Naxal killed in Encounter: নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত নক্সাল সদস্যৰ মৃত্যু

author img

By

Published : Aug 1, 2022, 4:53 PM IST

Naxals gunned down

ছত্তীশগড়ৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে নক্সালবাদী গোটৰ সংঘৰ্ষ ৷ সংঘৰ্ষত নিহত এজন নক্সালবাদী গোটি সদস্য(Naxal killed in encounter in Chhattisgarh) ৷

নেশ্যনেল ডেস্ক, 1 আগষ্ট: আৰক্ষী-নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত নক্সালবাদী বিদ্ৰোহী(Encounter in Chhattisgarh forest) ৷ সোমবাৰে ছত্তীশগড়ৰ চুকমা জিলাৰ(Chattisgarh Sukma District) এখন অৰণ্যত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত এজন নক্সালবাদী নিহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ভেজ্জী থানাৰ সীমাৰ অন্তৰ্গত ভাণ্ডাৰপাদৰ গাঁৱৰ সমীপৰ এখন অৰণ্যত আজি পুৱা জিলা ৰিজাৰ্ভ গাৰ্ডৰ এটা দলে নক্সাল বিৰোধী অভিযান চলায় আৰু প্ৰচণ্ড গুলীয়াগুলী হয় বুলি আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে(Inspector General of Police Sundarraj P) জানিবলৈ দিয়ে ।

পুৱা প্ৰায় ৭: ৩০ বজাত টহলদাৰী আৰক্ষীৰ দলে অৰণ্যৰ মাজেৰে অভিযান চলাওঁতে দুয়োপক্ষৰ মাজত মুখামুখি গুলীচালনা সংঘটিত হয় বুলি আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে কয় । গুলীয়াগুলী শাম কটাৰ পাছতে উক্ত স্থানৰ পৰা এগৰাকী বিদ্ৰোহীৰ মৃতদেহ উদ্ধাৰ কৰা হয় বুলি আই জিয়ে জানিবলৈ দিয়ে আৰু লগতে কয় যে প্ৰাইমা ফেচি মৃত কেডাৰজনক মাওবাদীৰ এগৰাকী সংমণ্ডলীয় সমিতিৰ সদস্য (ডিভিচি) মাদভি হাদমা বুলি চিনাক্ত কৰা হৈছে ।

সমীপৱৰ্তী এলেকাবোৰত তালাচী অভিযান চলি আছিল বুলিও আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়ে । সুকমা জিলাৰ পৃথক পৃথক এনকাউণ্টাৰত বিগত দহ দিনৰ ভিতৰত এয়া তৃতীয়টো এনে ঘটনা । মূৰৰ মূল্য 5 লাখ টকা নিৰ্ধাৰণ কৰা এগৰাকী নক্সালবাদী বিদ্ৰোহী যোৱা ২৯ জুলাইৰ দিনা বিন্দ্ৰপানী গাঁৱৰ সমীপত আৰক্ষীৰ গুলীত নিহত হয় ৷ একেদৰে ফুলবাগদী অঞ্চলত আন এগৰাকী বিদ্ৰোহী নেতাক গুলীয়াই হত্যা কৰা হয় ।

লগতে পঢ়ক: 6 yr old girl complains to PM Modi: আপুনি মোৰ পেঞ্চিল, ৰবৰ আৰু মেগীৰ দাম বৃদ্ধি কৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.