জীৱনশৈলী সলনি কৰিব পাৰিলেই নিয়ন্ত্ৰণ কৰিব পাৰিব মেদবহুলতা : বিশেষজ্ঞ

author img

By

Published : Apr 8, 2021, 5:57 PM IST

Life-style changes alone can control obesity : Experts

মেদবহুলতা আৰু এলাৰ্জি নিয়ন্ত্ৰণ কৰিবলৈ হ’লে জীৱন ধাৰণৰ পদ্ধতি সলনি কৰাটো অতিশয় প্ৰয়োজনীয় বুলি মত পোষণ কৰিছে আই এ এন এছ আয়ুৰ্ৱেদ, ইউনানি আৰু আধুনিক চিকিৎসাৰ বিশেষজ্ঞই ৷ মেদবহুলতা নিয়ন্ত্ৰণ আৰু নিৰাময়ৰ ক্ষেত্ৰত আয়ুৰ্বেদিক ঔষধৰ ভূমিকা সম্পৰ্কত অধ্যাপক জনাহ এছে সু-স্বাস্থ্য ৰক্ষাৰ্থে জীৱন যাপনৰ শৈলীৰ পৰিৱৰ্তন কৰাৰ লগতে দৈনিক উপযুক্ত আহাৰ গ্রহণ কৰিবলৈ তথা ঔষধ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে ৷

আই এ এন এছ আয়ুৰ্ৱেদ, ইউনানি আৰু আধুনিক চিকিৎসাৰ বিশেষজ্ঞ সকলে ব্যক্ত কৰা অনুসৰি মেদবহুলতা আৰু এলাৰ্জি নিয়ন্ত্ৰণ কৰিবলৈ হ’লে জীৱন ধাৰণৰ পদ্ধতি সলনি কৰাটো অতিশয় প্ৰয়োজনীয় ৷

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ (এ এম ইউ) ফেকাল্টি অৱ মেডিছিনৰ সৌজন্যত অনুষ্ঠিত হোৱা এখন বহু বিষয়ক অনলাইন চেমিনাৰ 'অ’বেছিটি এণ্ড প্ৰিভেন্‌শ্বন, এলাৰ্জিক ডিজিজে’ছ' অত বিশেষজ্ঞ সকলে সাধাৰণতে ব্যৱহৃত হোৱা চিকিৎসা ব্যৱস্থা, প্ৰতিকাৰ আৰু ঔষধ তথা থেৰাপিৰ জৰিয়তে মেদবহুলতাৰ বিৰুদ্ধে কেনেকৈ যুঁজিব পাৰি তাৰ ওপৰত আলোচনা কৰে ৷

আলিগড় মুছলিম ইউনিভাৰ্ছিটিৰ উপাচাৰ্য, অধ্যাপক তাৰিক মানচুৰে কয় যে, জীৱন ধাৰণৰ লগত জড়িত থকা ৰোগ সমূহৰ বিৰুদ্ধে যুঁজাত প্ৰধান ভূমিকা লোৱাৰ বাবে আমি পৰাম্পৰাগত আৰু আধুনিক দুয়োবিধ ঔষধক একত্ৰিত কৰাৰ পথ বাচি উলিয়াব লাগিব ৷

"স্বাভাৱিকতেই আমি এই একেই প্ৰক্ৰিয়া সকলো ৰোগৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰোঁ ৷ কিন্তু চিৰকলীয়া ৰোগবোৰৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া ব্যৱহাৰ কৰাৰ বহুতো অৱকাশ আছে ৷" ক'ৰণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পাছত চৰকাৰেও যিহেতু ঔষধৰ বিভিন্ন ব্যৱস্থা সমূহৰ ওপৰত বহু শাখা বিষয়ক গৱেষণা কৰিবলৈ উদগনি দিছে সেয়ে এই বিষয়টোলৈ উনুকিয়াই দি উপাচাৰ্যজনে এইদৰে কয় ৷

