MP Brijbhushan Singh attacked wrestlers : প্ৰতিবাদকাৰী মল্লযুঁজাৰুক পুনৰ আক্ৰমণ ব্ৰীজ ভূষণৰ
Published: May 21, 2023, 3:44 PM


MP Brijbhushan Singh attacked wrestlers : প্ৰতিবাদকাৰী মল্লযুঁজাৰুক পুনৰ আক্ৰমণ ব্ৰীজ ভূষণৰ
Published: May 21, 2023, 3:44 PM
উত্তৰ প্ৰদেশৰ গোণ্ডাত সাংসদ ব্ৰীজ ভূষণ সিঙৰ গুৰুত্বপূৰ্ণ মন্তব্য (Brijbhushan Singh in Gonda)। যৌন শোষণ আইনৰ সংশোধনৰ দাবী ব্ৰীজ ভূষণৰ । ৫ জুনত সকলোকে অযোধ্যালৈ যোৱাৰ আহ্বান ব্ৰীজ ভূষণৰ ।
নেশ্যনেল ডেস্ক,২১ মে': বিতৰ্কিত সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে (Protest against Brijbhushan Singh)। দেশৰ একাংশ তাৰকা মল্লযুঁজাৰুৱে ব্ৰীজ ভূষণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে । তাৰ মাজতে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক উদ্দেশ্যি ব্ৰীজ ভূষণৰ আক্ৰমণ ।
কাইজাৰগঞ্জ লোকসভাৰ বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙে গোণ্ডাত উপস্থিত হৈ কয় যে "যদি কোনোবাই জোৰ দিয়ে যে মই মিছা ক'বলৈ মান্তি হম, তেন্তে ই কাৰোবাৰ জীৱন ধ্বংস কৰিব পাৰে, মোৰ ভংগীমা বুজি পাওক (Brijbhushan Singh attacked wrestlers)।"
ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা উল্লেখ কৰি ব্ৰীজ ভূষণ শৰণ সিঙে কয় যে তেওঁ ২০১৪ চনত ৰাজনীতিৰ পৰা অৱসৰ ল'ব বিচাৰিছিল । ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত, তেওঁ বাহৰাইচত অমিত শ্বাহক লগ পাইছিল আৰু তেওঁক এই কথা কৈছিল । কিন্তু শ্বাহে তেওঁক অৱসৰ ল'বলৈ নিদিলে । নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ শ্বাহে তেওঁক আহ্বান জনাই বুলি উল্লেখ কৰে ।
সাংসদ ব্ৰীজ ভূষণ সিঙে লগতে কয় যে যৌন নিৰ্যাতন আইন সলনি কৰাৰ প্ৰয়োজন আছে । ব্ৰীজ ভূষণ শৰণ সিঙে শনিবাৰে কয় যে এটা পৰিসংখ্যাই প্ৰকাশ কৰিছে যে যৌন নিৰ্যাতনৰ অভিযোগৰ বাবে প্ৰতি ঘণ্টাত ২০০ জন যুৱকে আত্মহত্যা কৰে (Brijbhushan Singh on sexual Harassment Act)।
এই সময়ছোৱাত তেওঁ অযোধ্যাত অনুষ্ঠিত হ'বলগীয়া জনচেতনা মহা ৰেলীৰ বাবে জনসাধাৰণৰ পৰা জনসমৰ্থন বিচাৰিছে । ৫ জুনত অযোধ্যাৰ ৰাম কথা উদ্যানত সমগ্ৰ দেশৰ সাধুসকল উপস্থিত থাকিব । সেয়ে সাধুসকলৰ আহ্বানত কমেও ১১ লাখ লোক তাত একত্ৰিত হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে । সাধুসকলে সেইদিনা কথা পাতিব আৰু গোটেই দেশে শুনিব । সাধুসকলে যিয়েই নকওঁক, তেওঁলোকে ৰাইজৰ হৈ, ৰাইজৰ কল্যাণৰ বাবে আৰু ৰাইজৰ ভৱিষ্যতৰ বাবে কথা পাতিব । তেওঁ দাবী কৰা মতে কোনেও দেশৰ সাধুসকলৰ কণ্ঠস্বৰ দমন কৰিব নোৱাৰে ।
উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সাংসদসকলে তেওঁলোকৰ লোকসভা সমষ্টিত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিৰন্তৰ সমৰ্থন সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে । ব্ৰীজ ভূষণেও একেধৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰ মাজতে গোণ্ডাত উপস্থিত হৈ নেতাগৰাকীয়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :Karnataka election results : কৰ্ণাটক নিৰ্বাচনৰ ফলাফল মহিলা মল্লযুঁজাৰুৰ অভিশাপৰ ফল
