JP Naddas Son Weeding : জয়পুৰৰ ৰাজমহল পেলেচত জেপি নাড্ডাৰ পুত্ৰৰ ৰাজকীয় বিবাহ অনুষ্ঠান

author img

By

Published : Jan 25, 2023, 5:03 PM IST

JP Nadda

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ কনিষ্ঠ পুত্ৰ হৰিশ নাড্ডাই বুধবাৰে জয়পুৰত বিবাহপাশত আবদ্ধ হয় (JP Naddas son Harish Naddas marriage ceremony) । ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে । এই উপলক্ষে ৰাজমহল প্ৰাসাদত অভ্যৰ্থনা আৰু বৰমালা অনুষ্ঠান অনুষ্ঠিত হৈছে ।

নিউজ ডেস্ক, ২৫ জানুৱাৰী : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ (BJP national president JP Nadda) কনিষ্ঠ পুত্ৰ হৰিশ নাড্ডাই বুধবাৰে জয়পুৰত বিবাহপাশত আবদ্ধ হয়(JP Naddas son Harish Naddas marriage ceremony) । গোলাপী চহৰৰ ৰাজমহল পেলেচ হোটেলত (Rajmahal Palace Hotel of Jaypur) অনুষ্ঠিত হ'বলগীয়া বিবাহ অনুষ্ঠানৰ ভিভিআইপি নিৰাপত্তাৰ মাজত বিশেষ ব্যৱস্থা কৰা হৈছে । জে পি নাড্ডাই বিবাহৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ 23 জানুৱাৰীতে জয়পুৰত গৈ উপস্থিত হৈছে । আনহাতে, তেওঁৰ আত্মীয় আৰু পৰিয়ালৰ সদস্যসকল ইতিমধ্যে আহি উপস্থিত হৈছে ।

হোটেল ব্যৱসায়ী ৰমাকান্ত শৰ্মাৰ জীয়াৰী ৰিদ্ধি শৰ্মা হৰিশৰ জীৱনসংগী হ'ব । মঙলবাৰৰ পৰা জয়পুৰত বিবাহৰ ৰীতি-নীতি আৰম্ভ হৈছে । ২৬ জানুৱাৰীত নাড্ডা পৰিয়ালে নতুন বোৱাৰী ৰিদ্ধিক লগত লৈ জয়পুৰৰ পৰা বিদায় মাগিব । উল্লেখ্য যে জে পি নাড্ডাৰ পৰিয়ালৰ এই বিবাহ কাৰ্যসূচী অতি গোপনীয়কৈ ৰখা হৈছে । জয়পুৰৰ ৰাজমহল প্ৰাসাদত এই সমগ্ৰ কাৰ্যসূচীত প্ৰায় ৫০০ জন লোকৰ বাবে উপস্থিত থকাৰ ব্যৱস্থা কৰা হৈছে ।

জানিব পৰা মতে, জয়পুৰত বিবাহৰ পিছত 28 জানুৱাৰীত হিমাচল প্ৰদেশৰ বিলাসপুৰত এক ডাঙৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব । প্ৰায় ২৫০০ অতিথিকো অভ্যৰ্থনা অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে । দিল্লী, পঞ্জাব, হাৰিয়ানাৰ উপৰি সমগ্ৰ দেশৰ অতিথিসকল অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত হ'ব । ইয়াৰ উপৰি কংগ্ৰেছ, বিজেপি আৰু হিমাচল প্ৰদেশৰ বিধায়কসহ শীৰ্ষ বিষয়াসকলকো অভ্যৰ্থনাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে । নাড্ডা ২৭ জানুৱাৰীত বিলাসপুৰত উপস্থিত হোৱাৰ কথা আছে ।

ইফালে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে জে পি নাড্ডাৰ দ্বিতীয় পুত্ৰ হৰিশৰ বিবাহ অনুষ্ঠানত অংশ ল'বলৈ জয়পুৰত উপস্থিত হৈছে । লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি আৰু কংগ্ৰেছ নেতাৰ উপৰি কেইবাজনো ভিভিআইপিও সন্ধিয়াৰ শেষৰ ফালে জয়পুৰলৈ যাব । ৰাজনীতিবিদসকলৰ উপৰি ব্যৱসায়ী আৰু চেলিব্ৰিটিসকলো জয়পুৰত উপস্থিত হ'ব ।

ৰাজস্থান বিজেপিৰ সভাপতি সতীশ পুনিয়া, ভাৰপ্ৰাপ্ত অৰুণ সিং, সংগঠনৰ সাধাৰণ সম্পাদক চন্দ্ৰশেখৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে, সাংসদ দিয়া কুমাৰী, বিৰোধী দলৰ নেতা গুলাবচান্দ কাটাৰিয়া, উপনেতা ৰাজেন্দ্ৰ ৰাথোৰ, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, ভূপেন্দ্ৰ সিং যাদৱ, অৰ্জুন ৰাম মেঘৱাল, কৈলাস চৌধুৰী, কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্য ওম প্ৰকাশ মাথুৰ, বিধায়ক বাসুদেৱ দেৱনানী, মদন দিলভাৰ, অনিতা মেদেল মেৱাৰ আৰু সাংসদ কিৰদেল মেৱাৰ হৈছে অভ্যাগতসকলৰ ভিতৰত অন্যতম । চিপি যোশী, বালাকনাথ, সুমেদানন্দ সৰস্বতীকে ধৰি বহুতো সাংসদ বিয়াখনত উপস্থিত থাকিব ।

উল্লেখ্য, ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ ৰাজস্থানৰ লগত এক সম্পৰ্ক আছে । হৰিশৰ বিয়াৰ পূৰ্বে তেওঁৰ ডাঙৰ পুত্ৰ গিৰীশো ৰাজস্থানত বিবাহপাশত আবদ্ধ হৈছিল । 2020 চনত পুষ্কৰত অনুষ্ঠিত বিয়াত হনুমানগড়ৰ ব্যৱসায়ী অজয় জিয়ানিয়ে নাড্ডা পৰিয়ালৰ সৈতে সম্পৰ্ক স্থাপন কৰে । জে পি নাড্ডাৰ বৰপুত্ৰ গিৰীশৰ পত্নীৰ নাম প্ৰাচী । বিয়াখন ২০২০ চনত পুষ্কৰ গুলাববাগ প্ৰাসাদত অনুষ্ঠিত হৈছিল ।

জে পি নাড্ডাৰ দ্বিতীয় বিয়ৈ হৈছে জয়পুৰস্থিত হোটেল গ্ৰুপৰ সৈতে সম্পৰ্কিত এজন প্ৰখ্যাত ব্যৱসায়ী ৰমাকান্ত শৰ্মা । তেওঁ প্ৰখ্যাত ব্যৱসায়ী উমা শংকৰ শৰ্মাৰ পুত্ৰ । বুধবাৰে সন্ধিয়া শৰ্মা পৰিয়ালৰ হৈ বৰযাত্ৰীক আদৰণি জনোৱাৰ বাবে এক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । আনহাতে, বিবাহৰ অভ্যৰ্থনা কাৰ্যসূচী সন্ধিয়া ৮ বজাৰ পৰা আৰম্ভ হ'ব । ইয়াৰ পিছত এটা নৈশভোজ হ'ব । কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানীত জয়পুৰ আৰক্ষী আয়ুক্তালয়ৰ দ্বাৰা ব্যাপক নিৰাপত্তা ব্যৱস্থাও কৰা হৈছে ।

লগতে পঢ়ক :74th Republic Day Celebration : গণৰাজ্য দিৱসত ৯০১ গৰাকীলৈ আৰক্ষী পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.