দেশত কৰ’ণা প্ৰতিষেধক প্ৰদানৰ নামত ব্যয় মাথো ৪,৭৪৪ কোটি: এক প্ৰতিবেদন

author img

By

Published : May 8, 2021, 6:01 AM IST

Updated : May 8, 2021, 8:57 AM IST

লেহেমীয়া প্ৰক্ৰিয়াৰ বাবে বৃদ্ধি পাইছে নতুন সংক্রমণ

যদিও প্ৰতিষেধক প্ৰস্তুত আৰু প্ৰদানৰ বাবে ৩,৫০০ কোটি টকা ধাৰ্য কৰা হৈছিল, সেই হিচাপত এই পুঁজিৰ ব্যৱহাৰ যথেষ্ট কম পৰিমাণে হৈছে ৷ এয়া সেই সময়ত হৈছে, যি সময়ত ক'ভিডৰ নতুন সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰতিষেধক প্ৰদানৰ প্ৰয়োজনীয়তা খুবেই জৰুৰী । এই লেহেমীয়া প্ৰক্ৰিয়া আৰু পুঁজিৰ কম ব্যৱহাৰৰ বাবে সমগ্ৰ দেশতে নতুন সংক্ৰমণৰ হাৰ তীব্ৰ গতিত বৃদ্ধি পাইছে । শেহতীয়া তথ্য অনুসৰি প্ৰত্যেক দিনাই গড় হিচাপত ৩.৮৬ লাখ নতুন সংক্ৰমণ হৈছে আৰু প্ৰায় ৩,৬০০ গৰাকী ব্যক্তিৰ মৃত্যু প্ৰতিদিনে হোৱা পৰিলক্ষিত হৈছে ।

কেন্দ্ৰীয় চৰকাৰে ক'ভিড প্ৰতিষেধকৰ বাবে এতিয়ালৈকে মাত্ৰ ৪,৭৪৪ কোটি টকাহে খৰচ কৰিবলৈ সক্ষম হৈছে ৷ যি নিৰ্ধাৰিত পুঁজিৰ ১৪ শতাংশতকৈও কম, যাৰ বাবে বিশ্বৰ সবাতোকৈ ডাঙৰ ক'ভিড প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়াটোত বাধাগ্ৰস্ত হৈছে । প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়াটোও লেহেমীয়া হৈছে আৰু বহুতো ৰাজ্যত এতিয়াও যথেষ্ট পৰিমাণৰ প্ৰতিষেধক উপলব্ধ কৰোৱা হোৱা নাই ।

যদিও প্ৰতিষেধক প্ৰস্তুত আৰু প্ৰদানৰ বাবে ৩,৫০০ কোটি টকা ধাৰ্য কৰা হৈছিল, সেই হিচাপত এই পুঁজিৰ ব্যৱহাৰ যথেষ্ট কম পৰিমাণে হৈছে ৷ এয়া সেই সময়ত হৈছে, যি সময়ত ক'ভিডৰ নতুন সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰতিষেধক প্ৰদানৰ প্ৰয়োজনীয়তা খুবেই জৰুৰী । এই লেহেমীয়া প্ৰক্ৰিয়া আৰু পুঁজিৰ কম ব্যৱহাৰৰ বাবে সমগ্ৰ দেশতে নতুন সংক্ৰমণৰ হাৰ তীব্ৰ গতিত বৃদ্ধি পাইছে । শেহতীয়া তথ্য অনুসৰি প্ৰত্যেক দিনাই গড় হিচাপত ৩.৮৬ লাখ নতুন সংক্ৰমণ হৈছে আৰু প্ৰায় ৩,৬০০ গৰাকী ব্যক্তিৰ মৃত্যু প্ৰতিদিনে হোৱা পৰিলক্ষিত হৈছে ।

বিভিন্ন টুইটৰ জৰিয়তে কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে উল্লেখ কৰিছে যে, চৰকাৰে এতিয়ালৈ ৪,৭৪৪.৪৫ কোটি টকা খৰচ কৰিছে প্ৰতিষেধক প্ৰদানৰ বাবে ৷ যাৰ ৩,৬৩৯.৬৭ কোটি টকা চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক আৰু ১,১০৪.৭৮ কোটি টকা হায়দৰাবাদস্থিত ভাৰত বায়'টেকক প্ৰদান কৰা হৈছে ।

চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক মোকোলাই দিয়া ধনৰ ১,৭৩২.৫০ কোটি টকা মে’, জুন আৰু জুলাই মাহত দিবলগীয়া ১১ কোটি প্ৰতিষেধকৰ বাবদ অগ্ৰিম ধন আৰু ১,৯০৭.১৭ কোটি টকা ইতিমধ্যেই ১৫ কোটি ড'জৰ বাবদ খৰচ হোৱা মুঠ ২,৩৬৩.৩৯ কোটি টকাৰ এটা অংশ । অনুৰাগ ঠাকুৰৰ মতে চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ক’ভিছিল্ড (Covishield) ৰ বাবে চৰকাৰে বিচৰা মুঠ ২৬.৬০ কোটি ড'জৰ এতিয়ালৈকে ১৪.০৪৪ কোটি ড'জহে দিবলৈ সক্ষম হৈছে ।

