সন্ত্ৰাসবাদ জৰ্জৰিত কাশ্মীৰত দুটাকৈ ছবিগৃহ মুকলি

author img

By

Published : Sep 18, 2022, 9:32 PM IST

kashmir

মনোৰঞ্জনপ্ৰিয় কাশ্মীৰবাসীৰ বাবে আহিছে এক সুখবৰ । জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই দেওবাৰে দক্ষিণ কাশ্মীৰৰ পুলৱামা আৰু শ্বপিয়ান জিলাত দুটা বহুমুখী চিনেমা হল উদ্বোধন কৰে (cinema halls in Militancy hotbeds Kashmir) ।

নেচনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ : এসময়ৰ ভূস্বৰ্গ কাশ্মীৰত হেৰাই গৈছিল সকলো ধৰণৰ মনোৰঞ্জনৰ উপাদান । গুলী-বাৰুদৰ ধোঁৱা আৰু কেউফালে জ্বলি চাৰখাৰ হোৱা ধ্বংসস্তূপৰ মাজত কেৱল সৰ্বস্বান্ত হোৱাৰ বেদনা আৰু আপোনজনক হেৰুওৱাৰ বিননিয়ে বিৰাজ কৰিছিল । আমোদ-প্ৰমোদৰ সকলো উপাদান যেন হেৰাই গৈছিল মনোৰম উপত্যকাটোৰ পৰা (Militancy problems in Kashmir) ।

লাহে লাহে পৰিস্থিতি কিছু স্বাভাৱিক হ'বলৈ আৰম্ভ কৰে যদিও জম্মু-কাশ্মীৰে যেন হৃত গৌৰৱ উভতাই পাবলৈ ব্যাকুল হৈ পৰিছে । তাৰ মাজতে মনোৰঞ্জনপ্ৰিয় কাশ্মীৰবাসীৰ বাবে আহিছে এক সুখবৰ । জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই দেওবাৰে দক্ষিণ কাশ্মীৰৰ পুলৱামা আৰু শ্বপিয়ান জিলাত দুটা বহুমুখী চিনেমা হল উদ্বোধন কৰে (cinema halls in Militancy hotbeds Kashmir) । উল্লেখ্য, এই জিলা দুখনক উপত্যকাটোৰ উগ্ৰবাদৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয় ।

এই সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলে কয় যে, এই চিনেমা হলবোৰে চলচ্চিত্ৰ প্ৰদৰ্শনৰ লগতে যুৱসকলৰ দক্ষতা বিকাশলৈকে সুবিধা প্ৰদান কৰিব (LG Manoj Sinha inaugurated cinema hall in kashmir) । উক্ত উদ্বোধনী অনুষ্ঠানৰ সময়ত সিনহাৰ সৈতে কাশ্মীৰ ক্ষেত্ৰীয় আয়ুক্ত পিকে পোল, কাশ্মীৰ জ'ন আৰক্ষীৰ এডিজিপি বিজয় কুমাৰ আৰু আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে ।

"জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ বাবে এক ঐতিহাসিক দিন ! পুলৱামা আৰু শ্বপিয়ানত বহুমুখী চিনেমা হল উদ্বোধন কৰিলোঁ (Inaugurated Cinema Halls at Pulwama and Shopian) । এই চলচ্চিত্ৰ গৃহই চলচ্চিত্ৰ প্ৰদৰ্শন, প্ৰতিভা আৰু যুৱসকলৰ দক্ষতাৰ পৰা আৰম্ভ কৰি সুবিধা প্ৰদান কৰিব ।" জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট জেনেৰেলৰ কাৰ্যালয়ে এক টুইটত এনেদৰে প্ৰকাশ কৰে । উল্লেখ্য, ১৯৯০ ৰ দশকৰ পৰা জম্মু আৰু কাশ্মীৰত উগ্ৰবাদ বৃদ্ধিৰ ফলত সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিৰ বাবে ছবিগৃহসমূহ বন্ধ হৈ আছিল ।

আনহাতে, শ্ৰীনগৰৰ বাদামী বাগ সেনা ছাউনীৰ ওচৰত INOX ৰ দ্বাৰা এটা মাল্টিপ্লেক্সৰ ডিজাইন কৰি নিৰ্মাণ কৰা হৈছে । উক্ত মাল্টিপ্লেক্সটো মঙলবাৰে ছবিপ্ৰিয় দৰ্শকৰ বাবে মুকলি কৰা হ'ব । উল্লেখ্য, শ্ৰীনগৰত ৯০ ৰ দশকৰ পূৰ্বতে আঠটা ছবিগৃহ আছিল আৰু উগ্ৰবাদৰ উদ্গীৰণৰ পিছত সেইবোৰ বন্ধ কৰি দিয়া হৈছিল । তাৰ পিছত সেইবোৰ শ্বপিং মল বা সুৰক্ষা বাহিনীৰ শিবিৰলৈ পৰিৱৰ্তন কৰা হৈছিল ।

লগতে পঢ়ক :ভুকাৰ কাৰণেই পোহনীয়া কুকুৰক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.