চিতাইহে কেৱল চিতা আনিব, কুকুৰক নহয় : সাংসদ সাক্ষী মহাৰাজ

author img

By

Published : Sep 18, 2022, 12:47 PM IST

Etv Bharat

পুনৰ চৰ্চাত সাংসদ সাক্ষী মহাৰাজ ৷ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ (PM Modi turns 72) দিনাই চিতা আৰু কুকুৰ সন্দৰ্ভত মন্তব্য কৰে সাংসদ সাক্ষী মহাৰাজে ৷

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ : 72 বছৰীয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi turns 72) ৷ দেশজুৰি শনিবাৰৰ পৰা 2 অক্টোবৰলৈ পালন কৰা হৈছে প্ৰধানমন্ত্ৰী মোডীৰ 72 বছৰীয়া জন্মদিন ৷ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে দেশজুৰি বিজেপিয়ে পালন কৰিবলৈ হাতত লৈছে ‘‘সেৱা পষেক’’ (Sewa Pakhwada in Unnao) ।

চিতাইহে কেৱল চিতা আনিব, কুকুৰক নহয় : সাংসদ সাক্ষী মহাৰাজ

সেৱা পষেক উপলক্ষে ছত্তিশগড়তো উদযাপন কৰা হৈছে প্ৰধানমন্ত্ৰীৰ জন্মদিন ৷ শনিবাৰে ছত্তিশগড়ত উদযাপন কৰা প্ৰধানমন্ত্ৰীৰ জন্মদিন অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে সাংসদ সাক্ষী মহাৰাজ (MP Sakshi Mahara ) ৷

এই অনুষ্ঠানতে তেওঁ কয়, ‘‘প্ৰয়োজন হ’লে ভগৱানক মই অনুৰোধ কৰিম যে মোৰ বয়সো প্ৰধানমন্ত্ৰী মোডীক দি দিয়ক ৷ মই বেয়া নাপাঁও’’ । লগতে ভাৰতৰ পৰা বিলুপ্ত হোৱা বুলি ইতিমধ্যে চৰকাৰীভাৱে ঘোষণা কৰাৰ 70 বছৰৰ পিছত পুনৰ ভাৰতলৈ চিতা বাঘ ঘূৰাই অনাৰ সন্দৰ্ভত তেওঁ কয়, ‘‘চিতাইহে কেৱল চিতা আনিব, কুকুৰক নহয়’’ (cheetah will bring cheetah only not dog)।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন, ৰাষ্ট্ৰপতি মূৰ্মুয়ে জনালে শুভেচ্ছা

বিজেপি সাংসদ সাক্ষী মহাৰাজে কয়, ‘‘প্ৰধানমন্ত্ৰী মোডীৰ দৰে লোকৰ জন্ম হাজাৰ হাজাৰ বছৰত এবাৰ হয় । তেওঁ অৱতাৰী মানুহ । তেওঁলোকে ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আৰু দুষ্টলোকক দমন কৰিবলৈহে এই পৃথিৱীলৈ আহে’’ । লগতে তেওঁ কয়, ‘‘নিউ ইণ্ডিয়া গঢ়া সুভাষ চন্দ্ৰ বসুৰ দৰে শ্বহীদসকলৰ কিছুমান অসম্পূৰ্ণ সপোন হৈ ৰৈছিল ৷

সেই সপোনবোৰৰ কাম এতিয়া প্ৰধানমন্ত্ৰী মোডীয়ে কৰিছে । তাৰ ভিত্তিত আমি উন্নাওত প্ৰথম জন্মদিনত ৰক্তদানেৰে সেৱা পষেক আৰম্ভ কৰিছো’’ ।

লগতে পঢ়ক : 72 বছৰীয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.