একেদৰে ভাৰত বায়'টেক, যিয়ে ক’ভেক্সিন নামৰ প্ৰতিষেধক প্ৰস্তুত কৰিছে, এই প্ৰতিষ্ঠানটোৱে প্ৰায় ৮ কোটি ড'জ দিবলগীয়া আছিল যদিও মাত্ৰ ৩ কোটি ড’জহে দিবলৈ সক্ষম হৈছে । ভাৰত বায়'টেকক আদায় দিয়া ১১০৪.৭৮ কোটি টকাৰ ৭৮৫.৫ কোটি টকা হ’ল মে’, জুন আৰু জুলাই মাহত দিবলগীয়া ৫ কোটি ড'জৰ আগধন ।

ৰাজ্যিক বিত্তমন্ত্ৰীৰ টুইটসমূহৰ পৰা এয়া স্পষ্ট নহয় যে, চৰকাৰখনে দুয়োটা প্ৰতিষ্ঠানক নিৰ্ধাৰিত ৩৫,০০০ কোটি টকাৰ কিমান টকা যোৱা বিত্তীয় বৰ্ষত আদায় দিছিল আৰু কিমান ধন চলিত বিত্তীয় বৰ্ষত আদায় দিছে ।

মন কৰিবলগীয়া যে, মন্ত্ৰীজনৰ টুইটসমূহ সেই সময়ত ৰাজহুৱা হৈছে, যি সময়ত চৰকাৰখনে লেহেমীয়াভাৱে প্ৰতিষেধক কিনা তথা লেহেমীয়া গতিত প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে ৷ লগতে কোৱা হৈছে যে, এই লেহেমীয়া গতিৰ কামৰ বাবেই ক’ভিড সংক্ৰমণৰ দ্বিতীয় ঢৌৱে যথেষ্ট গুৰুতৰ আৰু অনাহুত সংক্ৰমণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । বিৰোধী দলসমূহে ভেকচিন প্ৰস্তুতৰ বাবে বিশেষকৈ বিদেশলৈ পঠিয়াবলগীয়া ভেকচিনৰ বাবে প্ৰয়োজন হোৱা ৷

অনুমোদন প্ৰক্ৰিয়াও লেহেমীয়া হোৱা বুলি চৰকাৰক দোষাৰোপ কৰিছে আৰু কৈছে যে, এই প্ৰক্ৰিয়া খৰতকীয়া কৰিব পৰা হ'লে আমাৰ নিজৰ দেশৰ বাবে প্ৰয়োজনীয় প্ৰতিষেধকসমূহ প্ৰস্তুতৰ হাৰ বঢ়াব পৰা গ'লহেঁতেন ।

যোৱা সপ্তাহত কেন্দ্ৰীয় চৰকাৰে বাতৰি কাকতত প্ৰকাশিত কিছু বাতৰি য'ত কোৱা হৈছিল যে, চৰকাৰে নতুনকৈ প্ৰতিষেধক ক্ৰয়ৰ বাবে দুয়োটা প্ৰতিষেধক প্ৰস্তুত কৰা প্ৰতিষ্ঠানে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই, তাক খণ্ডন কৰিছে । এক প্ৰেছ বিবৃতিৰ জৰিয়তে চৰকাৰে কয় যে, এনে ধৰণৰ বাতৰিৰ কোনো ধৰণৰ সত্যাসত্যতা নাই ৷ চৰকাৰে যোৱা ২৮ এপ্ৰিলত ১৬ কোটিৰ প্ৰতিষেধক প্ৰদানৰ বাবে নতুন নিৰ্দেশ দিছে । ইয়াৰ ভিতৰত ১১ কোটি ভেকচিন চেৰাম ইনষ্টিটিউট আৰু ৫ কোটি প্ৰতিষেধক ভাৰত বায়'টেকক সৰবৰাহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । চৰকাৰে লগতে কয় যে, প্ৰায় ২,৫২০ কোটি আগধন দুয়োটা প্ৰতিষ্ঠানক একেদিনাই মোকোলাই দিয়া হয় । এই পুঁজিও কিন্তু নিৰ্ধাৰণ কৰা ৩৫,০০০ কোটি টকাৰ মাত্ৰ ৭.২ শতাংশহে ।

প্ৰতিষেধকৰ বাবে ধাৰ্য কৰা মুঠ পুঁজি:

