একত্ৰিত হোৱাৰ দিশে বিৰোধী শক্তি: ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব নীতিশ কুমাৰ-লালু প্ৰসাদ যাদৱে

author img

By

Published : Sep 25, 2022, 11:43 AM IST

Delhi

লালু প্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰে সাক্ষাৎ কৰিব কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক (Lalu and Nitish kumat to meet Sonia Gandhi)। সন্ধিয়া ৬ বজাত ১০ জনপথত তিনিওগৰাকী ৰাজনীতিবিদ মিলিত হ'ব । বিৰোধী শক্তি একত্ৰিত কৰাৰ উদ্দেশ্যে হ'ব আলোচনা । ইয়াৰ পূৰ্বে নীতিশ কুমাৰে সাক্ষাৎ কৰিছিল ৰাহুল গান্ধীক ।

নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ : দেশত এতিয়া আৰম্ভ হৈছে বিজেপি উচ্ছেদ অভিযান । আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক শাসনৰ পৰা আঁতৰোৱাৰ উদ্দেশ্যে প্ৰতিটো বিৰোধী দল একত্ৰিত হ'বলৈ চেষ্টা অব্যাহত ৰাখিছে (Opposition Unity For 2024 Election)। এই ক্ষেত্ৰত আগভাগ লৈছে বিহাৰৰ বৰ্তমানৰ শাসকীয় দল ৰাষ্ট্ৰীয় জনতা দল (RJD) আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । এই সন্দৰ্ভত আলোচনাৰ বাবে সোমবাৰে RJDৰ মুৰব্বী লালু প্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰে নতুন দিল্লীত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব ।

বৈঠকত, তেওঁলোকে বিৰোধী দলবোৰক একত্ৰিত কৰাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে । লালু প্ৰসাদ যাদৱে শনিবাৰেই দিল্লী উপস্থিত হৈছিল (Lalu Prasad Yadav in Delhi) আনহাতে দেওবাৰে নীতিশ কুমাৰো দিল্লীলৈ ৰাওনা হ'ব ।

আৰজেডিৰ সভাপতি লালু প্ৰসাদ যাদৱে পাটনাৰ পৰা দিল্লীলৈ অহাৰ সময়ত বিজেপিক আক্ৰমণ কৰি কৈছিল যে বিহাৰত বিজেপি চৰকাৰক আঁতৰোৱা হৈছে । ২০২৪ চনত দলটোক দেশৰ পৰাই উৎখাত কৰা হ'ব বুলি তেওঁ দাবী কৰে (RJD Chief Lalu slams BJP)। লালুৰ মতে বিৰোধী ঐক্যৰ বাবে সকলো প্ৰচেষ্টা কৰি থকা হৈছে । তেওঁৰ মতে ছোনিয়া গান্ধীকো সেই উদ্দেশ্যেই সাক্ষাৎ কৰা হ'ব ।

Delhi
একত্ৰিত হোৱাৰ দিশে বিৰোধী শক্তি

ইফালে বিহাৰত মহাজোট চৰকাৰ গঠন হোৱাৰ পাছতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দিল্লী ভ্ৰমণৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল (Nitish Kumar meets Rahul Gandhi)। দুয়োগৰাকী নেতাৰ মাজত গুৰুত্বপূৰ্ণ বৈঠকো হৈছিল । দুয়োগৰাকী নেতাই সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু বিৰোধী ঐক্যৰ বিষয়ে আলোচনা কৰিছিল । সেই সময়ত ছোনিয়া গান্ধী দেশৰ বাহিৰত আছিল ।

ইফালে বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । এই প্ৰস্তুতিৰ আটাইতকৈ ডাঙৰ সাক্ষী হ'ল হাৰিয়ানাৰ ফতেহাবাদ (Haryana Fatehabad opposition meeting)। বিৰোধী দলৰ এখন বৃহৎ বৈঠক ২৫ ছেপ্টেম্বৰত অৰ্থাৎ দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী দেৱী লালৰ ১২৯ তম জন্ম জয়ন্তীত অনুষ্ঠিত হ'ব ।

ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, যদিও এই সমদলটো ইণ্ডিয়ান নেচনেল লোক দলৰ দ্বাৰা আয়োজন কৰা হৈছে য'ত এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰে আৰু দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমৰ কানিমোঝিকে ধৰি বিৰোধী দলসমূহৰ বহুনেতা উপস্থিত থাকিব বুলি খবৰ পোৱা গৈছে ।

একেখন মঞ্চতে ইমান সংখ্যক বিৰোধী নেতাৰ উপস্থিতিৰ মুখ্য উদ্দেশ্য হ'ল অ-বিজেপি বাহিনীৰ মাজত একতাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰা । উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ, ৰাষ্ট্ৰীয় লোক তান্ত্ৰিক পাৰ্টিৰ নেতা তথা ৰাজস্থানত বিজেপিৰ সহযোগী সাংসদ হনুমান বেনিৱালকো সমদলটোলৈ আমন্ত্ৰণ জনোৱা হৈছে । আনহাতে হাৰিয়ানাৰ প্ৰাক্তন মন্ত্ৰী বিনোদ শৰ্মাইও ইয়াত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু টিডিপিৰ চন্দ্ৰবাবু নাইডুকে ধৰি আন বহুতো আঞ্চলিক দলৰ নেতাক এই ৰাজহুৱা সভালৈ আমন্ত্ৰণ জনোৱা হৈছে ।

উল্লেখ্য যে বিহাৰত আৰজেডিৰ সৈতে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা নীতিশ কুমাৰে কংগ্ৰেছকে ধৰি অ-বিজেপি দলসমূহৰ মাজত একতাৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰন্তৰ জোৰ দি আহিছে । বিজেপিৰ সৈতে তেওঁৰ সম্পৰ্ক ভংগ হোৱাৰ পিছত, তেওঁ ৰাহুল গান্ধী, শৰদ পাৱাৰ, অৰবিন্দ কেজৰিৱালৰ লগতে আন কেইবাজনো বিশিষ্ট নেতাক সাক্ষাৎ কৰিবলৈ দিল্লী ভ্ৰমণ কৰিছে । ইফালে হাৰিয়ানাৰ সভাখনত বিহাৰ চৰকাৰৰ সমৰ্থনৰ আন এক ইংগিত হৈছে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও তাত যোগদান কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :কৰ্ণাটকত ভাৰত জোড়ো যাত্ৰাত অংশ ল'ব ছোনিয়া আৰু প্ৰিয়ংকা গান্ধীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.