Gender Changed in Bharatpur: লিংগ পৰিৱৰ্তন কৰি প্ৰেমিকাৰ সৈতে বিয়া ৰাজস্থানৰ যুৱতীৰ

author img

By

Published : Nov 8, 2022, 6:41 PM IST

Updated : Nov 8, 2022, 7:05 PM IST

Rajasthan

ৰাজস্থানৰ ভৰতপুৰৰ ডীগত মীৰাৰ পৰা আৰব হোৱা এগৰাকী শাৰীৰিক প্ৰশিক্ষকে কল্পনা নামৰ এগৰাকী শিক্ষাৰ্থী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ (PT teacher Changed gender in Bharatpur) খেলুৱৈৰ সৈতে বিবাহপাশত আবদ্ধ হয় । উল্লেখ্য, মীৰাই ২০১৯ চনত লিংগ পৰিৱৰ্তন অস্ত্ৰোপচাৰ আৰম্ভ কৰিছিল । তাৰ পিছত 2022 চনত মীৰাই লিংগ সম্পূৰ্ণৰূপে সলনি কৰি আৰব হৈ পৰে । এই সময়ছোৱাত কল্পনাই তেওঁক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল ।

নিউজ ডেস্ক, ৮ নৱেম্বৰ : মীৰা কুন্তলৰ পৰা আৰব হোৱা এগৰাকী শাৰীৰিক প্ৰশিক্ষকে তেওঁৰ ছাত্ৰী কল্পনাৰ (PT teacher Changed gender in Bharatpur) সৈতে বিবাহপাশত আবদ্ধ হয় । 4 নৱেম্বৰত কল্পনা আৰু আৰবে পৰিয়ালৰ সন্মতিত বিবাহপাশত আবদ্ধ হয় । মীৰা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী চেম্পিয়ন । আনহাতে, কল্পনা কাবাডীৰ এগৰাকী প্ৰতিশ্ৰুতিৱান খেলুৱৈ ।

ৰাজস্থানৰ ভৰতপুৰৰ ডীগৰ চৰকাৰী মাধ্যমিক বিদ্যালয় নাগলা মতিৰ শাৰীৰিক প্ৰশিক্ষক হিচাপে আৰবে (পূৰ্বতে মীৰা) বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক কাবাডীৰ কৌশল শিকাইছিল । তাত কল্পনাইও প্ৰশিক্ষণ লৈছিল । দশম শ্ৰেণীত পঢ়ি থাকোঁতে কল্পনাই কাবাডী প্ৰশিক্ষক মীৰা কুন্তলৰ (বৰ্তমান আৰব) নিৰ্দেশনাত ৰাজ্যিক পৰ্যায়ত প্ৰথমবাৰৰ বাবে কাবাডী জিকিছিল ।

কল্পনাই একাদশ আৰু দ্বাদশ শ্ৰেণীত ৰাজ্যিক পৰ্যায়তো নিজৰ প্ৰতিভা দেখুৱাইছিল । আনকি স্নাতক পৰীক্ষাৰ সময়তো কল্পনাই 2021 চনত ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল । কল্পনাই বৰ্তমান ২০২৩ চনৰ জানুৱাৰীত আন্তৰ্জাতিক প্ৰো-কাবাডীত অংশগ্ৰহণ কৰিবলৈ ডুবাই ভ্ৰমণ কৰিব ।

Gender Changed in Bharatpur: লিংগ পৰিৱৰ্তন কৰি প্ৰেমিকাৰ সৈতে বিয়া ৰাজস্থানৰ যুৱতীৰ

আনহাতে, আৰবো এজন ৰাষ্ট্ৰীয় খেলুৱৈ । শাৰীৰিক প্ৰশিক্ষক মীৰা কুন্তল এগৰাকী উৎকৃষ্ট খেলুৱৈ আছিল (Meera became Aarav in Bharatpur) । মীৰাই ক্ৰিকেটত ৰাষ্ট্ৰীয় পৰ্যায়ত ৩ বাৰ আৰু হকীত ৪ বাৰ খেলিছে । মীৰাৰ পৰা আৰব হোৱাৰ পিছত তেওঁ বৰ্তমান পুনৰ কাবাডী আৰু ভলীবলত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দি আছে ।