পৰম্পৰাগত আৰু আধুনিক ঔষধৰ বিষয়ে যুটীয়াভাৱে কৰা গৱেষণাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি অধ্যাপক মানচুৰে কয় যে, আলিগড় মুছলিম বিশ্ববিদ্যালয় হ’ল এখন বহু শাখা বিষয়ক বিশ্ববিদ্যালয় আৰু আমি সহযোগী গৱেষণাৰ ক্ষেত্ৰত আমাৰ ইয়াত থকা ব্যৱস্থা সমূহৰ সুযোগ গ্ৰহণ কৰিব পাৰো ৷

মেদবহুলতা নিয়ন্ত্ৰণ আৰু নিৰাময়ৰ ক্ষেত্ৰত আয়ুৰ্বেদিক ঔষধৰ ভূমিকা সম্পৰ্কত অধ্যাপক জনাহ এছে (সৰ্বভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠান, নতুন দিল্লী) বিপাকীয় প্ৰক্ৰিয়া অনুকুল কৰি ৰখাত সহায় কৰি সু-স্বাস্থ্য ৰক্ষাৰ্থে জীৱন যাপনৰ শৈলীৰ পৰিৱৰ্তন কৰাৰ লগতে দৈনিক উপযুক্ত আহাৰ গ্রহণ কৰিবলৈ তথা মৌখিক ঔষধ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে ৷

আয়ুৰ্বেদিক উদ্ভিদ তথা ভেষজ আদিয়ে কেনেকৈ মেদবহুলতা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে সেই বিষয়েও তেওঁ বৰ্ণনা কৰে ৷ "যিহেতু আয়ুৰ্বেদত স্বাস্থ্যসন্মত পুষ্টিকৰ খাদ্য, চাপ হ্ৰাস কৰা আৰু সন্তুলিত জীৱন যাপন কৰাৰ ওপৰত ধ্যান দিয়া হয়, সেয়ে বহু লোকে ওজন হ্ৰাস কৰাৰ বাবে আয়ুৰ্বেদৰ খাদ্যাভাসৰ নীতি তথা প্ৰাকৃতিক প্ৰতিকাৰৰ কাষ চাপে ৷ পশ্চিমীয়া দেশবোৰত বহু লোকেই আয়ুৰ্বেদিক পদ্ধতি সমূহ আৰু ঔষধক তেওঁলোকৰ সামগ্ৰিক স্বাস্থ্য পৰিচৰ্যাৰ অংশ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷” অধ্যাপক জ’নাহে এইদৰে কয় ৷

ডাঃ পৰচ ৱানিয়ে (জি টি বি আৰু আই এইছ বি এ এছ ইউনানি ইউনিট, আয়ুসৰ সচিব, জি এন চি টি দিল্লীৰ ভাৰপ্ৰাপ্ত ) ইউনানি চিকিৎসাত চিমান-ই-মুফ্ৰিত (মেদবহুলতা) ক কেনেকৈ এক ‘ফ্লাগমেটিক’ (বলঘামি) ব্যাধি বুলি বিবেচনা কৰা হয় সেই বিষয়ে আলোচনা কৰে ৷

তেওঁ কয় যে, অস্বাব-ই-চিত্তাহ জৰুৰিয়াহ (জীৱনৰ অনিবাৰ্যতা সমূহ) অৰ্থাৎ উচিত তথা সুষম আহাৰ, শাৰীৰিক কচৰৎ কৰি, সন্তুলিতভাৱে অৱধাৰণ আৰু নিষ্কাশন আদি মানি চলি মেদবহুলতাক নিয়ন্ত্ৰণ কৰিব পাৰি ৷

ডাঃ পৰচ ৱানিয়ে ইলাজ বিল গিজা (ডায়েট’থেৰাপি) আৰু ইলাজ বিত তাদবীৰৰ (ৰেজিমেন্টেল থেৰাপি) বিষয়ে উল্লেখ কৰি চিকিৎসাৰ বিভিন্ন পদ্ধতিৰ সম্পৰ্কে বৰ্ণনা কৰে ৷

