International No Diet Day 2023: জানি লওক আন্তঃৰাষ্ট্ৰীয় ন' ডায়েট দিৱস কিয় পালন কৰা হয় তথা ইয়াৰ উদ্দেশ্য কি ?

author img

By

Published : May 6, 2023, 5:15 AM IST

Updated : May 20, 2023, 6:20 AM IST

Know why International No Diet Day is celebrated, and what is its purpose

৬ মে'ত আন্তঃৰাষ্ট্ৰীয় ন' ডায়েট দিৱস পালন কৰা হয় । এই দিনটোৱে খাদ্যৰ নিয়ম ভংগ কৰি জীৱনটো উপভোগ কৰিবলৈ অনুপ্ৰাণিত কৰে আৰু শৰীৰৰ আকৃতিৰ চিন্তা এৰি নিজকে ভাল পাবলৈ শিকোৱা হয় । এই দিনটোৰ আৰম্ভণি কেনেকৈ হৈছিল আৰু ইয়াৰ উদ্দেশ্য কি জানি লওক...

International No Diet Day 2023: আজি অৰ্থাৎ ৬ মে' তাৰিখে সমগ্ৰ বিশ্বতে ‘International No Diet Day’ পালন কৰা হয় । No Diet Day এক প্ৰকাৰে হৈছে নিজৰ প্ৰতি প্ৰেম প্ৰকাশ কৰাৰ দিন । আজি সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হৈছে । এই উপলক্ষে আমি আপোনালোকক জনাম যে কি উদ্দেশ্যত আন্তঃৰাষ্ট্ৰীয় ন' ডায়েট দিৱস পালন কৰা হয় ।

আন্তঃৰাষ্ট্ৰীয় ন' ডায়েট দিৱস কিয় পালন কৰা হয় ?

দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে মানুহৰ মাজত মেদবহুলতাৰ সমস্যা বহু পৰিমাণে বাঢ়িছে (No Diet Day)। মেদবহুলতাক সকলো ৰোগৰ মূল বুলি গণ্য কৰা হয় । এনে পৰিস্থিতিত যেতিয়া কোনো ব্যক্তি সময়ৰ আগতেই মেদবহুল হৈ পৰে, তেতিয়া বহু ধৰণৰ ৰোগ যেনে ডায়েবেটিছ, উচ্চ বি পি, হৃদৰোগ, কলেষ্টেৰল বৃদ্ধি, গাঁঠিৰ বিষ আদিয়ে তেওঁক অকালতে আগুৰি ধৰে (International No Diet Day)।

এই সমস্যাবোৰৰ মাজত বিশেষজ্ঞসকলে তেনে লোকক অতি অনুশাসিত খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে, যাতে এনে সমস্যা আৰু মেদবহুলতা নিয়ন্ত্ৰণ কৰিব পৰা যায় । এনে পৰিস্থিতিত বহু সময়ত মানুহে ডায়েটিঙৰ নিয়মৰ প্ৰতি ইমানেই আকৃষ্ট হৈ পৰে যে জীৱনটো উপভোগ কৰিবলৈ পাহৰি যায় । আন্তঃৰাষ্ট্ৰীয় ন’ ডায়েট দিৱস উদযাপনৰ জৰিয়তে তেওঁলোকক এদিনৰ বাবে খোৱা-বোৱা সকলো নিয়ম ভংগ কৰি নিজৰ চখ পূৰণ কৰিবলৈ দিয়া হয় আৰু জীৱন উপভোগ কৰাৰ সুযোগ দিয়া হয় (International No Diet Day 2023)।

শৰীৰৰ আকৃতি সঠিক কৰা এই সূত্ৰটো এৰি জীৱনটোক সুখেৰে উপভোগ কৰিবলৈ শিকোৱা হয় । এই দিনটোত মানুহে বিভিন্ন গতিবিধিৰ আয়োজন কৰি নিজৰ কোনো সম্পৰ্কীয় লোকক খাদ্যৰ বাবে নিমন্ত্ৰণ জনায় । এই দিনটোত তেওঁলোকে নিজৰ প্ৰিয় খাদ্য গ্ৰহণ কৰে ।

আন্তঃৰাষ্ট্ৰীয় ন' ডায়েট দিৱসৰ ইতিহাস

১৯৯২ চনত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ন’ ডায়েট দিৱস পালন কৰা হয় । ইয়াৰ আৰম্ভণি কৰিছিল ব্ৰিটেইনৰ মেৰী ইভান্সে । মেৰীৰ উদ্দেশ্য আছিল যে মানুহে নিজৰ শৰীৰৰ আকৃতিক লৈ লাজ কৰিব নালাগে আৰু নিজে যেনেকুৱাই দেখাত নহওক কি তেওঁ নিজক তেনেদৰেই গ্ৰহণ কৰিব লাগে । লগতে ডায়েটিঙৰ দ্বাৰা হ'ব পৰা লোকচানৰ বিষয়েও যাতে জ্ঞাত হয় (Obesity problem)।

মেৰী ইভান্স নিজেই এনৰেক্সিয়া সদৃশ ৰোগত আক্ৰান্ত আছিল । এনোৰেক্সিয়া হৈছে এক প্ৰকাৰৰ খাদ্যাভ্যাসৰ বিকাৰ । ইয়াক এনোৰেক্সিয়া নাৰ্ভ’ছা বুলিও কোৱা হয় । এই ৰোগত শৰীৰৰ ওজন বৃদ্ধিৰ আশংকা বৃদ্ধি পায় । এনে পৰিস্থিতিত এজন ব্যক্তিৰ ওজন সম্পৰ্কে ভুল ধাৰণা থাকে আৰু লগতে এনৰেক্সিয়াত আক্ৰান্ত লোকসকলে ভোক নলগাৰ দৰে সমস্যাত ভোগাৰ লগতে নিজৰ ওজন আৰু শৰীৰৰ আকৃতি নিয়ন্ত্ৰণৰ বাবে সকলো প্ৰচেষ্টা কৰে (Healthy lifestyle tips)।

মেৰী ইভান্সে ডায়েট ব্ৰেকাৰ নামৰ এটা সংস্থা আৰম্ভ কৰিছিল আৰু তেওঁৰ সংস্থাৰ জৰিয়তে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ন’ ডায়েট দিৱসৰ আয়োজন কৰিছিল । তেওঁ এনেকুৱা লোকক বুজাব বিচাৰিছিল যিয়ে নিজৰ চেহেৰাৰ যেনে আছে তেনে দৰেই গ্ৰহণ কৰে । সেয়ে শৰীৰৰ আকৃতিক লৈ কেতিয়াও লাজ অনুভৱ নকৰিব । জীৱনটোক আনন্দ আৰু ফুৰ্টিৰে উপভোগ কৰিবলৈ শিকক (health tips)৷

লগতে পঢ়ক: Calcium Rich Foods: গাখীৰ খাই ভাল নাপায় নেকি ? তেন্তে শৰীৰত কেলচিয়ামৰ যোগান ধৰিবলৈ গ্ৰহণ কৰক এই খাদ্য

Last Updated :May 20, 2023, 6:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.