JK G20 meet : জি-20 পূৰ্বে জম্মু-কাশ্মীৰৰ একাধিক স্থানত NIA-ৰ অভিযান

author img

By

Published : May 20, 2023, 8:20 PM IST

JK G20 meet

দুদিন পিচত শ্ৰীনগৰত অনুষ্ঠিত হ'ব ভাৰতৰ জি-২০ কাৰ্যকৰী গোটৰ বৈঠক । তাৰ পূৰ্বে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এক বৃহৎ অভিযান আৰম্ভ কৰে । জম্মু-কাশ্মীৰৰ কেইবাখনো জিলাৰ একাধিক স্থানত NIA-ই অভিযান চলায় (NIA raids in Jammu Kashmir) ।

নিউজ ডেস্ক, ২০ মে' : শ্ৰীনগৰত অনুষ্ঠিত হ'বলগীয়া জি-২০ বৈঠকৰ (G20 meeting in Srinagar) পূৰ্বে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency) জম্মু-কাশ্মীৰৰ কেইবাখনো জিলাৰ একাধিক স্থানত সন্ত্ৰাসবাদী সংগঠনসমূহৰ সন্দেহযুক্ত সহযোগী আৰু আত্মগোপনকাৰী কৰ্মীসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে (NIA raids in Jammu Kashmir) । এই অভিযান কাশ্মীৰ ডিভিজনৰ শ্ৰীনগৰ, পুলৱামা, কুপৱাৰা, অৱন্তীপোৰা আৰু অনন্তনাগৰ ১৬ টাতকৈও অধিক স্থানত আৰু জম্মু ডিভিজনৰ কেইবাটাও স্থানত চলি আছে ।

NIA-ৰ বিষয়াসকলে দক্ষিণ কাশ্মীৰৰ গুচু, নেহমা আৰু দফাৰপুৰা অঞ্চলতো অভিযান চলায় । সূত্ৰ অনুসৰি, জামাত-ই-ইছলামীৰ (Jamaat-e-Islami) সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে । অভিযানৰ সময়ত সন্দেহযুক্ত লোকৰ নথি-পত্ৰ, মোবাইল ফোন আৰু অন্যান্য সামগ্ৰী পৰীক্ষা কৰা হয় ।

উল্লেখ্য, শনিবাৰে পুৱা পুলৱামা জিলাত অভিযান আৰম্ভ হয় । এই অভিযানত বৃহৎ সংখ্যক আৰক্ষী আৰু চিআৰপিএফ (Central Reserve Police Force) উপস্থিত থাকে । উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে তদন্ত সংস্থাটোৱে সন্ত্ৰাসবাদীৰ আৰ্থিক সাহায্য সন্দৰ্ভত জিলাসমূহৰ বিভিন্ন অঞ্চলত অভিযান চলাইছিল । এই সময়ছোৱাত পৰৱৰ্তী অনুসন্ধানৰ বাবে তদন্তকাৰী সংস্থাই তিনিজন লোকক জিম্মাত নিজৰ লয় ।

অহা ২২-২৪ মে'লৈকে শ্ৰীনগৰত জি-২০ পৰ্যটন কৰ্মী গ্ৰুপৰ বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে NIA-ই নিজৰ অভিযান তীব্ৰ কৰি তুলিছে (G20 tourism working group meeting in Srinagar) । বিগত তিনি সপ্তাহত NIA-ই জম্মু আৰু কাশ্মীৰৰ বিভিন্ন স্থানত সন্ত্ৰাসবাদী গোটৰ সৈতে জড়িত লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ 60 টাতকৈও অধিক স্থানত অভিযান চলায় ।

সূত্ৰত প্ৰকাশ পোৱা মতে, এই অভিযানবোৰ আত্মগোপনকাৰী সদস্য আৰু উপত্যকাটোত কেডাৰৰ জৰিয়তে চলি থকা সন্ত্ৰাসবাদী সংগঠনসমূহৰ কাৰ্যকলাপৰ বিৰুদ্ধে চলি থকা তদন্তৰ অংশ । এই সন্ত্ৰাসবাদী সংগঠনবোৰৰ ভিতৰত আছে ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট জম্মু আৰু কাশ্মীৰ (United Liberation Front Jammu Kashmir) আৰু জম্মু আৰু কাশ্মীৰ স্বাধীনতা সংগ্ৰামী (Jammu Kashmir Freedom Fighters, JKFF) ।

লগতে পঢ়ক : PM Modi Meet With Zelenskyy : জেলেনস্কিক বিবাদ সমাধানৰ আশ্বাস মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.