Kargil Vijay Diwas 2022: দেশজুৰি পালন কাৰ্গিল বিজয় দিৱস

author img

By

Published : Jul 26, 2022, 11:01 AM IST

Kargil Vijay Diwas 2022

প্ৰতিবছৰে ২৬ জুলাইৰ দিনটো দেশজুৰি কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয় (Kargil Vijay Diwas in India)। এই দিনটোতে ভাৰতীয় সেনাই শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সেনাৰ বিৰুদ্ধে "অপাৰেচন বিজয়"ৰ সফল সমাপ্তি ঘোষণা কৰে । শ্ৰীনগৰস্থিত কাৰ্গিল যুদ্ধ স্মাৰকত ব্যাপকভাৱে দিৱসৰ পালন কৰা হৈছে ।

নেশ্যনেল ডেস্ক,২৬ জুলাই : দেশজুৰি মঙলবাৰে পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱসৰ (Kargil Vijay Diwas celebrated in India)। শ্ৰীনগৰস্থিত কাৰ্গিল যুদ্ধ স্মাৰকৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস ব্যাপকভাৱে পালন কৰা হৈছে (Kargil Vijay Diwas celebrated at Kargil War Memorial)। লাডাখৰ দ্ৰাছত সকলোতকৈ বিশাল অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে । সেনাই শ্ৰীনগৰত কাৰ্গিল যুদ্ধৰ সময়ত নিহত সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰিছে । দ্ৰাছৰ যুদ্ধ স্মাৰকত আয়োজিত অনুষ্ঠানটোত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

শ্ৰীনগৰৰ বাদামী বাগ সেনা চাউনিৰ সমীপত যুদ্ধৰ সময়ত নিহত সৈনিকসকলৰ শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে । উক্ত স্থানৰ পৰাই কাৰ্গিল বিজয় শিখাৰ যাত্ৰা আৰম্ভ হ'ব আৰু পিছত ঝিলাম নদীহৈ জিৰো দলংলৈ লৈ যোৱা হ'ব । ইয়াৰ পাছতে বিজয় শিখা শ্ৰীনগৰৰ অসামৰিক প্ৰশাসনক হস্তান্তৰ কৰা হ'ব । ইফালে সন্ধিয়ালৈ দাল হ্ৰদত কাৰ্গিল বিজয় দিৱসৰ আন এক কাৰ্যসূচীও আয়োজন কৰা হ'ব ।

  • कारगिल विजय दिवस हमारे सशस्त्र बलों की असाधारण वीरता, पराक्रम और दृढ़ संकल्प का प्रतीक है। भारत माता की रक्षा के लिए अपने प्राण न्योछावर करने वाले सभी वीर सैनिकों को मैं नमन करती हूं। सभी देशवासी, उनके और उनके परिवारजनों के प्रति सदैव ऋणी रहेंगे। जय हिन्द!

    — President of India (@rashtrapatibhvn) July 26, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে দেশৰ ৰাষ্ট্ৰপতিয়ে বিজয় দিৱসক লৈ বিশেষ টুইট কৰিছে (President of India tweet on Kargil Vijay Diwas)। নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি কয় যে 'কাৰ্গিল বিজয় দিৱস' হৈছে সশস্ত্ৰ বাহিনীৰ অসাধাৰণ বীৰত্বৰ প্ৰতীক আৰু ভাৰত মাতৃৰ সুৰক্ষাৰ বাবে প্ৰাণ দিয়া বীৰ সৈনিকসকলৰ ওচৰত জনসাধাৰণ সদায় ঋণী হৈ থাকিব । বীৰ শ্বহীদ লগতে সাহসী সৈনিকসকলক স্মৰণ কৰি হিন্দী ভাষাত টুইট কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

  • कारगिल विजय दिवस मां भारती की आन-बान और शान का प्रतीक है। इस अवसर पर मातृभूमि की रक्षा में पराक्रम की पराकाष्ठा करने वाले देश के सभी साहसी सपूतों को मेरा शत-शत नमन। जय हिंद! pic.twitter.com/wIHyTrNPMU

    — Narendra Modi (@narendramodi) July 26, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দেশৰ বীৰ সৈনিকসকলক অভিবাদন জনায় আৰু টুইটযোগে এই বিশেষ দিনটো স্মৰণ কৰে (Modi tweet on Kargil Vijay Diwas)। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে কাৰ্গিল বিজয় দিৱস হৈছে 'মা ভাৰতী'ৰ গৌৰৱ আৰু গৌৰৱৰ প্ৰতীক । এই উপলক্ষে মাতৃভূমিৰ প্ৰতিৰক্ষাত বীৰত্বৰ পৰিচয় দিয়া দেশৰ সকলো বীৰ পুত্ৰক প্ৰধানমন্ত্ৰী মোডীয়ে অভিবাদন জনায় ।

ইফালে, জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই সোমবাৰে বিজয় দিৱসৰ প্ৰাকমুহূৰ্তত কাৰ্গিল যুদ্ধৰ শ্বহীদ আৰু নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে আমাৰ মহান ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা সুৰক্ষিত কৰাৰ বাবে মৃত্যু পৰ্যন্ত যুঁজ দিয়া আৰু কাৰ্গিলত থকা মাতৃভূমিৰ বিশেষ অঞ্চল শত্ৰুৰ দখলৰ পৰা উদ্ধাৰ কৰা আমাৰ অমৰ নায়কসকলৰ বীৰত্ব আৰু সাহসক তেওঁ অভিবাদন জনায় ।

উল্লেখ্য যে ১৯৯৯ চনৰ ২৬ জুলাইত ভাৰতীয় সেনাই লাডাখৰ কাৰ্গিলত প্ৰায় তিনি মাহ ধৰি চলি থকা যুঁজৰ অন্তত "অপাৰেচন বিজয়"ৰ সফল সমাপ্তি ঘোষণা কৰে । ভাৰতৰ বিজয়ক স্মৰণ কৰিবলৈ এই দিনটো 'কাৰ্গিল বিজয় দিৱস' হিচাপে পালন কৰা হয় । প্ৰায় তিনি মাহ ধৰি চলি থকা কাৰ্গিল যুদ্ধৰ সময়ত ৫২৭ গৰাকী ভাৰতীয় সৈনিক নিহত হোৱাৰ বিপৰীতে ১,৩৬৩ গৰাকী সৈনিক আহত হৈছিল ।

লগতে পঢ়ক :Management in Ordnance Services: দেশৰ সামৰিক-অৰ্ধসামৰিক বাহিনীৰ প্ৰয়োজনীয়তা পূৰণত ব্যৰ্থ ডিফেন্স অৰ্ডনেন্স ডিপো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.