Meerut Gold Kite : বসন্ত পঞ্চমীত মীৰাটৰ আকাশত উৰিব সোণৰ চিলা

Meerut Gold Kite : বসন্ত পঞ্চমীত মীৰাটৰ আকাশত উৰিব সোণৰ চিলা
মীৰাটৰ এগৰাকী ব্যৱসায়ীয়ে এইবাৰ বসন্ত পঞ্চমীত উৰুৱাবলৈ এখন সোণৰ চিলা প্ৰস্তুত কৰিছে (Gold kite at Meerut)। চিলাৰ উপৰিও মাঞ্জা আৰু উঘাও সোণৰে প্ৰস্তুত কৰা হৈছে । চিলাখনৰ মূল্য ২৫ লাখ টকা । চিলাখনৰ ওজন ৪০০ গ্ৰামতকৈও অধিক বুলি জানিব পৰা গৈছে ।
নেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী : বসন্ত পঞ্চমীলৈ মাজত মাত্ৰ দুটা দিন বাকী । এইবাৰ গণৰাজ্য দিৱস আৰু বসন্ত পঞ্চমী একেদিনাই পালন কৰা হ'ব (Basant Panchami 2023)। ইতিমধ্যে বসন্ত পঞ্চমীক লৈ দেশৰ ভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে । বিশেষকৈ বজাৰত উভৈনদী হৈছে বিভিন্ন প্ৰকাৰৰ চিলা । উত্তৰ প্ৰদেশৰ বজাৰত আকৌ ওলাইছে ২৫ লাখ টকাৰ চিলা । এই বিশেষ চিলাখনে এতিয়া দেশত ব্যাপক চৰ্চা লাভ কৰিছে ।
বসন্ত পঞ্চমী উপলক্ষে উত্তৰ প্ৰদেশৰ মীৰাটত নিৰ্মাণ কৰা হৈছে এই মূল্যৱান চিলাখন । আপুনি হয়তো ভাবিছে এই চিলাৰ মূল্য কিয় ২৫ লাখ টকা ? আচলতে সোণেৰে নিৰ্মাণ কৰা হৈছে এই চিলাখন (Gold Kite of Meerut)। সোণাৰিসকলে চিলাৰ লগতে মাঞ্জা আৰু উঘাও সোণেৰে নিৰ্মাণ কৰিছে । চিলাখন নিৰ্মাণ কৰা শিল্পীসকলে দাবী কৰে যে ই পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল চিলা (World most expensive kite in Meerut)।
উল্লেখ্য যে সমগ্ৰ দেশতে সোণৰ গহনা নিৰ্মাণৰ ক্ষেত্ৰত মীৰাটৰ এক সুকীয়া স্থান আছে । যাৰ বাবে ইয়াক সোণালী চহৰ হিচাপেও জনা যায় । এই মীৰাটতে সোণাৰিসকলে চিলা প্ৰস্তুত কৰি অভিলেখ গঢ়িছে ।
আচলতে, মীৰাটৰ এগৰাকী সোণৰ ব্যৱসায়ীয়ে এই ২৫ লাখ টকাৰ চিলাখন প্ৰস্তুত কৰাইছে (Gold Kite worth 25 lakh)। এই চিলাখন সম্পূৰ্ণৰূপে সোণেৰে প্ৰস্তুত কৰা হৈছে । ব্যৱসায়ী অংকুৰ জৈনে কয় যে, এই চিলাখন মীৰাটৰ ৭ গৰাকী শিল্পীয়ে ১৬ দিনৰ ভিতৰত প্ৰস্তুত কৰিছে । জৈনৰ মতে তেওঁ চিলা প্ৰস্তুত কৰাৰ লগতে উৰুৱাবলৈও ভাল পায় ।
ব্যৱসায়ী অংকুৰ জৈনে কয় যে, তেওঁ কিছু ব্যতিক্ৰম কৰিব বিচাৰিছিল । সেই উদ্দেশ্যেৰে তেওঁ এই চিলাখন প্ৰস্তুত কৰিছে (Meerut Saraf Businessman made gold kite)। তেওঁ লগতে কয় যে সচৰাচৰ বজাৰত যথেষ্ট পৰিমাণৰ চীনা মাঞ্জা উপলব্ধ । সেয়ে তেওঁ চীনা সামগ্ৰীৰ বিৰোধিতা কৰি সোণৰ মাঞ্জাও প্ৰস্তুত কৰিছে ।
অংকুৰ জৈনে লগতে কয় যে, গণৰাজ্য দিৱস আৰু বসন্ত পঞ্চমী একেদিনাই । এনে পৰিস্থিতিত, আকাশত চিলা উৰাটো নিশ্চিত । সেয়েহে তেওঁ সাংকেতিকভাৱে এই বিশেষ সোণৰ চিলা পৰিয়ালৰ সৈতে উৰুৱাব । তেওঁ উল্লেখ কৰা মতে এই চিলা সোণৰ মাঞ্জা আৰু সোণৰ উঘাৰ সহায়ত উৰিব । জৈনে জনোৱা মতে চিলাটোৰ ওজন ৪০০ গ্ৰামতকৈও অধিক । ২০ মিটাৰ সোণৰ মাঞ্জাও প্ৰস্তুত কৰা হৈছে । সোণৰ উঘাটো দেখুৱাই সাংবাদিকৰ আগত জৈনে কয় যে, শিল্পীসকলে উঘাটো প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অধিক সাৱধানতা অৱলম্বন কৰিব লগা হৈছে ।
অংকুৰ জৈনে লগতে কয় যে তেওঁ এই সোণৰ চিলাৰ জৰিয়তে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ, এছিয়া বুক অফ ৰেকৰ্ডছকে ধৰি গিনিছ বুক অফ ৰেকৰ্ডছতো নাম পঞ্জীয়ন কৰাৰ দিশে আগবাঢ়িছে । তেওঁৰ আশা সোণৰ এই চিলাৰ জৰিয়তে মীৰাটে এক বিশেষ স্বীকৃতি লাভ কৰিব ।
লগতে পঢ়ক :Subhas Chandra Bose Jayanti 2023: নেতাজীক লৈ কি ক'লে মোহন ভাগৱতে ?
