Petrol Tanker blast at Vaishali: বৈশালীত টেংকাৰ বিস্ফোৰণত নিহত ৩

author img

By

Published : Nov 23, 2022, 5:16 PM IST

petrol tanker blast at Vaishali

বিহাৰৰ বৈশালী জিলাত এখন তেলৰ টেংকাৰ বিস্ফোৰণ । এই বিস্ফোৰণটো ইমানেই প্ৰচণ্ড আছিল যে টেংকাৰখনৰ পিছফালৰ অৰ্ধাংশ বহু দূৰলৈকে ছিটিকি পৰে (many people died in Vaishali) ।

নেশ্য়নেল ডেস্ক, ২৩ নৱেম্বৰ: বিহাৰৰ বৈশালী জিলাত এখন তেলৰ টেংকাৰ বিস্ফোৰণ হোৱাত তিনিজন লোকৰ মৃত্যু হয় (road accident in Vaishali )। গৌৰাউল আৰক্ষী থানাৰ অন্তৰ্গত কাটাৰমালাত (Gauraul Police Station) সংঘটিত উক্ত ঘটনাটোত কেইবাজনো লোক আহত হৈছে (petrol tanker blast in Vaishali)। এই ঘটনাটো সংঘটিত হোৱাৰ সময়ত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত বহুতো লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে । টেংকাৰখনত বিস্ফোৰণটো ইমান শক্তিশালী আছিল যে ইয়াৰ পিছফালৰ আধা অংশ বহু দূৰলৈকে ছিটিকি পৰে ।

বৈশালীত টেংকাৰ বিস্ফোৰণত নিহত ৩

উল্লেখ্য় যে হাজিপুৰ মুজাফ্ফৰপুৰ মুখ্য পথৰ গোধিয়া দলঙৰ ওচৰত ৰৈ থকা এখন তেলৰ টেংকাৰ হঠাতে বিস্ফোৰণ হয় । টেংকাৰখনৰ ওচৰত থিয় হৈ থকা তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে বহুতো লোক আহত হোৱা বুলি গৌৰাউল থানাৰ আৰক্ষীয়ে সদৰী কৰিছে । অৱশ্যে এতিয়ালৈকে প্ৰশাসনিক পৰ্যায়ত মৃতকৰ সংখ্যা নিশ্চিত কৰা হোৱা নাই ।

আনহাতে,স্থানীয় লোকে কয় যে এখন তেলৰ টেংকাৰ কৰবাৰ পৰা আহি উক্ত স্থানত ৰৈ আছিল । টেংকাৰখন পেট্ৰ'ল আনলোড কৰাৰ পিছত কৰবাৰ পৰা আহি তাত ৰৈ আছিল । তাৰ অলপ পিছতে হঠাতে বিস্ফোৰণ ঘটিল বুলি স্থানীয় ৰাইজে কয় । ইপিনে, বিস্ফোৰণৰ শব্দ শুনি স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ হাজিপুৰ-মুজাফ্ফৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

লগতে পঢ়ক:Monthly fees in Model schools: আদৰ্শ বিদ্যালয়ৰ মাছুল আদায়ৰ নিৰ্দেশক লৈ সৰৱ অভিভাৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.