Har Ghar Tiranga in Assam: ৰাজ্যজুৰি বিক্ৰী কৰা হৈছে ৫৩ লাখ ৰাষ্ট্ৰীয় পতাকা

author img

By

Published : Aug 9, 2022, 10:01 PM IST

Har Ghar Tiranga

সমাগত 75 সংখ্যক স্বাধীনতা দিৱস ৷ ইয়াৰ লগত সংগতি ৰাখি অসমত এতিয়ালৈকে হৰ ঘৰ ত্ৰিৰংগা আঁচনিৰ অধীনত প্ৰায় 53 লাখ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী হৈছে । এই কথা সদৰি কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjeet Kumar Dass on Har ghar tiranga mission)৷

গুৱাহাটী, 9 আগষ্ট: সমাগত 75 সংখ্যক স্বাধীনতা দিৱস (Independence Day 2022)৷ এইবাৰ দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস পূৰ্বতকৈ অধিক উলহ-মালহেৰে পালন কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Narendra Modi) বিভিন্ন আঁচনি হাতত লৈছে ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা অনুসৰি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেশজুৰি আজাদী কা অমৃত মহোৎসৱৰ(Azadi Ka Amrit Mahotsav) অধীনত 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ (Har Ghar Tiranga mission in India) আয়োজন কৰিছে ।

প্ৰতিগৰাকী ভাৰতীয়ক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই আন্দোলনক আগবঢ়াই নিবলৈও প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক আহ্বান জনায় । লগতে সকলোকে 2 আগষ্টৰ পৰা 15 আগষ্টলৈ ৰাষ্ট্ৰীয় পতাকাক সামাজিক মাধ্যমৰ প্লেটফৰ্মত তেওঁলোকৰ একাউণ্টৰ প্ৰ'ফাইল ছবি হিচাপে ৰাখিবলৈও তেওঁ আহ্বান জনায় ।

এতিয়ালৈ ৰাজ্যখনত হৰ ঘৰ ত্ৰিৰংগা আঁচনিৰ অধীনত প্ৰায় 53 লাখ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী হৈছে । এই কথা সদৰি কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjeet Kumar Dass on Har ghar tiranga mission)৷

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ৰাজ্যখনত থকা 34 হেজাৰ সুলভ মূল্যৰ দোকানত 39 লাখ ৰাষ্ট্ৰীয় পতাকা বিক্ৰীৰ বাবে দায়িত্ব দিয়া হৈছিল ৷ এতিয়ালে ইয়াৰে প্ৰায় 20 লাখ পতাকা ৰাইজে ক্ৰয় কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে লগতে সদৰী কৰে যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনেও ৰাজ্যখনত আত্ম-সহায়ক গোটসমূহৰ জৰিয়তে 35 লাখ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ এতিয়ালৈ ইয়াৰে 33 লাখ পতাকা বিক্ৰী হৈছে ৷

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যৰ 65 লাখ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৰাজ্য চৰকাৰে ৷ এতিয়াও স্বাধীনতা দিৱসলৈ মাজত আছে 6 টাকৈ দিন ৷ সেয়েহে ৰাজ্য চৰকাৰে 65 লাখ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্যত নিশ্চিতভাৱে উপনীত হ'ব পৰা যাব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰোপৰি 13 আগষ্টৰ পৰা 15 আগষ্টলৈ "হৰ ঘৰ ত্ৰিৰংগা’’ কাৰ্যসূচী সফল কৰি তুলিবলৈ জনসাধাৰণে দেখুওৱা উৎসাহ, উদ্দীপনা আৰু সঁহাৰিৰ বাবে মন্ত্ৰীগৰাকীয়ে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক: Tripura political crisis: বিজেপি-তৃণমূল কংগ্ৰেছৰ নেতাৰ কংগ্ৰেছত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.