National Girl Child Day 2023: প্ৰকৃতাৰ্থত আগবাঢ়িবলৈ দিয়ক কন্যাক, তেতিয়াহে আগবাঢ়িব দেশ

author img

By

Published : Jan 24, 2023, 6:33 PM IST

National Girl Child Day 2023 Date Theme History Significance and Why It is Celebrated

ভাৰতবৰ্ষত প্ৰতি বছৰে ২৪ জানুৱাৰীত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয় । আজিৰ সময়ত দেশৰ কন্যা সন্তানে প্ৰতিটো ক্ষেত্ৰতে নিজৰ নাম বিখ্যাত কৰি তুলিছে । কিন্তু আজিও ভাৰতত কন্যা জন্মত মানুহ দুখী হৈ পৰে । কন্যা আৰু পুত্ৰৰ মাজত থকা বৈষম্য আজিও আমাৰ সমাজত দেখা পোৱা যায় ।

আমাৰ দেশৰ স্বাধীনতাৰ পিছৰে পৰা ভাৰত চৰকাৰে কন্যা সন্তানক দেশৰ প্ৰথম স্থানলৈ অনাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আহিছে । ইয়াৰ বাবেই আৰম্ভ হ’ল ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন(National girl child day significance)।

দেশৰ কন্যাসকলক সৱলীকৰণৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈ ২৪ জানুৱাৰীত এই বিশেষ দিনটো উদযাপন কৰাৰ ই এক বিশেষ কাৰণ(National girl child day 2023 date) । গতিকে জানো আহক কিয় কেৱল ২৪ জানুৱাৰীতেই ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়(National girl child day history)।

২৪ জানুৱাৰীত কিয় পালন কৰা হয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ?

উল্লেখযোগ্য যে, প্ৰতি বছৰে ২৪ জানুৱাৰীক কন্যা শিশু দিৱস হিচাপে পালন কৰাৰ এক বিশেষ কাৰণ আছে । এই কাৰণ ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে জড়িত । ১৯৬৬ চনত ইন্দিৰা গান্ধীয়ে দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে(National girl child day 2023 theme) ।

২৪ জানুৱাৰী ভাৰতৰ ইতিহাস আৰু মহিলা সবলীকৰণৰ এক গুৰুত্বপূৰ্ণ দিন । উল্লেখযোগ্য যে এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে দেশৰ কন্যা শিশুসকলক নিজৰ অধিকাৰৰ প্ৰতি সচেতন কৰোৱা ।

অনুষ্ঠানৰ আয়োজন

দেশৰ কন্যাৰ সমান্তৰালকৈ সমাজত ছোৱালীৰ প্ৰতি হোৱা বৈষম্যৰ বিষয়ে সকলো ৰাইজক সজাগ কৰাটোৱেই এই দিৱসৰ উদ্দেশ্য বুলি বিবেচিত হৈছে । প্ৰতি বছৰে এই দিনটোতে ৰাজ্য চৰকাৰসমূহে নিজ নিজ ৰাজ্যত সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে ।

উল্লেখযোগ্য যে, যোৱা বছৰ অৰ্থাৎ ২০২২ চনত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আৰু অমৃত মহোৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন অঞ্চলৰ ছাত্ৰীৰ সৈতে ভাৰ্চুৱেল মিটিংৰ জৰিয়তে মত বিনিময় কৰিছিল । ইয়াৰ উপৰিও কন্যা শিশু দিৱসৰ দিনা বিভিন্ন ৰাজ্য আৰু বহু ৰাজনৈতিক দলৰ দ্বাৰা বহু অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, য’ত বহু ছোৱালীয়েও অংশগ্ৰহণ কৰিছিল । এইবাৰো যথেষ্ট অনুষ্ঠানৰ আয়োজন কৰা হ’ব যাতে দেশৰ কন্যাসকলক উৎসাহিত কৰিব পৰা যায় ।

এই বছৰৰ থীম

২০২১ চনত ‘ডিজিটেল প্ৰজন্ম, আমাৰ প্ৰজন্ম’ শীৰ্ষক বিষয়বস্তুৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হৈছিল । ইয়াৰ বাহিৰেও ২০১৯ চনত ইয়াৰ থীম আছিল ‘উজ্জ্বল ভৱিষ্যতৰ বাবে কন্যা শিশুৰ সবলীকৰণ’ আৰু ২০২৩ চনত কি থীম হ’ব, চৰকাৰে এতিয়াও ইয়াৰ বিষয়ে স্পষ্ট তথ্য দিয়া নাই ।

উল্লেখ্য যে, দেশৰ কন্যাক সম অধিকাৰ প্ৰদানৰ বাবে ভাৰত চৰকাৰে সমাজত বিভিন্ন আঁচনি আৰু পৰিকল্পনাও আৰম্ভ কৰিছে । উল্লেখযোগ্য যে, ২০১৫ চনৰ ২২ জানুৱাৰীত ভাৰত চৰকাৰে আৰম্ভ কৰা কন্যা শিশুটিৰ সুবিধাৰ্থে চৰকাৰে চলাই থকা ‘বেটী বচাও বেটী পঢ়াও’ আঁচনিখনো চৰকাৰে চলাই আছে ।

কন্যা সন্তানৰ জন্ম সন্দৰ্ভত ভ্ৰূণ হত্যা, অন্ধবিশ্বাস বিয়পোৱা আৰু ল’ৰাৰ তুলনাত ছোৱালীক তুচ্ছজ্ঞান কৰা আৰু বিভিন্ন ক্ষেত্ৰত সম অধিকাৰৰ পৰা বঞ্চিত কৰা আদি বিষয় এই দিনটোৰ মাজেৰে উত্থাপন হয় ।

লগতে পঢ়ক: Soaked vs raw dry fruits: বজাৰৰ পৰা কিনি অনা শুকান ফল আমি কিদৰে খোৱা উচিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.