ডাঃ উৱেইছ আশ্ৰফে (ফেকাল্টি অৱ মেডিচিন, জে এন এম চি) আধুনিক চিকিৎসাত মেদবহুলতা কেনেকৈ জীৱন ধাৰণ সম্পৰ্কীয় সকলো ৰোগৰ যে মূল কাৰক সেই বিষয়ে বৰ্ণনা কৰে ৷

"মেদবহুলতাৰ ফলত ক’ৰ’নেৰী আৰ্টাৰি ৰোগ সমূহ, উচ্চ ৰক্তচাপ, ফেটি লিভাৰ আৰু পি চি অ’ ডিৰ লগতে অনান্য স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে ৷ মেদবহুলতাৰ এক সবল আনুবংশিক আৰু জৈৱ ৰাসায়নিক ভিত্তি আছে আৰু বিষয় সমূহৰ নতুন নতুন চিকিৎসা পদ্ধতিৰ অনুসন্ধান কৰি থকা হৈছে ৷" বুলি তেওঁ উল্লেখ কৰে ৷

ডাঃ উৱেইছে পুনৰ কয় যে, মেদবহুলতা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আহাৰ, জীৱনশৈলী আৰু আচৰণ জনিত থেৰাপি সমূহৰ প্ৰয়োজনীয়তা আছে ৷ তেওঁ এই প্ৰসংগত অৰ্থাৎ মেদবহুলতাৰ চিকিৎসা তথা প্ৰতিৰোধ সম্পৰ্কত এখন 'স্লাইড প্ৰেজেন্টেশ্বনো' প্ৰদৰ্শন কৰে ৷

এলাৰ্জি প্ৰতিৰোধ কৰাৰ উপায় সমূহৰ বিষয়ে ক’বলৈ গৈ অধ্যাপক ৰুবি অঞ্জুমে (এ এম ইউৰ তাহাফ্‌ফুজি ৱা চমাজি তিবৰ অধ্যক্ষ) ইলাজ-বিল-তাদবীৰৰ বিভিন্ন থেৰাপি সমূহৰ বিষয়ে আলোচনা কৰে ৷ অস্বাব-ই- ছিত্তা জৰুৰীয়াৰ জৰিয়তে সাধাৰণ স্বাস্থ্য বজাই ৰখাৰ বিশেষ পদ্ধতি সমূহৰ বিষয়েও তেওঁ উল্লেখ কৰে ৷

অধ্যাপক ৰুবীয়েও এলাৰ্জিৰ পৰা হাত সাৰি থাকিবলৈ আদা, টেঙা জাতীয় ফল, হালধি, তেলযুক্ত মাছ আৰু পিয়াঁজ আদিৰ এখন আহাৰৰ তালিকা বিতৰণ কৰে ৷

ডাঃ দিব্যা কাজাৰিয়াই (সৰ্বভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠান, নতুন দিল্লী) আয়ুৰ্বেদে কেনেকৈ এলাৰ্জিৰ চিকিৎসাৰ ক্ষেত্ৰত অসন্তুলিত দোষক শান্ত কৰি তোলে, লগতে পাচন ক্ৰিয়াক ভেষজেৰে পুনঃ কাৰ্যক্ষম কৰি তোলা তথা সুষম আহাৰ আৰু জীৱনশৈলীৰ ওপৰত ধ্যান দিয়াৰ বিষয়ে আলোচনা কৰে ৷

"এলাৰ্জিৰ প্ৰতিক্ৰিয়া সাধাৰণতে হোৱা ছালৰ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যা যেনে- একজেমা, হাইভছ, হে’ ফিভাৰ, অস্থমা আৰু আহাৰৰ পৰা হোৱা এলাৰ্জিৰ ৰূপত দেখা দিব পাৰে ৷ আয়ুৰ্বেদত প্ৰতিগৰাকী ৰোগীৰে এলাৰ্জি হোৱাৰ মূল কাৰকটো সৰ্বপ্ৰথমে চিনাক্ত কৰিহে চিকিৎসা কৰা হয় ৷” তেওঁ পুনৰ এইদৰে উল্লেখ কৰে ৷

