Murder in Madhya Pradesh : পিতৃক হত্যাৰ বাবে পুত্ৰই অনলাইনযোগে আনিলে হত্যাকাৰী

author img

By

Published : Jul 26, 2022, 11:07 AM IST

Murder in Madhya Pradesh

মধ্যপ্ৰদেশৰ এক হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে (Sensational murder in Madhya Pradesh)। সম্পত্তিৰ লোভত চৰম সীমা অতিক্ৰম কৰিলে এজন পুত্ৰই । নিজৰ পিতৃকে হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰিলে দানৱৰূপী পুত্ৰই । আনকি পিতৃক হত্যাৰ বাবে অনলাইনত হত্যাকাৰীও ভাড়ালৈ পুত্ৰই । অৱশেষত হত্যাকাৰী আৰু হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা পুত্ৰ সোমাল ৰঙাঘৰত ।

নেশ্যনেল ডেস্ক,২৬ জুলাই : মধ্যপ্ৰদেশত নৃশংস ঘটনা (Brutal incidents in Madhya Pradesh)। পিতৃক হত্যাৰ উদ্দেশ্যে পুত্ৰই ভাড়ালৈ আনিলে হত্যাকাৰী (Son hires killer to kill father)। ভাড়াত অনা হত্যাকাৰীয়ে ৫৯ বছৰীয়া পিতৃক কৰিলে নৃশংসভাৱে হত্যা । ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা সমগ্ৰ ৰাজ্যখনত ।

ঘটনাটো সংঘটিত হৈ মধ্যপ্ৰদেশৰ পিচোৰ চহৰত (Pichhore town murder case)। মহেশ গুপ্তা নামৰ লোক এজনক শুই থকা অৱস্থাতে তেওঁক কোঠাতে গুলীয়াই হত্যা কৰে কোনো দুৰ্বৃত্তই । হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে । বিহাৰৰ বাসিন্দা অভিযুক্ত হত্যাকাৰী অজিত সিং, মৃত মহেশ গুপ্তাৰ পুত্ৰ অংকিত আৰু অংকিতৰ বন্ধু নিতিন লোধি ।

কিন্তু হত্যাকাণ্ডৰ ৰহস্যৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব । ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে জনাইছে । আৰক্ষী অধীক্ষক ৰাজেশ সিং চান্দেলে ঘটনা সন্দৰ্ভত কয় যে এই হত্যাকাণ্ডত লোকজনৰ পুত্ৰ অংকিতৰ ওপৰত প্ৰথম অৱস্থাত সন্দেহ আছিল আৰক্ষীৰ । কিয়নো তেওঁ ঘৰৰ তলৰ কোঠাত শুই আছিল আৰু পিতৃ তৃতীয় মহলাত শুই থকা অৱস্থাত হত্যা কৰা হৈছিল ।

যাৰ বাবে আৰক্ষীয়ে অংকিতক জেৰা আৰম্ভ কৰে । জেৰাৰ অন্তত ঘটনাৰ ৰহস্য পোহৰলৈ আহে । আৰক্ষীয়ে জনোৱা মতে পিতৃৰ সৈতে পুত্ৰ অংকিতৰ প্ৰায়ে কাজিয়াৰ সূত্ৰপাত হৈছিল । কিয়নো অংকিত সুৰাৰ প্ৰতি আসক্ত আছিল । লগতে জুৱা আৰু অন্যান্য অপৰাধমূলক কাৰ্যকলাপতো জড়িত থকাৰ বাবে পিতৃয়ে তেওঁ টকা দিবলৈ অস্বীকাৰ কৰিছিল ।

অৱশেষত অংকিতে অনলাইনত হত্যাকাৰীৰ অনুসন্ধান আৰম্ভ কৰিলে আৰু সংগ্ৰহ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি, তেওঁ ফেচবুকৰ জৰিয়তে তেওঁৰ পিতৃক অপহৰণ আৰু হত্যা কৰাৰ বাবে বিহাৰৰ 'অজিত কিং' গোটৰ এটা দলৰ সৈতে যোগাযোগ স্থাপন কৰে । পিতৃক হত্যাৰ বাবে আনকি ১ লাখ টকা দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে অংকিতে ।

