MH Governor Bhagat Singh Koshiyari: মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ দ্বায়িত্বৰ পৰা অব্যাহতি বিচাৰিছে ভগত সিং কোশিয়াৰীয়ে

author img

By

Published : Jan 23, 2023, 7:33 PM IST

MH Governor Bhagat Singh Koshiyari

মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ দ্বায়িত্বৰ পৰা অব্যাহতি বিচাৰিছে ভগত সিং কোশিয়াৰীয়ে (MH Governor Bhagat Singh Koshiyari) ৷ সোমবাৰে এক পত্ৰযোগে ৰাজ্যপালগৰাকীয়ে সদৰী কৰিছে এই কথা ৷ ইতিমধ্যেই এই বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিছে মহাৰাষ্ট্ৰৰ ৰাজ্যপালগৰাকীয়ে ৷

নেশ্যনেল ডেস্ক, 23 জানুৱাৰী: সকলো ৰাজনৈতিক দ্বায়িত্বৰ পৰা অব্যাহত বিচাৰিছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে (MH Governor Bhagat Singh Koshyari) ৷ ইতিমধ্যেই এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অৱগত কৰিছে ৰাজ্যপালগৰাকীয়ে ৷ সোমবাৰে, মহাৰাষ্ট্ৰৰ ৰাজভৱনৰ পৰা প্ৰকাশ কৰা এখন পত্ৰত ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰে যে, এতিয়াৰে পৰা জীৱনৰ বাকী থকা সময়খিনি মই কিতাপ পঢ়ি, লিখি আৰু আন আন কামত অতিবাহিত কৰিব বিচাৰিছোঁ ৷ ৰাজ্যপালগৰাকীয়ে লগতে, এগৰাকী ৰাজসেৱকৰ দ্বায়িত্ব পালন কৰি কৃতজ্ঞতাও প্ৰকাশ কৰে ৷

ইয়াৰ লগতে পত্ৰখনত উল্লেখ কৰিছে, ‘‘বিগত তিনি বছৰতকৈ অধিক সময়ত মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ পৰা পোৱা মৰম আৰু ভালপোৱা মই কেতিয়াও পাহৰিব নোৱাৰোঁ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শেহতীয়া মুম্বাই ভ্ৰমণৰ সময়ত লগ পায় মই তেওঁক সকলো ৰাজনৈতিক দায়িত্ব পৰা অব্যাহতি দিবলৈ আৰু মোৰ জীৱনৰ বাকী সময়ছোৱা পঢ়া, লিখা আৰু অন্যান্য কাৰ্যকলাপত অতিবাহিত কৰাৰ ইচ্ছাৰ বিষয়ে অৱগত কৰিছিলোঁ । মই সদায় প্ৰধানমন্ত্ৰীৰ পৰা মৰম আৰু মৰম লাভ কৰি আহিছোঁ আৰু এই ক্ষেত্ৰতো মই এক ইতিবাচক সঁহাৰি লাভ কৰিম বুলি আশা কৰিছোঁ’’ (MH governor wants retirement) ৷

উল্লেখ্য, দুসপ্তাহ পূৰ্বে ভগত সিং কোশিয়াৰীয়ে ৰাজ্যপালৰ ভূমিকাই কেৱল অসন্তুষ্টি কঢ়িয়াই আনিছে বুলি উল্লেখ কৰিছিল ৷ ইয়াৰ পিচতেই এতিয়া সকলো ৰাজনৈতিক দ্বায়িত্বৰ পৰা অব্যাহতি ল’ব বিচাৰিছে ৰাজ্যপালগৰাকীয়ে (Bhagat Singh Koshiyari wants to step down) ৷

স্মৰ্তব্য যে, 2019 চনত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাৰে দ্বায়িত্ব গ্ৰহণ কৰিছিল ভগত সিং কোশিয়াৰীয়ে ৷ উদ্বৱ থাকৰেৰ নেতৃত্বত মহাৰাষ্ট্ৰত চৰকাৰ চলি থকা সময়ত ভগত সিং কোশিয়াৰীয়ে বহু কাম-কাজৰ বিৰোধিতা কৰিছিল ৷ যাৰ বাবে থাকৰে চৰকাৰে ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে আনিছিল পক্ষপাতিত্ব কৰাৰ অভিযোগ ৷

শেহতীয়াকৈ এক সভাত ছত্ৰপতি শিৱাজীক পুৰণি কালৰ আইকন (icon of olden times) বুলি অভিহিত কৰিছিল ৷ যাৰ বাবে তীব্ৰ সমালোচনাক সন্মুখীন হৈছিল ৰাজ্যপালগৰাকী (Maharashtra Governor Bhagat Singh Koshyari) ৷ লগতে বিৰোধীয়ে ৰাজ্যপালগৰাকীক বৰ্খাস্ত কৰাৰ দাবীৰেও প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ লগতে বিৰোধীয়ে ৰাজ্যপালগৰাকীক বৰ্খাস্ত কৰাৰ দাবীৰেও প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ অৱশ্যে ইয়াৰ পিচতেই গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখিছিল ৰাজ্যপালগৰাকীয়ে ৷

আনহাতে, শিৱসেনাৰ নেতা একনাথ সিদ্ধেৰ বিদ্ৰোহৰ সফলত মহাৰাষ্ট্ৰত সৃষ্টি হোৱা ৰাজনৈতিক সংকটৰ সময়তো অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি উদ্ধৱ থাকৰে নেতৃত্বাধীন এমভিএ চৰকাৰক ফ্লৰ টেষ্টৰ নিৰ্দেশনা দিছিল ৷

লগতে পঢ়ক: Crane collapsed in Temple: ঈশ্বৰ উপাসনাৰ বাবে গৈ মৃত্যুক সাৱটিলে 4 ভক্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.