ডাঃ নাফিছ এ খানে (টি বি আৰু আৰ ডি বিভাগ, জে এন এম চি) এলাৰ্জিজনিত ৰোগ সমূহ এক প্ৰধান ৰাজহুৱা সমস্যা হিচাপে অভিহিত কৰিবলৈ এই প্ৰসংগত সজাগতা বৃদ্ধিৰ গুৰুত্ব সম্পৰ্কে জোৰ দি "এলাৰ্জিজনিত ৰোগ সমূহৰ সজাগতা বৃদ্ধিৰ কাৰ্যসূচীবোৰত কাৰক, প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে ধ্যান দিয়া উচিত ৷" বুলি মন্তব্য কৰে ৷

ডাঃ নাফিছে আগলৈ টাইপ ৱান হাইপাৰ্ছেনছিটিভিটি (ইমিডিয়েট হাইপাৰছেনছিটিভিটি) ৰ ওপৰত মন্তব্য কৰি কয় যে, ই এক এলাৰ্জিজনিত প্ৰতিক্ৰিয়া যি এক বিশেষ এন্টিজেনৰ সংস্পৰ্শলৈ আহিলে সংঘটিত হয় আৰু ইয়াক এলাৰ্জেন বুলিও অভিহিত কৰা হৈছে ।

তেওঁ পুনৰ কয় যে, "উচ্চৰক্ত চাপৰ টাইপ ৱান, টাইপ টু, টাইপ থ্ৰী আৰু টাইপ ফৰতকৈ সম্পূৰ্ণ সুকীয়া ৷ অন্তঃগ্ৰহণ, উশাহ নিশাহৰ দাৰা, বেজী লোৱাৰ ফলত নাইবা পোনপটীয়া যোগাযোগৰ বাবেও উচ্চৰক্তচাপ হ’ব পাৰে ৷”

আদৰণি ভাষণত অধ্যাপক ৰাকেশ ভাৰ্গৱে (ফেকাল্টি অৱ মেডিছিনৰ ডীন) কয় যে, এই অনুষ্ঠানে স্বাস্থ্যজনিত সমস্যা সমূহ দূৰ কৰা আৰু বৃদ্ধি কৰা সম্বন্ধীয় ব্যক্তিগত অভ্যাস তথা আচৰণৰ ধৰণ হিচাপে জীৱন যাপনৰ শৈলীক আৰু ভালকৈ বুজাত সহায় কৰিব ৷

চিম্পাঞ্জীৰ মলে ক’ভিড-১৯ অক প্ৰতিৰোধ কৰাত কেনেকৈ সহায় কৰিছে ?

(আই এ এন এছ) ভাৰতত ব্যৱহৃত হৈ থকা অক্সফৰ্ড এস্ট্ৰাজেনিকা ক’ভিড প্ৰতিষেধকৰ এটা সংস্কৰণ চিম্পাঞ্জীৰ মলত পোৱা এডেন’ভাইৰাছৰ পৰা তৈয়াৰ কৰা হৈছে ৷ ইয়াক আনুবংশিকভাৱে সলনি কৰি দিয়া হৈছে যাতে ই মানৱ শৰীৰত শ্ৰীবৃদ্ধি হ’বলৈ সুবিধা নাপায় ৷

