Khalsa Veheer program : বাতিল কৰা হ’ল অমৃতপল সিঙৰ খালছা ৱাহিৰ কাৰ্যসূচী
Published: Mar 19, 2023, 8:47 PM

Khalsa Veheer program : বাতিল কৰা হ’ল অমৃতপল সিঙৰ খালছা ৱাহিৰ কাৰ্যসূচী
Published: Mar 19, 2023, 8:47 PM
পঞ্জাৱৰ শ্ৰীমুক্তসৰ চাহিবৰ টিব্বি চাহিব গুৰুদ্বাৰত জাৰি কৰা হৈছে 144 ধাৰা ৷ ইতিমধ্যে বাতিল কৰা হৈছে ৱাৰিছ পঞ্জাৱ সংগঠনৰ (Waris Punjab organization) মুৰব্বী অমৃতপাল সিঙৰ সকলো কাৰ্যসূচী (Canceled Amritpal Singh’s Khalsa Veheer program) ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে পঞ্জাৱ আৰক্ষীৰ চৰকাৰী মুখপাত্ৰগৰাকীয়ে ৷
নেশ্যনেল ডেস্ক, 19 মাৰ্চ : নিৰাপত্তাৰ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বাতিল কৰা হৈছে শ্ৰীমুক্তসৰ চাহিবৰ টিব্বি চাহাব গুৰুদ্বাৰত অনুষ্ঠিত হ’বলগীয়া অমৃতপল সিঙৰ খালছা ৱাহিৰ কাৰ্যসূচী (Canceled Amritpal Singh’s Khalsa Veheer program) । নিৰাপত্তাৰ খাতিৰত প্ৰশাসনৰ ফালৰ পৰা উক্ত অঞ্চলত জাৰি কৰা হৈছে 144 ধাৰা ৷
মনত কৰিবলগীয়া কথা যে, ৱাৰিছ পঞ্জাৱ সংগঠনৰ (Waris Punjab organization) মুৰব্বী অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে অহৰহ তালাচী অভিযান চলাই আছে ৷ লগতে তেওঁৰ সৈতে জড়িত সকলো কাৰ্যসূচী ইতিমধ্যে বাতিলো কৰা হৈছে ।
উল্লেখ কৰিব পাৰি যে, পঞ্জাৱ আৰক্ষীয়ে শনিবাৰে ৰাজ্যখনত ৰাজ্যজুৰি এক বৃহৎ কৰ্ডন এণ্ড চাৰ্চ অভিযান (Cordon and search operation চমুকৈ CASO) আৰম্ভ কৰে ৷ এই অভিযানতে কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু কৰে পঞ্জাৱ আৰক্ষীয়ে । তথ্য অনুসৰি, এই অভিযানত বৰ্তমান পৰ্যন্ত মুঠ 78 জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে বহুকেইজন লোকক জেৰাৰ বাবে আটক কৰি ৰখা হৈছে ।
পঞ্জাৱ আৰক্ষীৰ চৰকাৰী মুখপাত্ৰই উল্লেখ কৰা মতে, শনিবাৰে বিয়লি জলন্ধৰ জিলাৰ শ্বাহকোট-মালছিয়ান পথত ডব্লিউ পি ডি (ৱাৰিছ পঞ্জাব)ৰ কেইবাটাও কাৰ্যকলাপ আৰক্ষীয়ে বন্ধ কৰি দিয়ে ৷ লগতে আৰক্ষীয়ে 7 জন লোকক গ্ৰেপ্তাৰো কৰে । তেওঁ আৰু কয় যে অমৃতপাল সিঙকে ধৰি আন কেবাজনো লোক ইতিমধ্যে পলাতক হৈ আছে ৷
অপৰাধমূলক গোচৰ : ৰাজ্যিক পৰ্যায়ৰ অভিযানত বৰ্তমানলৈকে এটা 315 ব’ৰ ৰাইফল, 7 টা 12 ব’ৰ ৰাইফল, এটা ৰিভলভাৰ আৰু 373 টা বিভিন্ন কেলিবাৰৰ সজীৱ কাৰ্টিজকে ধৰি 9 টা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে । মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰা মতে ডব্লিউ পি ডিৰ বিৰুদ্ধে আছে সাম্প্ৰদায়িক অশান্তি, হত্যাৰ চেষ্টা, আৰক্ষী কৰ্মীক আক্ৰমণ আৰু ৰাজহুৱা সেৱকক বৈধভাৱে কৰ্তব্য পালন কৰাত বাধা দিয়াৰ গোচৰ ।
তেওঁ আৰু কয় যে আজনলা আৰক্ষী থানাত হোৱা আক্ৰমণৰ ঘটনাৰ বাবে দায়ী ডব্লিউ পি ডি (WPD was responsible for the attack on the Ajnala police station) ।
লগতে পঢ়ক : Operation against Amritpal Singh: সন্ধান নাই অমৃতপালৰ, তীব্ৰতৰ আৰক্ষীৰ অনুসন্ধান
