Journalists Threat Case: জম্মু আৰু কাশ্মীৰৰ সাংবাদিকলৈ ভাবুকি, বহুকেইটা স্থানত আৰক্ষীৰ তালাচী

author img

By

Published : Nov 25, 2022, 8:16 AM IST

Journalists Threat Case  Police carries out searches at seven places

১২ নৱেম্বৰত 'দ্য কাশ্মীৰ ফাইট' ব্লগৰ জৰিয়তে জম্মু আৰু কাশ্মীৰৰ সাংবাদিকসকলক দিয়া ভাবুকিৰ সন্দৰ্ভত ৰুজু হৈছিল গোচৰ ৷ গোচৰৰ ওপৰত ভিত্তি কৰিয়েই এই ঘটনাৰ লগত জড়িতসকলৰ সন্ধানত শ্ৰীনগৰ আৰক্ষীয়ে উপত্যকাটোৰ সাতটাকৈ স্থানত চলালে অভিযান ৷

নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ: জম্মু আৰু কাশ্মীৰৰ একাংশ সাংবাদিকলৈ অনলাইনযোগে অহা ভাবুকিৰ পাছতে ৰুজু কৰা গৈছিল গোচৰ (Threat to journalists in J K) ৷ এই গোচৰৰ ওপৰত ভিত্তি কৰিয়েই ঘটনাৰ লগত জড়িতসকলৰ সন্ধানত শ্ৰীনগৰ আৰক্ষীয়ে উপত্যকাটোৰ সাতটাকৈ স্থানত চলালে অভিযান ৷ শ্ৰীনগৰ, বুডগাম আৰু পুলৱামাৰ ৭টা স্থানত আৰক্ষীয়ে চলাইছিল এই অভিযান (JK Police raids multiple locations) ।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, সাংবাদিকসকললৈ অনলাইনযোগে অহা ভাবুকিৰ গোচৰক লৈ কৰা তদন্ত আৰু ১৯ নৱেম্বৰ তাৰিখৰ পাছত কৰা অনুসন্ধানৰ পৰা পোৱা বিশেষ তথ্যৰ ভিত্তিত শুকুৰবাৰে আৰক্ষীৰ বিশেষ দলকেইটাই শ্ৰীনগৰ, বুডগাম আৰু পুলৱামা জিলাৰ সাতটাকৈ স্থানত একে সময়তে অভিযান চলোৱা হৈছিল ।

আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে শ্ৰীনগৰৰ শ্বোকত ম’টা আৰু খাকছাৰ নাদীব আদনান, শ্ৰীনগৰ আৰু পাম্পোৰৰ হাজী হায়াটৰ কাৰ্যালয়, বুদগামত ইচফাক ৰেছি, আচিফ দ’ৰ (Based abroad) আৰু শ্ৰীনগৰৰ চাকিব মাগলুৰত চলাইছিল অভিযান । এই অভিযানকালত সন্দেহৰ ভিত্তিত বহুকেইজন লোকক সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰে ৷ অৱশ্যে, পূৰ্বে চলোৱা অভিযানকালত সোধা-পোছাৰ বাবে আটক কৰা একাংশকো দৈনিক ভিত্তিত স্থানীয় আৰক্ষী থানালৈ মাতি অনা হৈছিল ।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, অভিযানৰ সময়চোৱাত সকলো আইনগত আনুষ্ঠানিকতাৰ লগতে চৰকাৰী এছ অ’ পিসমূহ পালন কৰা হৈছিল ৷ অভিযানকাৰী দলসমূহে অভিযান কালত উদ্ধাৰ কৰা মোবাইল, কম্পিউটাৰ, লেপটপ, পেনড্ৰাইভ, চিমকাৰ্ড, জিহাদী সম্পৰ্কীয় গ্ৰন্থ, বেঙ্ক সম্বন্ধীয় নথিপত্ৰ, ডামি বন্দুক, আমেৰিকা আৰু ৰাছিয়াৰ টকা আদি জব্দ কৰিছিল ।

উক্ত গোচৰটোৰ সন্দৰ্ভত ক্ষিপ্ৰতাৰে তদন্ত চলাই থকাৰ কথা উল্লেখ কৰি এই তদন্তই চুড়ান্ত পৰ্যায়ত উপস্থিত হোৱা বুলি জনালে আৰক্ষীৰ সূত্ৰই । লগতে শ্ৰীনগৰ আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত সাধাৰণ ৰাইজক আৰক্ষীৰ সৈতে সহযোগিতা কৰিবলৈ জনাইছে আহ্বান ৷ লগতে এই গোচৰটোৰ সৈতে প্ৰাসংগিক যিকোনো তথ্য থাকিলে সেয়া আৰক্ষীক অৱগত কৰিবলৈ সকলোকে অনুৰোধ জনোৱা হৈছে ।

লগতে পঢ়ক: Tense situation in Shillong: শ্বিলঙত উত্তেজিত জনতাই জ্বলালে আৰক্ষীৰ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.