ইফালে সমগ্ৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰ ৰচনা কৰাত অংকিতে তেওঁৰ বন্ধু লোধিৰ সহায় লয় । ১২ জুলাইত অংকিতে ফেচবুকত যোগাযোগ কৰা হত্যাকাৰী অজিত সিঙৰ একাউণ্টত ১০,০০০ টকা জমা কৰে । অংকিত আৰু লোধিয়ে পিছত ঝাঞ্চি ৰেল ষ্টেচনত সিঙক সাক্ষাৎ কৰে আৰু শিৱপুৰী জিলাৰ লাবেদা তিৰাহা অঞ্চলত থকাৰ ব্যৱস্থা কৰি দিয়ে (MP man hired killer to kill his Father)।

যেতিয়া সিঙে তেওঁলোকক হত্যাৰ পৰিকল্পনাৰ বিষয়ে সুধিছিল অংকিত আৰু লোধিয়ে তেওঁক কয় যে পৰিকল্পনাটো বাতিল কৰা হৈছে কিয়নো তেওঁলোকে টকাখিনিৰ ব্যৱস্থা কৰিব নোৱাৰিলে । যেতিয়া হত্যাকাৰীজনে টকাৰ বাবে জোৰ দিয়ে, অংকিতে তেওঁৰ পিতৃক হত্যা কৰাৰ পৰিকল্পনাৰ বিষয়ে কয় । লোধিয়ে হত্যাকাণ্ডত ব্যৱহৃত এটা দেশীয় পিষ্টল আৰু কাৰ্ট্ৰিজৰ ব্যৱস্থা কৰি দিয়ে ।

পৰিকল্পনা মতে ২১-২২ জুলাইৰ মাজনিশা অংকিতে তেওঁৰ পত্নী আৰু জীয়েকক তলৰ মহলাৰ আন এটা কোঠাত শুবলৈ কয় আৰু হত্যাকাৰীটোক পুৱা প্ৰায় ২ মান বজাত ঘৰত প্ৰৱেশ কৰিবলৈ কয় । অংকিতৰ পত্নীয়ে বন্দুকৰ গুলীৰ শব্দ শুনি সাৰ পাইছিল, কিন্তু অংকিতে সেয়া বজ্ৰপাতৰ শব্দ বুলি কৈছিল । গুপ্তাক হত্যা কৰাৰ পিছতে, হত্যাকাৰী সিং ঘৰৰ পৰা ওলাই যায় আৰু অংকিতে ঘৰটো ভিতৰৰ পৰা বন্ধ কৰি দিয়ে ।

পুৱা অংকিতে চুবুৰীয়া আৰু আৰক্ষীক কয় যে কোনো অচিনাক্ত লোকে তেওঁৰ পিতৃক হত্যা কৰি থৈ গৈছে । আৰক্ষীয়ে জনোৱা মতে অংকিতৰ মাতৃৰ প্ৰায় ২০ বছৰ পূৰ্বে মৃত্যু হৈছিল আৰু মাতৃও পুত্ৰৰ সৈতে আছিল ।

জানিব পৰা মতে মহেশ গুপ্তাৰ আন এগৰাকী পুত্ৰ সেনাত কাম কৰিছিল আৰু শেহতীয়াকৈ তেওঁ আত্মহত্যা কৰাৰ পিছত ১ কোটি টকাৰ ক্ষতিপূৰণ লাভ কৰিছিল । ইয়াৰ উপৰিও, গুপ্তাই পেঞ্চনও পাইছিল আৰু সেই টকাখিনিৰ ওপৰত চকু আছিল অংকিতৰ । আৰক্ষীয়ে জনোৱা মতে হত্যাকাৰী সিঙক উত্তৰ প্ৰদেশৰ গোৰখপুৰ ৰেল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে, আনহাতে অংকিত আৰু নিতিন লোধিক পিচোৰ চহৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু গোচৰটোৰ অধিক তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক :Love Jihad : প্ৰৱঞ্চনাৰে দুই ভগ্নীক যৌন নিৰ্যাতন যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.