বৰ্তমান ক’ভিড-19 ৰ প্ৰতিষেধক, এস্ট্ৰাজেনিকা ৰূপে পৰিচিত প্ৰতিষেধকবিধক পূৰ্ৱে এ জেড ডি 1222 বুলি জনা গৈছিল ৷ এ জেড ডি 1222 প্ৰতিষেধক বিধক অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু অক্সফৰ্ডৰ পৰাই জন্ম হোৱা প্ৰতিষ্ঠান ভেক্সিটেকে লগ লাগি উদ্ভাৱন কৰিছে ৷ পানী লগাৰ কিছু পৰিমাণে দূৰ্বল সাধাৰণ ভাইৰাছ (এডেন’ভাইৰাছ) ইয়াত ব্যৱহাৰ কৰা হয় ৷ এই ভাইৰাছত ছাৰ্ছ-কভ-২ ভাইৰাছৰ স্পাইক প্ৰ’টিনৰ বংশানুক্ৰমিক উপাদান সমূহ থাকে আৰু ই চিম্পাঞ্জীৰ দেহত সংক্ৰমণ ঘটাই ৷

প্ৰতিষেধক লোৱাৰ পাছত ছাৰ্ফে’ছ স্পাইক প্ৰ’টিনৰ উৎপাদন হয়, যদি শৰীৰক পাচত ছাৰ্ছ-কভ-২ বীজাণুৱে আক্ৰমণ কৰে তেন্তে এই ভাইৰাছক প্ৰত্যাক্ৰমণ কৰিবলৈ ই শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাক শক্তিশালী কৰি তুলে ৷

প্ৰতিষেধক বিধক ছখন মহাদেশৰ 70 খনতকৈও অধিক দেশত নিৰ্দিষ্ট প্ৰাধিকৰণ তথা তৎকালিনভাৱে ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷

বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰতিষেধক উৎপাদনকাৰী প্ৰতিষ্ঠান ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই (এছ আই আই) ভাৰতবৰ্ষত ক’ভিশ্বিল্ড নামেৰে অক্সফৰ্ড-এস্ট্ৰাজেনিকা ক’ভিড-19 ৰ এটা সংস্কৰণ উৎপাদন কৰি আছে ৷

ক’ভিডত আক্ৰান্তৰ সংখ্যা নকৈ বৃদ্ধি পোৱাৰ মাজতেই ভাৰতবৰ্ষই মহামাৰি বিধৰ বিৰুদ্ধে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী খৰতকীয়া কৰি তুলিছে ৷ বিগত 24 ঘন্টাত দেশখনত নতুনকৈ 1,03,558 টা সংক্ৰমণৰ ঘটনা পঞ্জীয়নভুক্ত হৈছে ৷ এই সংখ্যা বিগত বছৰত মহামাৰী বিধৰ প্ৰাদূৰ্ভাৱ আৰম্ভ হোৱাৰে পৰা এদিনত সংক্ৰমণ হোৱা সংখ্যাৰ ভিতৰত এতিয়ালৈকে সৰ্বাধিক আৰু সোমবাৰে দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ 1,25,89,067 গৰাকী ৷

সোমবাৰে 478 জন ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুৰে সৈতে মুঠ মৃতকৰ সংখ্যা 1,65,101 জনলৈ বৃদ্ধি পায় ৷ চৰকাৰী তথ্য অনুসৰি ৰোগ বিধৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হ’ল 1,16,82,136 জন ৷ অৰ্থাৎ শতকৰা মৃত্যু হাৰ হ’ল 1.31 শতাংশ ৷ ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভেক্সিনক অনুমোদন জনোৱাৰ পাছত জানুৱাৰীৰ 16 তাৰিখে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হোৱাৰে পৰা দেশত এতিয়ালৈকে 7.91 কোটি প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

16 জানুৱাৰীত স্বাস্থ্যকৰ্মী সকলৰ বাবে প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ হয় ৷ ইয়াৰ পাছত 2 ফেব্ৰুৱাৰীত অগ্ৰণী কৰ্মী সকলক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ পৰৱৰ্তী পৰ্যায়ত 1 মাৰ্চত ষাঠিৰ উৰ্ধৰ আৰু 20 তকৈ অধিক ক’ম’ৰ্বাইডিটিজ থকা 45-59 বয়সৰ লোক সকলক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ ইয়াৰ পাছত 1 এপ্ৰিলৰ পৰা 45 বছৰ বা তাতকৈ অধিক বয়সৰ সকলো লোককেই ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.