Friend did murder: বন্ধুৱে গুলীয়াই হত্যা কৰিলে বন্ধুক

author img

By

Published : Aug 4, 2022, 2:20 PM IST

man died due to shot dead

দিল্লীৰ আনন্দ পাৰব অঞ্চলত বুধবাৰ নিশা ভয়ানক ঘটনা সংঘটিত হয় (Man died due to shot dead) ৷ দুই বন্ধুৰ মাজত হোৱা তৰ্ক বিতৰ্কই ললেগৈ চৰম ৰূপ ৷

নেশ্যনেল ডেস্ক, 4 আগষ্ট: দিল্লীৰ আনন্দ পাৰব অঞ্চলত বুধবাৰ নিশা ভয়ানক ঘটনা সংঘটিত হয় (Man died due to shot dead) ৷ দুই বন্ধুৰ মাজত হোৱা তৰ্ক বিতৰ্কই ললেগৈ চৰম ৰূপ ৷ নিশা প্ৰায় 12 বজাত দ্বীপ নাৰায়ণ নামৰ লোকজনক বন্ধুৱে ঘৰৰ তললৈ ফোন কৰি মাতিছিল ৷

তেওঁ বন্ধুক লগ কৰিবলৈ যাওঁতেই দ্বীপৰ পত্নীয়ে পুনৰ স্বামীক ঘৰৰ ওপৰ মহলালৈ মাতি পঠায় ৷ স্বামীয়ে ঘৰৰ ওপৰলৈ উঠি আহোতেই তলৰ পৰা বন্ধুৰ সৈতে অহা কেইজনমান যুৱকে দ্বীপলৈ লখ্য কৰি শিল নিক্ষেপ কৰে ৷ তেওঁ নিজৰ প্ৰাণ বচাই ঘৰৰ ভিতৰলৈ সোমাওঁতেই শিলৰ প্ৰহাৰত ঘৰৰ খিড়ীকি ভগা দেখি, খিড়ীকীৰে তললৈ চাওঁতেই বন্ধুজনে গুলীচালনা কৰে ৷

লগে লগে তেওঁৰ পত্নীয়ে হুৱা দুৱা কৰাত দ্বীপক জীৱন মালা চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ যদিও হাস্পতালতে মৃত্যু হয় দ্বীপৰ ৷ ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পত্নীক সোধ-পোছ কৰোতে তেওঁ জনায় যে বুধবাৰে দুপৰীয়া দ্বীপ আৰু বন্ধুজনৰ মাজত তৰ্কা তৰ্কিত লিপ্ত হৈছিল ৷ ইয়াৰেই প্ৰতিশোধ লবলৈ ঘাতকৰূপী বন্ধুৱে গুলীয়াই হত্যা কৰে দ্বীপক (Friend did murder) ৷

আৰক্ষীয়ে অভিযুক্তক বিচাৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: নিশা বন্ধুৰ সৈতে পাৰ্টী, পুৱা উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.