Who is this Poonam: শতাধিক গৰাকীবিহীন মৃতদেহ সৎকাৰেৰে চৰ্চালৈ আহিছে পুনম

author img

By

Published : Jan 25, 2023, 5:35 PM IST

Poonam From Ludhiana cremates bodies

চৰকাৰ বা কোনো সংগঠনৰ পৰা কোনো ধৰণৰ সমৰ্থন নোলোৱাকৈয়ে গৰাকীবিহীন মৃতদেহ সৎকাৰ কৰা এগৰাকী মহিলা । তেওঁ এগৰাকী সক্ৰিয় সমাজকৰ্মী যিয়ে, কেইবাটাও দিশত সমাজলৈ অৰিহণা যোগোৱাত নিজৰ ভূমিকা পালন কৰি আহিছে (Unsung heroes of India)।

নিউজ ডেস্ক, 25 জানুৱাৰী: আমাৰ সমাজত এনে বহু ব্যক্তিত্ব আছে, যিয়ে এককভাৱে সকলোৰে দৃষ্টিৰ অলক্ষিতে সমাজৰ হকে বহু কাম কৰি গৈছে ৷ বৰ্তমান বিভিন্ন প্ৰচাৰ মাধ্যমৰ সুবিধা থকাৰ সময়ত বহু সমাজহিতৈষী কামে প্ৰচাৰ লাভ কৰে যদিও, কিছুমান ভাল কামে প্ৰচাৰ লাভ নকৰাকৈয়ে থাকি যায় ৷ কিন্তু সেই কামসমূহে সমাজৰ কি পৰ্যায়ৰ কল্যাণ সাধন কৰিছে সেয়া তেতিয়াহে বুজিব পৰা যায়, যেতিয়া ওচৰৰ পৰা তাক গুৰুত্ব দিয়া হয় (Unsung heroes of India) ৷

মৃতদেহ সৎকাৰৰ বাবে চৰ্চালৈ আহিছে এগৰাকী বিশেষ মহিলা ৷ বৰ্তমানলৈকে 100 ৰো অধিক মৃতদেহ সৎকাৰ কৰিছে এইগৰাকী মহিলাই ৷ মৃতদেহ সৎকাৰ এক চিৰাচৰিত প্ৰথা যদিও এই মহিলাগৰাকী চৰ্চালৈ অহাৰ আঁৰত আছে বিশেষ কাৰণ ৷ তেওঁ বৰ্তমানলৈকে সৎকাৰ কৰা মৃতদেহ সূহ হৈছে অচিনাক্ত মৃতদেহ ৷ যিসমূহ চিকিৎসালয়ৰ মৰ্গত পৰি থাকে আৰু যাৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ কোনো নাথাকে ৷ মানৱতাৰ হকে আজীৱন কাম কৰি যোৱাৰ পণ লৈ এই মহান কাৰ্য সাধন কৰি আহিছে মহিলাগৰাকীয়ে ৷ তেওঁৰ নাম পুনম পাঠানিয়া ৷ পঞ্জাৱৰ লুধিয়ানা অঞ্চলৰ এই সমাজ সেৱিকাগৰাকীৰ জীনত এভুমুকি মাৰি চাওঁ আহক (Woman cremates unclaimed bodies) ৷

এক ব্যতিক্ৰমী কাৰ্যৰে চৰ্চা লাভ কৰা পুনম নামৰ মহিলাগৰাকীৰ কাষত উপস্থিত হৈছিল গৈ ইটিভি ভাৰতৰ সাংবাদিক ৷ পুনমে সাংবাদিকৰ আগত জনায় যে, এই কাৰ্য হাতত লোৱাৰ আঁৰত তেওঁৰ কোনো অন্য উদ্দেশ্য নাই ৷ কেৱল মানৱতাৰ বাবে তেওঁ এই কাম কৰি গৈছে ৷ ‘‘ এদিন যেতিয়া মোৰ এজন ছাত্ৰৰ দেউতাকৰ মৃত্য়ু হৈছিল, মই তেতিয়া শ্মশানলৈ গৈছিলো আৰু দেখিছিলোঁ যে মৃতদেহটো অচিনাক্ত ৰূপত পৰি আছে ৷ তেতিয়া মই মৃতদেহটো সৎকাৰৰ বাবে দিহা কৰিলোঁ ৷ মই সম্পূৰ্ণ নিজা খৰচৰেৰে মৃতদেহটো সৎকাৰ কৰিছিলোঁ আৰু কোনো সংগঠনৰ পৰা এটকা এঠাও লোৱা নাছিলোঁ ৷ এই মহান কাৰ্যত মোৰ ছাত্ৰজন আৰু তেওঁৰ পৰিয়ালে সহায় কৰিছিল’’ পুনমে সাংবাদিকক কয় (Poonam From Ludhiana cremates bodies ) ৷

তেওঁ পুনৰ কয়, ‘‘কোনো মৃতদেহ চিনাক্তকৰণৰ পাচত যদি চমজি ল’বলৈ কোনো নাথাকে, তেতিয়া সেই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে মোক ফোন কৰি মৃতদেহটো সৎকাৰ কৰিব পাৰিম নেকি সোধে ৷ ইয়াৰ পিচত মই যথা ৰীতি মতে মৃতদেহ সৎকাৰ কৰোঁ আৰু মৃতদেহ এটাই পাবলগীয়া সন্মানখিনি পাইছেনে নাই সেয়া নিশ্চিত কৰোঁ’’ ৷ এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে পুনম (Poonam Pathania story) ৷

