৈঠক । জনতা দল (ইউনাইটেড)ৰ নেতাজনে ইয়াৰ পূৰ্বে ১২ এপ্ৰিলত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল (Nitish Kumar to opposition unity) ।

প্ৰণিধানযোগ্য যে কংগ্ৰেছৰ সৈতে কেজৰিৱালৰ সম্পৰ্ক মসৃণ হোৱাৰ পৰা এতিয়াও বহু দূৰৈত আছে । তেনে পৰিপ্ৰেক্ষিতত নীতিশ কুমাৰে দুয়োটা দলৰ মাজত সম্পৰ্ক গঢ়ি তোলাৰ যোগসূত্ৰকাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈ আছে । কিয়নো তেওঁ যিকোনো বিৰোধী ঐক্যৰ বাবে দেশৰ সবাতোকৈ পুৰণি দলটোক গুৰুত্বপূৰ্ণ বুলি ভাবে । আনহাতে, আপে এসময়ৰ কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত দিল্লী আৰু পঞ্জাব দখল কৰিছে । যাৰ বাবে দুয়োটা দলৰ মাজত দূৰত্ব বহু বেছি ।

ইফালে কংগ্ৰেছ নেতাসকলৰ এটা অংশই বিশ্বাস কৰে যে সমষ্টি পুনৰ হস্তগত কৰাটো এই ৰাজ্যসমূহত দলটোক পুনৰুজ্জীৱিতকৰণৰ মূল চাবিকাঠি আৰু ইয়াৰ সৈতে যিকোনো আপোচেই তেওঁলোকৰ পৰিকল্পনাত বাধা দিব পাৰে । তাৰ মাজতে নীতিশ কুমাৰে বিৰোধী ঐক্য কাৰ্যসূচীৰ অংশ হিচাপে আঞ্চলিক দলসমূহক লগ কৰি আহিছে । অৱশ্যে তাৰ মাজতো ই এতিয়াও এক সুদৃঢ় ৰূপ ল'বলৈ বাকী আছে ।

লগতে পঢ়ক :Anti Sikh Riots Case : কংগ্ৰেছ নেতা জগদীশ টাইটলাৰৰ বিৰুদ্ধে চিবিআইৰ অভিযোগনামা দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.