Bomb Blast Threat in Mumbai : মুম্বাই আৰক্ষীলৈ বোমা বিস্ফোৰণৰ ভাবুকি বাৰ্তা, অভিযুক্তক আটক

author img

By

Published : May 23, 2023, 3:06 PM IST

Bomb Blast Threat in Mumbai

মুম্বাই আৰক্ষীলৈ বোমা বিস্ফোৰণৰ ভাবুকি (Bomb Blast threat in Mumbai) । মুম্বাই মহানগৰত বোমা বিস্ফোৰণৰ ভাবুকিৰে মুম্বাই আৰক্ষীলৈ টুইট । এজনক আটক ।

নিউজ ডেস্ক, ২৩ মে' : মুম্বাই মহানগৰ আৰক্ষীক বোমা বিস্ফোৰণৰ ভাবুকি (bomb blast threat to mumbai police) । কোনো অজ্ঞাত অভিযুক্তই এই বিস্ফোৰণৰ ভাবুকি দিয়ে । টুইটাৰত এই ভাবুকি দিয়া হয় মুম্বাই আৰক্ষীক । যাৰ ফলত সতৰ্ক হৈ পৰে মুম্বাই আৰক্ষী (Bomb Blast Threat in Mumbai) । ততাতৈয়াকৈ আৰম্ভ কৰে এই ভাবুকিৰ অনুসন্ধান । আনহাতে, আৰক্ষীৰ অনুসন্ধানৰ পিছত এজন সন্দেহযুক্ত ব্যক্তিক আটক কৰে মুম্বাই আৰক্ষীয়ে । সূত্ৰত প্ৰকাশ পোৱা মতে, এই সন্দৰ্ভত অধিক তদন্ত চলি আছে (Mumbai Police threatened on Twitter) ।

ইফালে মুম্বাই আৰক্ষীক বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ পিছতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই । জানিব পৰা মতে, মুম্বাই চহৰত বোমা বিস্ফোৰণৰ ভাবুকি লাভৰ পিছতে মুম্বাই আৰক্ষী সতৰ্ক হৈ পৰে । ঘটনা সন্দৰ্ভত চলোৱা অনুসন্ধানত এজন সন্দেহজনক ব্যক্তিক আটক কৰিছে (1 detained in mumbai bomb threat) ।

উল্লেখ্য যে এজন অজ্ঞাত ব্যক্তিয়ে সোমবাৰে নিশা মুম্বাই আৰক্ষীৰ টুইটাৰ হেণ্ডেলত এটা বাৰ্তা প্ৰেৰণ কৰে । তাত অজ্ঞাত ব্যক্তিজনে লিখিছিল, "মই মুম্বাইত বিস্ফোৰণ কৰিবলৈ গৈ আছোঁ ।" এই টুইটটো লাভ কৰাৰ পিছতে মুম্বাই আৰক্ষীৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । লগে লগে আৰক্ষীয়ে টুইটাৰত বাৰ্তা প্ৰেৰণ কৰা অভিযুক্তজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে । তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাটোত জড়িতৰ সন্দেহত এজন ব্যক্তিক আটক কৰে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ পুংখানুপুংখভাৱে অনুসন্ধান আৰম্ভ কৰিছে ।

ইয়াৰ পূৰ্বেও মুম্বাই আৰক্ষীলৈ আহিছিল এটা ভাবুকিপূৰ্ণ ফোন কল । মুম্বাই আৰক্ষীয়ে ২১ মে'ত এটা ভাবুকিপূৰ্ণ ফোন কল লাভ কৰিছিল । ফোন কলত অভিযুক্তই জনাইছিল যে মুম্বাইত ২৬/১১-ৰ দৰে বোমা বিস্ফোৰণ হ'বলৈ গৈ আছে । তাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে তাৎক্ষণিক তদন্ত আৰম্ভ কৰে আৰু অভিযুক্তজনক ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰে । একেদৰে ফেব্ৰুৱাৰী মাহতো মুম্বাইত আক্ৰমণ কৰাৰ ভাবুকি লাভ কৰিছিল আৰক্ষীয়ে । ফেব্ৰুৱাৰী মাহত সন্দেহজনক ব্যক্তিজনে মুম্বাইত NIA-ক আক্ৰমণ কৰাৰ ভাবুকি দিছিল ।

লগতে পঢ়ক :Manish Sisodia Money Laundering Case : মণীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ১ জুনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.