লগতে পঢ়ক: Blood Machine of Bathinda: 69 বাৰ ৰক্তদান কৰি জীৱন্ত কিংবদন্তীত পৰিণত হৈছে বিৰু বাঞ্চাল

‘‘এগৰাকী মহিলা হিচাবে মোৰ বাবে এয়া যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ কাম আছিল ৷ মোৰ অঙহী-বঙহীৰ লগতে আন বহু মানুহে মই সৎকাৰ কৰ্মৰ পৰা আঁতৰি থকাতো বিচাৰিছিল ৷ বহু শ্মশানত মহিলাক প্ৰৱেশ অনুমতিও দিয়া নহয় ৷ প্ৰথমে মোৰ পৰিয়ালৰ লোকেও এই সৎকাৰ কাৰ্যৰ বিৰোধিতা কৰিছিল ৷ কিন্তু এতিয়া তেওঁলোকে বুজি পাইছে যে, সমাজখন সংস্কাৰৰ বাবে কোনোবা এজন আগবাঢ়ি অহা অতি প্ৰয়োজন’’ এইদৰে কয় পুনমে ৷ এতিয়া তেওঁৰ পৰিয়ালৰ লোকেও পুনমক এটি উজ্জ্বল তৰাৰ দৰেই দেখা পাইছে (Ludhiana woman cremates unclaimed bodies) ৷

সৎকাৰ কাৰ্যৰ সৈতে জড়িত থকাৰ উপৰিও পুনম এগৰাকী জিম প্ৰশিক্ষকো ৷ তেওঁৰ ব্যক্তিগত জীৱনটো অনুপ্ৰেৰণাৰে ভৰা ৷ অনেক বাধাৰ প্ৰাচীৰ ভাঙি আগুৱাই অহা পুনমে নিজৰ লগতে কাষৰীয়া লোকসকলৰ বাবে এজা সুন্দৰ জীৱন সজোৱাৰ চেষ্টা কৰিছে ৷ ‘‘মই 2019 চন এঠা দুৰ্ঘটনাত পতিত হৈছিলোঁ ৷ চিকিৎসকে মোক সম্পূৰ্ণ বিশ্ৰামৰ বাবে উপদেশ দিছিল, যাৰ বাবে মই হতাশ হৈ পৰিছিলোঁ ৷ কিন্তু মই আশা এৰি দিয়া নাছিলোঁ ৷ নিয়মিত কচৰৎ আৰু সুষম আহাৰৰ দ্বাৰা মই লাহে লাহে সুস্থ হৈ উঠোঁ ৷ এতিয়া মই মোৰ জিমত মোৰ শিকাৰুসকলক প্ৰশিক্ষণ দিওঁ’’ পুনমে কয় (Gym trainer cremates unclaimed bodies in Ludhiana) ৷

তেওঁ লগতে কয়, ‘‘ মই ল’ৰা-ছোৱালীসকলোকে প্ৰশিক্ষণ দিওঁ যাতে তেওঁলোকে পঞ্জাৱত ক্ৰমাৎ বৃ্দ্ধি পোৱা ড্ৰাগছৰ প্ৰচলৰ পৰা আঁতৰি থাকিব পাৰে ৷ মই ছোৱালীবোৰক তেওঁলোকৰ বাবে অতিকৈ প্ৰয়োজনীয় আত্মৰক্ষাৰ কৌশলো শিকাওঁ’’ ৷ এটা জিম চলাই থকাৰ উপৰিও পুনমে বিভিন্ন বিদ্যালয়ত আত্মৰক্ষাৰ কৌশল প্ৰশিক্ষণৰ শিবিৰ আয়োজন কৰে ৷ এগৰাকী সমাজ সেৱিকা হিচাপে সেৱা আগবঢ়াই অহা পুনমে ৰক্তদান শিবিৰো আয়োজন কৰি আহিছে (Social worker Poonam Pathania) ৷

‘‘বৰ্তমান সময়ত পঞ্জাৱত বহু যুৱক ড্ৰাগছৰ কৱলত পৰিছে ৷ আমি ইয়াক পৰিৱৰ্তন কৰিব লাগিব ৷ আমি আমাৰ যুৱ প্ৰজন্মক ড্ৰাগছৰ জালৰ পৰা মোকলাই আনিব লাগিব ৷ মই নৱ প্ৰজন্মক নিজৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দি ড্ৰাগছ আদি অসামাজিক কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ প্ৰশিক্ষণ দিওঁ ৷ মই তেওঁলোকক সমাজৰ হিতৰ বাবে বিভিন্ন সামাজিক কাম কৰাৰ বাবেও অনুপ্ৰেৰণা যোগাওঁ’’ পুনমে পুনৰ কয় ৷

এই সকলোবোৰ কাম পুনমে চৰকাৰৰ সহায় অবিহনেই কৰি আহিছে ৷ অৱশ্যে কিছু বন্ধু আৰু পৰিয়ালৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হৈছে পুনম ৷ এককভাৱে জনসাধাৰণৰ বাবে পুনমে যি ধৰণৰ কাম কৰি আছে, সেয়া কল্পনা কৰাতকৈও যেন অধিক মূল্যৱান ৷

লগতে পঢ়ক: Story of a fireman: জুইৰ লেলিহান শিখাৰ মাজৰ পৰা জাতীয় পতাকা উদ্ধাৰকাৰী এজন বীৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.