উল্লেখ্য, লিংগ পৰিৱৰ্তন হোৱাৰ আগতেই প্ৰশিক্ষক আৰব আৰু তেওঁৰ খেলুৱৈ শিক্ষাৰ্থী কল্পনাৰ মাজত প্ৰেমৰ বিকাশ ঘটিছিল । লিংগ পৰিৱৰ্তন প্ৰক্ৰিয়াৰ সময়ত কল্পনাই তিনি বছৰত তেওঁৰ সম্পূৰ্ণ যত্ন লৈছিল । এই সময়ছোৱাত তেওঁলোক দুয়োৰে প্ৰেম প্ৰস্ফূতিত হৈ উঠে আৰু ৪ নৱেম্বৰত কল্পনা আৰু আৰবে বিবাহপাশত আবদ্ধ হয় ।

মীৰা কুন্তলে লিংগ পৰিৱৰ্তনৰ পিছত বৰ্তমান আৰব হৈ পৰিছে । প্ৰেমৰ বাবেই তেওঁ লিংগ সলনি কৰাৰ কথা কয় (Meera changed gender for Love) । আনহাতে, আৰবৰ পিতৃ বীৰী সিঙে কয় যে মীৰা এগৰাকী ছোৱালী হিচাপে জন্ম হৈছিল । কিন্তু তেওঁৰ অভিব্যক্তি ল'ৰাৰ দৰে আছিল । চিকিৎসকসকলৰ মতে, তেওঁৰ ডিছফোৰিয়া আছিল । ইয়াৰ পিছত মীৰাই লিংগ সলনি কৰাৰ সিদ্ধান্ত লয় । তাত আমি সকলোৱে তেওঁক সম্পূৰ্ণ সমৰ্থন কৰিছিলোঁ । মীৰা তেওঁৰ চাৰিগৰাকী কন্যাৰ ভিতৰত কনিষ্ঠতম আছিল । তেওঁ এতিয়া ল'ৰা হ'ল । আৰবক বৰ্তমান তেওঁৰ ভগ্নীসকলে ভাতৃ বুলি গণ্য কৰে আৰু ৰাখী বান্ধে । ভাগিনসকলেও তেওঁক মামা সম্বোধন কৰে ।

মীৰাৰ পৰা আৰব হোৱাৰ কাহিনী : ডীগৰ বাসিন্দা মীৰাৰ শাৰীৰিক ৰূপ হয়তো ছোৱালীৰ দৰে আছিল, কিন্তু তেওঁৰ মনটোৱে সদায় ল'ৰাৰ জীৱন যাপন কৰিব বিচাৰিছিল । মীৰা ল'ৰাৰ দৰে ডাঙৰ-দীঘল হৈছিল । সৰুৰে পৰা মীৰাই ল'ৰাৰ সৈতে খেলিছিল, ল'ৰাৰ দৰে পোছাক পিন্ধিছিল ।

আৰবে কয় যে সৰুৰে পৰা তেওঁৰ মনটো ল'ৰাৰ দৰে আছিল । দ্বাদশ শ্ৰেণীলৈকৈ অহাৰ সময়ত তেওঁ সিদ্ধান্ত লয় যে তেওঁ জীৱনটো ল'ৰাৰ দৰে জীয়াই থাকিব । এবাৰ যেতিয়া তেওঁ মনোৰোগ বিশেষজ্ঞৰ সৈতে কথা পাতিছিল, তেওঁ গম পাইছিল যে এয়া এক প্ৰকাৰৰ ৰোগ, যাক লিংগ ডিছফোৰিয়া বুলি কোৱা হয় । ইয়াৰ পিছত 25 ডিচেম্বৰ, 2019-ৰ পৰা 2022 চনলৈ দিল্লীৰ এখন চিকিৎসালয়ত লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ কৰা হয় ।

আৰবে কয় যে তেওঁ বন্ধুবৰ্গ আৰু ইণ্টাৰনেটৰ পৰা পোৱা তথ্যৰ পৰা জানিব পাৰিছিল যে লিংগ পৰিৱৰ্তন কৰিব পাৰি (PT teacher Changed gender and married student) । ইয়াৰ পিছত 2019 চনত মীৰাই অভিভাৱকসকলক এই কথা বুজাইছিল । পৰিয়ালটোৱে মীৰাক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল আৰু দিল্লীত লিংগ পৰিৱৰ্তন অস্ত্ৰোপচাৰ আৰম্ভ কৰিছিল । ইয়াৰ পিছত ফেব্ৰুৱাৰী, 2022-ত চূড়ান্ত অস্ত্ৰোপচাৰৰ পিছত মীৰা সম্পূৰ্ণৰূপে আৰব হৈ পৰে । অস্ত্ৰোপচাৰৰ সময়ত কল্পনা আৰু তেওঁৰ পৰিয়ালে আৰবৰ সম্পূৰ্ণ যত্ন লৈছিল ।

লগতে পঢ়ক :CM in Majuli: ৰাস চাবলৈ মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Last Updated :Nov 8, 2022, 7:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.