পৰপুৰুষৰ লগত পত্নীক সন্দেহ: পত্নীসহ দুই সন্তানক হত্যা স্বামীৰ

author img

By

Published : Sep 29, 2022, 9:32 PM IST

Updated : Sep 29, 2022, 9:39 PM IST

Man kills wife and two children on suspicion of wife's affair

মহাৰাষ্ট্ৰৰ কোলহাপুৰ নামৰ ঠাইত বুধবাৰে বিয়লি নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় (Brutal murder case in Mharashtra)৷ 6 ঘণ্টাৰ ভিতৰতে নিজ কন্যা ,পুত্ৰ আৰু পত্নীক হত্যা কৰে পাষাণ স্বামীয়ে ( Man kills wife and two children)৷

নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ: বিশ্বাসে এটা সম্পৰ্কক মজবুত কৰি ৰাখে, কিন্তু সেই সম্পৰ্কত যেতিয়া সন্দেহৰ সৃষ্টি তেতিয়াই ধ্বংস হয় এটা সম্পৰ্ক নাইবা এখন সংসাৰ ৷ সন্দেহে থান বান কৰি পেলাব পাৰে এখন সংসাৰ, সন্দেহে এজন লোকক হত্যাকাৰীলৈও পৰিণত কৰিব পাৰে ৷ আজিৰ এই ঘটনাও অনুৰূপ ৷

মহাৰাষ্ট্ৰৰ কোলহাপুৰ নামৰ ঠাইত বুধবাৰে বিয়লি নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় (Brutal murder case in Mharashtra)৷ 6 ঘণ্টাৰ ভিতৰতে নিজ কন্যা ,পুত্ৰ আৰু পত্নীক হত্যা কৰে পাষাণ স্বামীয়ে ( Man kills wife and two children)৷ প্ৰকাশ বালাচো মালি (42 ) নামৰ লোকজনে নিজ পৰিয়ালৰ লগত কাগল চহৰত কালামমাৱাড়ী কলনীত বাস কৰিছিল ৷ হামিদৱাড়া কাৰখানাত কৰ্মৰত আছিল প্ৰকাশ (Man killed wife for extra maritial affiar)৷

প্ৰতিদিনৰ দৰে বুধবাৰেও প্ৰকাশে কামৰ পৰা ঘৰলৈ উভতি আহে, ঘৰলৈ আহিয়েই পত্নীক ফোনত কথা পাতি থকা দেখি খঙত অগ্নিশৰ্মা হৈ পৰে প্ৰকাশ ৷ পত্নীয়ে কাৰ লগত কথা পাতিছে বুলি সোধা প্ৰশ্নত দুয়োৰে মাজত তৰ্কা তৰ্কি হয় ৷ প্ৰকাশে পত্নীক অন্য পুৰুষৰ লগত অবৈধ সম্পৰ্ক থকাৰ কোৱাৰ লগে লগে এই বাক-বিতণ্ডাই চৰম ৰূপ লয় ৷

স্বামীয়ে খঙতে পত্নীক ডিঙি চেপি হত্যা কৰিছিল (Husband strangled his wife to death)৷ তাৰ পিছতে পত্নীৰ মৃতদেহৰ সন্মুখত বহি পুত্ৰ অহালৈ অপেক্ষা কৰিছিল প্ৰকাশে ৷ অষ্টম শ্ৰেণীত অধ্যয়ণৰত পুত্ৰ সন্ধিয়া ঘৰত উপস্থিত হোৱাৰ পিছতে প্ৰকাশে পুত্ৰক ডিঙি চেপি হত্যা কৰে ৷ জানিব পৰামতে মৃত পুত্ৰজন পলিঅ' ৰোগতত ভুগি আছিল ৷

ইয়াৰ পিছতে নিশা 8 বজাত প্ৰকাশৰ 17 বছৰীয়া কন্যা ঘৰলৈ আহি মাতৃ আৰু ভাতৃৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে ৷ এই ঘটনা দেখি কিশোৰীগৰাকীয়ে চিঞৰিবলৈ ধৰে ৷ তেনেকুৱাতে পিতৃয়ে আহি কন্যাকো ডিঙি চেপিবলৈ প্ৰয়াস কৰে যদি তেওঁ প্ৰথমবাৰ পলাই যাবলৈ সক্ষম হয় ৷ লগে লগে পিতৃয়ে কিশোৰীগৰাকীক মূৰত গধুৰ সামগ্ৰীৰে প্ৰহাৰ কৰি অজ্ঞান কৰি পেলায় ৷ তাৰ পিছতে হত্যাকাৰী প্ৰকাশে নিজ কন্যাকো ডিঙি চেপি হত্যা কৰে ৷

আনহাতে এই ঘটনা সংঘটিত কৰি কাগল আৰক্ষীৰ ওচৰত নিজেই আত্মসমৰ্পণ কৰে হত্যাকাৰী প্ৰকাশে (Accused surrender in Kagal police)৷ আৰক্ষীৰ আগত নিজৰ পৰিয়ালটোক ডিঙি চেপি হত্যা কৰাৰ কথা অকপটে স্বীকাৰ কৰে প্ৰকাশে ৷

আৰক্ষীয়ে পৰৱৰ্তী সময়ত প্ৰকাশৰ ঘৰলৈ গৈ তিনিওটা মৃতদেহ উদ্ধাৰ কৰে ৷ এই সমগ্ৰ ঘটনা অভিযুক্তটোৱে বুধবাৰে দুপৰীয়া ২ বজাৰ পৰা ৮ বজাৰ ভিতৰত সংঘটিত কৰিছিল বুলি কাগল আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে হত্যাকাৰী প্ৰকাশে ৷

লগতে পঢ়ক: মুখ ধুই থাকোঁতেই মহিলাক খুকুৰীৰে ডিঙি কাটি হত্যা

Last Updated :Sep 29, 2022, 9:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.