NIA operation against PFI : দেশত ১০০ৰো অধিক PFI কৰ্মীক গ্ৰেপ্তাৰ

author img

By

Published : Sep 22, 2022, 1:03 PM IST

NIA operation against PFI

PFIৰ বিৰুদ্ধে দেশজুৰি NIAৰ সৰ্ববৃহৎ অভিযান । সমগ্ৰ দেশৰ ১০ খন ৰাজ্যত চলিছে নিয়াৰ এই অভিযান (NIA raid in 10 states)। অভিযানত ১০০ৰো অধিক PFI নেতা-কৰ্মীক গ্ৰেপ্তাৰ । অসমতো গ্ৰেপ্তাৰ ৯জন PFI সদস্য ৷ সন্ত্ৰাসবাদী সংগঠনক সহযোগৰ লগতে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ সংগঠনটোৰ বিৰুদ্ধে ।

নেশ্যনেল ডেস্ক, ২২ ছেপ্টেম্বৰ : দেশজুৰি পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুক পিএফআই সংগঠনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ (NIA) বৃহৎ অভিযান (NIA operation against PFI)। দেশৰ প্ৰায় ১০ খন ৰাজ্যৰ পৰা ১০০ৰো অধিক পিএফআই নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰে সংস্থাটোৱে (Over 100 PFI leader arrested in India)। বৃহস্পতিবাৰে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি NIA, ED আৰু আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে এই বৃহৎ সংখ্যক পিএফআই কৰ্মীক ।

দেশ বিৰোধী কাৰ্যকলাপ আৰু সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন কৰাৰ অভিযোগত সংগঠনৰ বিৰুদ্ধে চলোৱা হৈছে এই অভিযান । ইফালে সংস্থাটোৱে উল্লেখ কৰা মতে এয়া সংস্থাটোৰ সৰ্ববৃহৎ অভিযান । সূত্ৰৰ মতে পিএফআই আৰু ৰাজ্যিক সমিতিৰ কাৰ্যালয়ৰ উপৰিও ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় নেতাসকলৰ বাসগৃহত NIAৰ দলে অভিযান চলাইছে ।

১০ ৰাজ্যৰ ভিতৰত অন্যতম অসম । অসমৰ গুৱাহাটীকে ধৰি কেইবাটাও স্থানত পিএফআইৰ বিৰুদ্ধে চলোৱা অভিযানত প্ৰায় ৯ গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা গৈছে (PFI leader arrested in Assam)। অসমৰ উপৰিও তেলেংগানা, কেৰালা, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু কেইবাখনো ৰাজ্যত চলোৱা হৈছে এই অভিযান ।

NIAৰ অভিযানৰ পাছতে পিএফআইয়ে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰাও দেখা গৈছে । NIAৰ এই অভিযানক সমালোচনা কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সংগঠনটো । সংগঠনটোৱে অভিযোগ কৰা মতে চৰকাৰৰ বিৰুদ্ধে সংগঠনটোৰ প্ৰতিবাদী কণ্ঠস্বৰ ৰুদ্ধ কৰিবলৈ এই অভিযান চলাইছে ।

ইফালে এই মাহৰ আৰম্ভণিতে NIAয়ে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ ৪০ টা স্থানত পিএফআইৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল । সংস্থাটোৱে সেই সময়ত তেলেংগানাৰ ৩৮ টা স্থানত আৰু অন্ধ্ৰ প্ৰদেশৰ দুটা স্থানত অভিযান চলাইছিল । অভিযানটোত বিভিন্ন ডিজিটেল সামগ্ৰী, নথিপত্ৰ, দুখন চুৰি আৰু ৮,৩১,৫০০ টকা জব্দ কৰিছিল ।

উল্লেখ্য যে ১৯৯২ চনত বাবৰি মছজিদ ধ্বংসৰ পাছত তিনিটা ইছলামিক সংগঠনক একত্ৰিত কৰি ২০০৬ চনত কেৰালাত পিএফআই গঠন কৰা হৈছিল । তিনিটা সংগঠন আছিল কেৰালাৰ ৰাষ্ট্ৰীয় উন্নয়ন মৰ্চা (National Development Front of Kerala), কৰ্ণাটক ফ'ৰাম ফৰ ডিগনিটি (Karnataka Forum for Dignity) আৰু তামিলনাডুৰ মণিথা নীথি পাছাৰী (Manitha Neethi Pasari) ।

লগতে পঢ়ক :গুৱাহাটীৰ হাতীগাঁৱত গ্ৰেপ্তাৰ PFIৰ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.