Massive Fire in Jabalpur Hospital : জব্বলপুৰৰ হাস্পতালত বিধ্বংসী অগ্নিকাণ্ডত নিহত ১০ জন

author img

By

Published : Aug 1, 2022, 6:04 PM IST

Updated : Aug 1, 2022, 7:23 PM IST

fire

মধ্যপ্রদেশৰ জব্বলপুৰৰ এখন ব্যক্তিগত হাস্পতালত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত (Massive Fire in Jabalpur Hospital) নিহত হৈছে ১০ জনকৈ লোক । হাস্পতালখনত সোমবাৰে দুপৰীয়া অগ্নিকাণ্ড সংঘটিত হোৱা বুলি খবৰ (10 killed in Jabalpur Hospital fire) ।

নিউজ ডেস্ক, ১ আগষ্ট : মধ্যপ্রদেশৰ জব্বলপুৰৰ এখন ব্যক্তিগত হাস্পতালত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ডত (Massive Fire in Jabalpur Hospital) ৷ এই অগ্নিকাণ্ডত নিহত হৈছে ১০ জনকৈ লোক । হাস্পতালখনত সোমবাৰে দুপৰীয়া অগ্নিকাণ্ড সংঘটিত হোৱা বুলি খবৰ (10 killed in Jabalpur Hospital fire) । উক্ত অগ্নিকাণ্ডৰ ফলত প্ৰথম অৱস্থাত প্ৰায় ৪ জনৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমৰ সূত্রত প্ৰকাশ । আনহাতে, অগ্নিকাণ্ডৰ ফলত অন্য তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি প্ৰকাশ কৰা হৈছে ।

ইফালে উক্ত ঘটনাটো সন্দৰ্ভত প্ৰকাশিত ভিডিঅ'ত দেখা গৈছে হাস্পতাল চৌহদক ক'লা ধোঁৱাই আগুৰি ধৰিছে । ততাতৈয়াকৈ ৰোগীসকলক তাৰ পৰা বাহিৰলৈ উলিয়াই অন্য হাস্পতাললৈ স্থানান্তৰ কৰা হয় ।

অগ্নিকাণ্ড সংঘটিত হোৱা হাস্পতালখনৰ নাম হৈছে নিউ লাইফ মাল্টিস্পেচিয়েলিটী হাস্পতাল (Fire in New Life Multispeciality Hospital Jabalpur) । জব্বলপুৰৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, সোমবাৰে দুপৰীয়া জব্বলপুৰৰ দমো নাকা অঞ্চলত থকা উক্ত হাস্পতালখনত অগ্নিকাণ্ড সংঘটিত হয় (Jabalpur SP told about Fire in Hospital) ।

আনহাতে, জব্বলপুৰৰ উপায়ুক্ত আল্লাইয়া ৰাজাই প্ৰকাশ কৰা মতে, এই পর্যন্ত ১০ জনৰ মৃত্যুৰ খবৰ নিশ্চিত কৰা হৈছে (DC Jabalpur confirm 10 death in hospital fire)। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ততাতৈয়াকৈ অগ্নি নিৰ্বাপনৰ কাম আৰম্ভ কৰে । উক্ত ঘটনাত দুখ প্রকাশ কৰিছে মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে (Madhya Pradesh CM Shivraj Singh Chouhan expressed grief) ।

সূত্রৰ খবৰ অনুযায়ী, হাস্পতালখনৰ পৰা বাহিৰ ওলোৱাৰ মাত্ৰ এটায়ে পথ থকাত ভিতৰত সকলোৱেই আবদ্ধ হৈ পৰে । আনকি অগ্নি নিৰ্বাপক বাহিনীয়েও প্ৰথমাৱস্থাত জুই নিয়ন্ত্রণলৈ আনিব পৰা নাছিল । পিছত বিদ্যুৎ বিভাগৰ কর্মচাৰীসকলে লাইন কাটি দিয়াত জুই নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :Naxal killed in Encounter: নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত নক্সাল সদস্যৰ মৃত্যু

Last Updated :Aug 1, 2022, 7:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.