Massive road accident: পুনে-বেংগালুৰু ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা: ক্ষতিগ্ৰস্ত ৪৮ খনকৈ বাহন

author img

By

Published : Nov 21, 2022, 8:14 AM IST

Massive accident on Pune Bengaluru highway

দেওবাৰে পুনে-বেংগালুৰু ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Massive accident on Pune Bengaluru highway) । ব্ৰেক ফেইল এখন ট্ৰাকে মহতিয়াই নিলে কেইবাখনো বাহন । দুৰ্ঘটনাটোৰ ফলত ক্ষতিগ্ৰস্ত হ’ল কেইবাখনো বাহন(48 vehicles damaged in the accident) । আহত ৬জনকৈ লোক ।

নেশ্যনেল ডেস্ক,২১ নৱেম্বৰ: দেওবাৰে পুনে-বেংগালুৰু ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়(Massive accident on Pune Bengaluru highway) । এই দুৰ্ঘটনাটোত প্ৰায় ৪৮ খন বাহন ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য পোৱা গৈছে । পুনে অগ্নি নিৰ্বাপক বাহিনী আৰু পুনে মেট্ৰ'পলিটান ৰিজিয়ন ডেভেলপমেণ্ট অথৰিটি(Pune Metropolitan Region Development Authority)ৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে অভিযান ।

দেওবাৰে সন্ধিয়াৰ ভাগত মুম্বাই-বেংগালুৰু ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো । এখন দলঙৰ ওপৰত এখন ট্ৰাকে মহতিয়াই নিয়ে কেইবাখনো বাহন । দুৰ্ঘটনাত কেইবাজনো লোক আহত হোৱা বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে । আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি নাভালে দলঙত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত পোৱা তথ্য অনুসৰি অনুসৰি ট্ৰাকখনৰ ব্ৰেক বিকল হোৱাৰ পাছত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়ে সেই সময়ত পথেৰে গৈ থকা বাহনসমূক ।

বৰ্তমানলৈ প্ৰাপ্ত তথ্য অনুসৰি, ঘটনাটোত ছয়জন লোক আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক দুখনকৈ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে(Six people injured in road accident) । স্থানীয় লোকে জনোৱা অনুসৰি, উক্ত স্থানত কেইবাখনো বাহন বৰ্তমানেও ক্ষতিগ্ৰস্ত অৱস্থাত পৰি আছে । অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দলৰ লগতে পথচাৰীসকলেও উদ্ধাৰ অভিযানত নামি পৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Do Nyi Po lo International theatre festival: লুইতৰ পাৰত ডনী প’ল নাট মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.