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা চলিত বিত্তীয় বৰ্ষৰ বাজেটত ক'ভিড প্ৰতিষেধক প্ৰক্ৰিয়াৰ বাবে ৩৫,০০০ কোটি টকা ধাৰ্য কৰা বুলি ঘোষণা কৰিছিল । "মই ক'ভিড ১৯ প্ৰতিষেধকৰ বাবে ২০২১-২২ বৰ্ষৰ বাজেটত ৩৫,০০০ কোটি টকা ধাৰ্য কৰিছো । মই প্ৰতিজ্ঞাৱদ্ধ যে ইয়াৰ বাবে আৰু প্ৰয়োজন হোৱা পুঁজি সময়ত ধাৰ্য কৰা হ’ব" ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেট বক্তৃতাত এই বুলি উল্লেখ কৰিছিল আৰু কৈছিল যে চৰকাৰে স্বাস্থ্য শিতানত ২০২১-২২ বৰ্ষৰ বাজেটৰ নিৰ্ধাৰিত ৯৪,৪৫২ কোটি টকাৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষত ২,২৩,৮৪৬ কোটি টকালৈ বৃদ্ধি কৰিছে, যি প্ৰায় ১৩৭ শতাংশ বৃদ্ধি সূচায় ।

কিন্তু ৰাজ্যিক বিত্তমন্ত্ৰীৰ টুইটে কয় যে, কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈ মাত্ৰ ৪,৭৪৪ কোটি টকাহে যোৱা বিত্তীয় বৰ্ষত খৰচ কৰিবলৈ সক্ষম হৈছে ৷ যি নিৰ্ধাৰিত পুঁজিৰ মাত্ৰ ১৩.৬৫ শতাংশ ।

ৰাজ্যসমূহক দিয়া হৈছে মাত্ৰ ১৭.১৫ কোটি ড'জ:

শেহতীয়া তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে (৬ মে’,২০২১) ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ১৭.১৫ কোটি প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰিছে । স্বাস্থ্য কৰ্মীসকলে এতিয়ালৈকে ১৬.২৪ কোটি প্ৰতিষেধক প্ৰদান কৰিছে আৰু য’ত ১৩.০৯ কোটি মানুহে এটা ড'জ গ্ৰহণ কৰিছে আৰু ৩.১৪ কোটি মানুহে দুয়োটা ড'জ গ্ৰহণ কৰিব পাৰিছে ।

বাধাগ্ৰস্ত হৈছে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া:

এই বছৰৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে মুকলি কৰে । প্ৰথম পৰ্যায়ত প্ৰায় তিনি কোটি আগশাৰীৰ ক'ভিড যোদ্ধাসকলক যেনে স্বাস্থ্য কৰ্মী, ছেনিটেচন ৱৰ্কাৰ, সেনাবাহিনী তথা অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলক সামৰি লোৱাৰ কথা আছিল ।

দ্বিতীয় পৰ্যায়ত, যিটো মাৰ্চ মাহত আৰম্ভ কৰা হৈছিল, তাৰ জৰিয়তে ৬০ বছৰৰ ওপৰৰ লোকসকলক সামৰি লোৱাৰ কথা আছিল । কিন্তু এপ্ৰিল মাহত চৰকাৰে যিহেতু ৪৫ বছৰৰ লোকসকলৰ ক'ভিডত আক্ৰান্ত হৈ হোৱা মৃত্যুৰ হাৰ বেছি, তেওঁলোককো সামৰি লোৱাৰ কথা ঘোষণা কৰে । উল্লেখ্য যে, ৪৫ বছৰৰ ওপৰৰ লোকসকলৰ মৃত্যুৰ হাৰ ৯০ শতাংশতকৈও বেছি ।

কিন্তু এই ঘোষণা তীব্ৰ সমালোচনাৰ সন্মুখীন হয় আৰু গোটেই দেশতে সামগ্ৰিকভাৱে ভেকচিন প্ৰদানৰ বাবে দাবী কৰা হয় । সেই সময়তে অনাহুতভাৱে বৃদ্ধি পোৱা ক'ভিড সংক্ৰমণে অৰ্থাৎ এক মাৰ্চত ১১,৫০০ নতুন সংক্ৰমণৰ পৰা এক মে’ত নতুন সংক্ৰমণৰ হাৰ ৩.৯ লাখলৈ বৃদ্ধি হোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰে ।

এই পৰিস্থিতিয়ে চৰকাৰক ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ১৮ বছৰৰ ওপৰৰ সকলো ব্যক্তিকে সামৰি ল’বলৈ বাধ্য কৰায় । চৰকাৰে নতুন নীতিৰ আধাৰত চৰকাৰী আৰু ব্যক্তিগত হাস্পতালসমূহকো প্ৰত্যক্ষভাৱে ভেকচিন ক্ৰয়ৰ বাবে নিৰ্দেশ দিয়ে । কিন্তু এই নতুন ব্যৱস্থাৰ ফলত বহু ঠাইতে ভেকচিনৰ অভাৱ পৰিলক্ষিত হয়, যিয়ে সমগ্ৰ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াতো লেহেমীয়া কৰি তোলে ।

কৃষ্ণানন্দ ত্ৰিপাঠী

Last Updated :May 8, 2021, 8:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.