Durga Puja in Tripura : সপ্তমীৰ পৰা নৱমীলৈ চলিব দুখন বিশেষ যাত্ৰীবাহী ৰে’ল

author img

By

Published : Oct 1, 2022, 9:28 PM IST

Durga Puja in Tripura

দুৰ্গা পূজা উপলক্ষে ত্ৰিপুৰাত NF ৰে’লৱেৰ বিশেষ পদক্ষেপ (Durga Puja in Tripura) ৷ যাত্ৰী তথা ভক্তসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি NF ৰে’লৱে ত্ৰিপুৰাত সপ্তমীৰ পৰা নৱমীলৈ অতিৰিক্ত দুখন যাত্ৰীবাহী ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (NFR to run additional passenger trains in Tripura) ৷ এই বিশেষ ৰে’লকেইখন সপ্তমীৰ পৰা নৱমীলৈ আগৰতলা-ধৰ্মনগৰ-আগৰতলা আৰু আগৰতলা-চাব্ৰুম-আগৰতলাৰ মাজত চলাচল কৰিব৷

আগৰতলা, 1 অক্টোবৰ : আজি মহা ষষ্ঠী ৷ দেশৰ ভিন্ন প্ৰান্তত অতি ধুম-ধামেৰে আয়োজন কৰা হৈছে মহিষ মৰ্দিনী মা দুৰ্গাৰ আৰাধনা ৷ বিগত প্ৰায় দুটা বছৰৰ পাচত সমগ্ৰ দেশবাসীয়ে মুকলিমুৰীয়াকৈ মা দুৰ্গাৰ আৰাধনাত মগ্ন হৈ পৰিছে ৷ বাদ পৰি ৰোৱা নাই ত্ৰিপুৰাবাসীও (Durga Puja in Tripura) ৷

ত্ৰিপুৰাৰ বিশেষকৈ NF ৰে’লৱে দুৰ্গা পূজা উপলক্ষে যাত্ৰী তথা ভক্তসকলৰ বাবে এক বিশেষ সেৱা প্ৰদান কৰিছে (NFR to run additional passenger trains in Tripura) ৷ যাত্ৰী তথা ভক্তসকলে যাতে পূজা চাবলৈ যাওঁতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি NF ৰে’লৱে ত্ৰিপুৰাত সপ্তমীৰ পৰা নৱমীলৈ অতিৰিক্ত দুখন যাত্ৰীবাহী ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Two additional pairs of passenger trains in Tripura) ৷

এই বিশেষ ৰে’লকেইখন সপ্তমীৰ পৰা নৱমীলৈ আগৰতলা-ধৰ্মনগৰ-আগৰতলা আৰু আগৰতলা-চাব্ৰুম-আগৰতলাৰ মাজত চলাচল কৰিব বুলি জানিব পৰা গৈছে (Tripura NFR special arrangement for Durga Puja)। এই বিশেষ ৰে’লকেইখন আগৰতলা ৰে’ল ষ্টেচনৰ পৰা পুৱা 5:15 বজাত উত্তৰ জিলাৰ ধৰ্মনগৰলৈ বিশেষ ৰে'ল চলাচল কৰিব ৷

লগতে পঢ়ক : দুৰ্গা পূজা উপলক্ষে ত্ৰিপুৰা আৰক্ষীৰ কঠোৰ নিৰাপত্তা ব্যৱস্থা

আনকি নিৰ্ধাৰিত সময় অনুসৰি পুৱা 8:45 বজাত ধৰ্মনগৰত উপস্থিত হ’ব । সেই ৰে’লখন পুনৰ পুৱা 10:30 বজাত ধৰ্মনগৰৰ পৰা ৰাওনা হ’ব আৰু দুপৰীয়া 2 বজাৰ ভিতৰত আগৰতলাত উপস্থিত হ’ব । আনহাতে, দক্ষিণ জিলাৰ আগৰতলাৰ পৰা চাব্ৰুমলৈ যোৱা বিশেষ ৰে’লখন আগৰতলা ৰে’ল ষ্টেচনৰ পৰা দুপৰীয়া 2:15 বজাত ৰাওনা হ’ব আৰু বিয়লি 4:35 বজাত চাব্ৰুমত উপস্থিত হ’ব ।

পুনৰ সেই ৰে’লখনে বিয়লি 5 বজাত আগৰতলা চাৰব্ৰুম ৰাওনা হ’ব আৰু বিয়লি 7:35 বজাত আগৰতলাত উপস্থিত হ’ব ।এই বিশেষ ৰে’লসমূহত থাকিব মুঠ 7 টা ডবা । যাত্ৰী তথা ভক্তসকলৰ সুবিধাৰ্থে NF ৰে’লৱে দুৰ্গা পূজাৰ তিনিদিনৰ বাবে শুভাৰম্ভ কৰা এই বিশেষ ৰে’ল সেৱাৰ বিষয়ে এক বিজ্ঞপ্তিৰ যোগে সদৰী কৰে ৰাজ্যিক পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব সুব্ৰত চৌধুৰীয়ে (Special Train During Durga Puja Festival In Tripura) ৷

লগতে পঢ়ক : চেলা পাছৰ সুৰংগৰ নিৰ্মাণ কাৰ্য ৮0 শতাংশ সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.